প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তামিল নাডুত ক্ৰীড়া-ক্ষেত্ৰত যুৱ-প্ৰজন্মক উত্সাহিত কৰাত লোৱা ভূমিকাৰ বাবে কে চি গণপথী আৰু বৰুণ থক্কৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

Posted On: 07 JAN 2022 10:11AM by PIB Guwahati

তামিল নাডুত ‘মীট দা চেম্পিয়ণ’ কাৰ্যক্ৰমৰ অধীনত ক্ৰীড়াৰ লগতে শাৰীৰিক সুস্থতাৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মক উত্সাহিত কৰাত লোৱা ভূমিকাৰ বাবে কে চি গণপথী আৰু বৰুণ থক্কৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূয়সী প্ৰশংসা কৰিছে।

পিআইবি তামিল নাডু-ৰ এক টুইট-ৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়;

“তামিল নাডুত প্ৰতিভাধৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত কে চি গণপথী আৰু @বৰুণ থক্কৰ ১০০-য়ে উল্লেখনীয় ভূমিকা পালন কৰিছে।

মই নিশ্চিত যে এনে প্ৰয়াসে ক্ৰীড়াৰ লগতে শাৰীৰিক সুস্থতা সম্পৰ্কীয় প্ৰসংগসমূহৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিব”।

 

***

DS/SH/KB



(Release ID: 1788858) Visitor Counter : 145