প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড টিকাকৰণ অভিযানৰ ১৫০ কোটিৰ মাইলৰ খুঁটি অতিক্ৰমৰ বাবে নাগৰিকসকলক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 07 JAN 2022 9:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড টিকাকৰণ অভিযানৰ ১৫০ কোটিৰ মাইলৰ খুঁটি অতিক্ৰমৰ বাবে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰিছে। তেখেতে লগতে কয় যে আমাৰ টিকাকৰণ অভিযান সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি থকা সকলোৰে ওচৰত ভাৰত কৃতজ্ঞ।

এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"টিকাকৰণৰ ক্ষেত্ৰত এটি উল্লেখযোগ্য দিন! ১৫০ কোটিৰ মাইলৰ খুঁটি অতিক্ৰমৰ বাবে আমাৰ নাগৰিকসকলক অভিনন্দন জনাইছো। আমাৰ টিকাকৰণ অভিযানে বহু জীৱন ৰক্ষা কৰাটো নিশ্চিত কৰিছে। একে সময়তে, আমি ক’ভিড-১৯ সম্পৰ্কীয় আটাইবোৰ প্ৰট’কলো মানি চলো আহক।

আমাৰ টিকাকৰণ অভিযানক সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি থকা সকলোৰে ওচৰত ভাৰত কৃতজ্ঞ। আমি আমাৰ চিকিৎসক, বিজ্ঞানী, উদ্ভাৱক আৰু লোকসকলক টিকাকৰণ কৰা স্বাস্থ্য সেৱা কৰ্মীসকলক ধন্যবাদ জনাইছো। মই যোগ্য সকলোকে তেওঁলোকৰ পালি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। একেলগে, ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিওঁ আহক।"

***

DS/SH/SB



(Release ID: 1789843) Visitor Counter : 126