প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰানসীত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তোলাৰ লগতে কৃষক ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰয়াস, ‘বনাছ ডেইৰী সংকুল’-ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

উত্তৰ প্ৰদেশৰ ২০লাখ আবাসীক প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰিলে আবাসীয় মালিকী স্বত্বৰ নথি- ‘ঘৰৌনী’

বাৰনসীত ১৫০০কোটি টকা বিনিয়োগৰে ৰূপায়িত প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

‘কিষাণ দিৱস’ত চৌধুৰী চৰণ সিঙলৈ শ্ৰদ্ধাৰ্ঘ্য

“ভাৰতৰ দুগ্ধজাত সামগ্ৰী উত্পাদন খণ্ডৰ সবলীকৰণ হৈছে আমাৰ চৰকাৰৰ অন্যতম অগ্ৰধিকাৰ প্ৰদানকাৰী ক্ষেত্ৰ”

“গৰু-ম’হক লৈ ধেমালী কৰা সকলে পাহৰি যায় যে দেশৰ ৮কোটি পৰিয়ালৰ জীৱিকা চলে এই সমূহ পশুধনৰে”

“আজিৰ তাৰিখত উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে অধিক দুগ্ধ উত্পাদনকাৰী ৰাজ্যই কেৱল নহয়, দুগ্ধজাত সামগ্ৰী উত্পাদন খণ্ডৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰটো সকলোৰে আগত আছে”

“দুগ্ধজাত সামগ্ৰী, পশুপালন আৰু ‘শ্বেত বিপ্লৱ’ৰ ক্ষেত্ৰত নতুন উত্থানে কৃষক ৰাইজৰ জীৱনৰ ৰূপান্তৰ সাধনত বৃহত্ ভূমিকা পালন কৰিছে”

“আই বসুন্ধৰাক পুনৰ-উৰ্বৰা কৰি তোলাৰ বাবে, ভূমি-সংৰক্ষণ কৰাৰ বাবে, নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে আমি আকৌ এবাৰ প্ৰাকৃতিক কৃষি পৰম

Posted On: 23 DEC 2021 3:11PM by PIB Guwahati

বাৰনসীৰ কাৰখিয়াওঁত থকা ‘উত্তৰ প্ৰদেশ ঔদ্যোগিক উন্নয়ণ প্ৰাধিকৰণ’ৰ ‘খাদ্য উদ্যান’ত ‘বনাছ ডেইৰী সংকুল’ৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ৩০ একৰ জোৰা ভূমিত স্থাপন কৰিব খোজা দুগ্ধজাত সামগ্ৰী উত্পাদন পামখন প্ৰায় ৪৭৫কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা হ’ব। ইয়াত প্ৰতিদিনে ৫ লাখ লিটাৰ গাখীৰৰ সংসাধনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বনাছ ডেইৰী’ৰে সংযোজিত হৈ থকা ১.৭ লাখৰো অধিক দুগ্ধ উত্পাদকক তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে প্ৰায় ৩৫ কোটি টকাও বোনাছ হিচাপে ডিজিটেল মাধ্যমেৰে হস্তান্তৰিত কৰে। প্ৰধানমন্ত্ৰীয়ে বাৰানসীৰ ৰামগড়স্থিত ‘দুগ্ধ উত্পাদক সমবায় সংস্থা’ৰ প্ৰকল্পত এটা জৈৱ-গোছ ভিত্তিক বিদ্যুত উত্পাদন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। তেওঁ ‘ভাৰতীয় মানক ব্যুৰো’(বিআইএছ)য়ে ‘ৰাষ্ট্ৰীয় দুগ্ধজাত সামগ্ৰী বিকাশ ব’ৰ্ড’(এনডিডিবি)ৰ সহযোগিতাৰে বিকশিত কৰা আৰু দুগ্ধজাত সামগ্ৰীৰ ‘কনফৰ্মিটী এছেছমেণ্ট স্কীম’ৰ নামত উত্সৰ্গিত এটা ‘প’ৰ্টেল’ আৰু ইয়াৰ প্ৰতীকটোও আনুষ্ঠানিক ভাবে উন্মোচন কৰে।

ইফালে, তৃণমূল পৰ্যায়ত অব্যাহত থকা মালিকীস্বত্ব সম্পৰ্কীয় সমস্যাৰ পয়োভৰ হ্ৰাস কৰাৰ লক্ষ্যৰে কৰা আন এক প্ৰয়াস হিচাপে কেন্দ্ৰীয় চৰকাৰৰ ‘পঞ্চায়তীৰাজ মন্ত্ৰালয়ে’ ৰূপায়ণ কৰা ‘স্বামিত্ব আঁচনি’ৰ আধাৰত উত্তৰ প্ৰদেশৰ গ্ৰামীণ এলেকাৰ ২০ লাখ আৱাসীলৈ ‘ভাৰ্চুৱেল’ পদ্ধতিৰে ‘আৱাসীয় অধিকাৰ সম্পৰ্কীয় নথি’- ‘ঘৰৌনী’ বিতৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে ১৫০০ কোটিৰো অধিক টকা মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পিচত ৩৬০ডিগ্ৰী ৰূপত হোৱা বাৰনসীৰ ৰূপান্তৰে আৰু অধিক শক্তি লাভ কৰিব বুলি আশা কৰা হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ‘কিষাণ দিৱস’ উপলক্ষে চৌধুৰী চৰণ সিঙলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে। তেওঁ কয়, “ভাৰতৰ দুগ্ধজাত সামগ্ৰী উত্পাদন খণ্ডৰ সবলীকৰণ হৈছে আমাৰ চৰকাৰৰ অন্যতম অগ্ৰধিকাৰ প্ৰদানকাৰী ক্ষেত্ৰ। গৰু-মহক লৈ ধেমালী কৰা সকলে পাহৰি যায় যে দেশৰ ৮কোটি পৰিয়ালৰ জীৱিকা চলে এই সমূহ পশুধনৰে”।

“উত্তৰ প্ৰদেশ আজিৰ তাৰিখত দেশৰ ভিতৰতে অধিক দুগ্ধ উত্পাদনকাৰী ৰাজ্যই কেৱল নহয়, দুগ্ধজাত সামগ্ৰী উত্পাদন খণ্ডৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰটো সকলোৰে আগত আছে” বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

 

তেওঁ কয়, “দুগ্ধজাত সামগ্ৰী, পশুপালন আৰু স্বেত বিপ্লৱৰ ক্ষেত্ৰত নতুন উত্থানে কৃষক ৰাইজৰ জীৱনৰ ৰূপান্তৰ সাধনত বৃহত্ ভূমিকা পালন কৰিছে। আই বসুন্ধৰাক পুনৰ-উৰ্বৰা কৰি তোলাৰ বাবে, ভূমি-সংৰক্ষণ কৰাৰ বাবে, নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে আমি আকৌ এবাৰ প্ৰাকৃতিক কৃষি পৰম্পৰালৈ উভতি যাবই লাগিব, এয়া আজিৰ সময়ৰ আহ্বান” বুলিও অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

 

প্ৰসংগক্ৰমে, “বাৰানসীয়ে দ্ৰুতগতিৰে উন্নয়ণৰ আদৰ্শ হ’বলৈ আগবাঢ়িছে আৰু নতুন প্ৰকল্পসমূহে বাৰানসীৰ ৰাইজৰ বাবে অভুতপূৰ্ব স্বাচ্ছন্দ্য আৰু সুবিধাৰ সৃষ্টি কৰিছে” বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে।

অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডেও উপস্থিত থাকে।

 

***

DS/AK/KB



(Release ID: 1785463) Visitor Counter : 143