প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তেলেগু কথাছবিৰ প্ৰসিদ্ধ গীতিকাৰ ছিৰিভেন্নেলা সীতাৰামা শাস্ত্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 30 NOV 2021 8:20PM by PIB Guwahati

তেলেগু কথাছবিৰ প্ৰসিদ্ধ গীতিকাৰ, পদ্মশ্ৰী বঁটা প্ৰাপক ছিৰিভেন্নেলা সীতাৰামা শাস্ত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“যশস্বী ছিৰিভেন্নেলা সীতাৰামা শাস্ত্ৰীৰ মৃত্যুৰ বতৰাই ব্যথিত কৰিছে। অসাধাৰণ কাব্য-প্ৰতিভা আৰু বহুমুখী দক্ষতা তেওঁৰ কৰ্মৰাজীত বাৰুকৈয়ে প্ৰতিভাত হৈছিল। তেলেগু ভাষাৰ জনপ্ৰিয়কৰণৰ বাবে তেওঁ বহু পদক্ষেপ গ্ৰহণ কৰিছিল। দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি”!

 

*****

DS/SH/KB



(Release ID: 1779222) Visitor Counter : 126