প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘পৰীক্ষা পে চৰ্চা, ২০২২’ৰ অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 JAN 2022 7:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে ‘পৰীক্ষা পে চৰ্চা, ২০২২’ শীৰ্ষক অনুষ্ঠানৰ সন্দৰ্ভত সদৰি কৰাৰ লগতে ইয়াত পঞ্জীয়নৰ বাবে আহ্বান জনায়৷ তেওঁ কয় যে এই পদক্ষেপে তেওঁক আমাৰ গতিশীল যুৱক-যুৱতীসকলৰ সৈতে সংযোগ হোৱাৰ আৰু তেওঁলোকৰ প্ৰত্যাহ্বান আৰু আকাংক্ষাসমূহক ভালদৰে জনাৰ সুযোগ প্ৰদান কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “পৰীক্ষাসমূহৰ সমান্তৰালভাৱে ‘পৰীক্ষা পে চৰ্চা, ২০২২’ কাৰ্যসূচীও ওচৰ চাপি আহিছে৷ আহক, আমি সকলোৱে চাপমুক্ত পৰীক্ষাৰ সন্দৰ্ভত চৰ্চা কৰো আৰু পুনৰ আমাৰ সাহসী #ExamWarriors, তেওঁলোকৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে সহযোগ কৰো৷ মই আপোনালোক সকলোকে চলিত বৰ্ষৰ #PPC2022 ৰ বাবে পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনালো৷

ব্যক্তিগতভাৱে ‘পৰীক্ষা পে চৰ্চা’ শিকাৰ এক সুন্দৰ অভিজ্ঞতা৷ এই কাৰ্যসূচীয়ে মোক আমাৰ উদীয়মান যুৱক-যুৱতীসকলৰ সৈতে সংযোগ হোৱা আৰু তেওঁলোকৰ প্ৰত্যাহ্বান আৰু আকাংক্ষাসমূহ ভালদৰে বুজি পোৱাৰ সুযোগ দিয়ে৷ এই কাৰ্যসূচীয়ে বিশ্বৰ শিক্ষা ব্যৱস্থাৰ প্ৰচলিত ব্যৱস্থাক জনাৰো সুযোগ প্ৰদান কৰে৷#PPC2022"

***

DS/SH/DB


(Release ID: 1790303) Visitor Counter : 175