প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সেনা দিৱস উপলক্ষে ভাৰতীয় সেনা জোৱানসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 JAN 2022 9:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  সেনা দিৱস উপলক্ষে ভাৰতীয় সেনা জোৱানসকলক শুভেচ্ছা জনাইছে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সেনা দিৱস উপলক্ষে বিশেষকৈ আমাৰ সাহসী সেনা জোৱান, শ্রদ্ধাৰ প্রাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ্গৰ প্রতি শুভকামনা জনাইছো। ভাৰতীয় সেনাবাহিনীক তেওঁলোক সাহসিকতা আৰু পেশাদাৰিত্বৰ বাবে সৰ্বজনবিদিত। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্রত ভাৰতীয় সেনাবাহিনীৰ অমূল্য অৱদান শব্দৰে প্রকাশ কৰিব নোৱাৰি।

ভাৰতীয় সেনাকর্মীসকলে চৰম প্রতিকূল পৰিৱেশত দেশৰ সেৱা কৰিছে আৰু প্রাকৃতিক দুর্যোগকে ধৰি মানৱীয় সংকটৰ সময়ত সদায় নাগৰিকসকলক সহায় আগবঢ়াই আহিছে৷ বিদেশত শান্তিৰক্ষা অভিযানসমূহতো সেনাবাহিনীয়ে পালন কৰা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে ভাৰতে গৌৰৱবোধ কৰে।”

***

DS/SH/DB


(रिलीज़ आईडी: 1790315) आगंतुक पटल : 221
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam