কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

২০১৪-১৫ৰ পৰা ২০২০-২১ৰ কপাহৰ বতৰ(অক্টোবৰৰ পৰা ছেপ্টেম্বৰলৈ)ত এমএছপি অভিযানৰ বাবদ হোৱা ক্ষতি পূৰণৰ বাবে আদায় দিবলগীয়া ব্যয়ৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন


২০১৪-১৫ৰ পৰা ২০২০-২১ৰ কপাহ বতৰৰ বাবে ভাৰতীয় কপাহ নিগম(চিচিআই)লৈ আগবঢ়াব খোজা ১৭,৪০৮.৮৫কোটি টকাৰ সহযোগিতা পুঁজিলৈ কেবিনেটৰ অনুমোদন

Posted On: 10 NOV 2021 3:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকে আজি ভাৰতীয় কপাহ নিগম(চিচিআই)লৈ ২০১৪-১৫ৰ পৰা ২০২০-২১(৩০-০৯-২০২১লৈকে) কপাহৰ বতৰছোৱাৰ বাবে দায়বদ্ধ সমৰ্থন মূল্য ৰূপত ১৭,৪০৮.৮৫কোটি টকাৰ পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

কপাহৰ মূল্যই যিহেতু ন্যূনতম সমৰ্থন মূল্য(এমএছপি) স্পৰ্শ কৰিছিল সেয়ে ২০১-১৫ৰ পৰা ২০২০-২১ৰ কপাহৰ বতৰছোৱাৰ বাবে কপাহ খেতিয়কসকলক সুৰক্ষা দিয়াৰ লক্ষ্যৰে মূল্য সমৰ্থিত অভিযান ব্যৱস্থা কৰা হৈছিল। এই ব্যৱস্থাৰ প্ৰচলনে দেশৰ অৰ্থনৈতিক কৰ্মকাণ্ডত কপাহ খেতিয়কসকলৰ সমাৱেশিত অন্তৰ্ভুক্তিৰ পৰিসৰ বৃদ্ধি কৰিছিল। মূল্য সমৰ্থিত অভিযানে কপাহৰ মূল্য সুস্থিৰে ৰখাৰ লগতে দুৰ্দশাগ্ৰস্ত খেতিয়কসকলৰ অৱস্থা উন্নত কৰাত সহায় কৰিছিল।

কপাহ অন্যতম গুৰুত্বপূৰ্ণ নগদী শস্য হোৱাৰ লগতে দেশৰ ৫৮লাখ কপাহ খেতিয়কক বহণক্ষম জীৱিকাৰ সন্ধান দিয়াৰ উপৰি কপাহৰ সংসাধান-বিপণনৰ দৰে কৰ্ম-কাণ্ডৰে জড়িত ৪০০ৰ পৰা ৫০০লাখ লোককো উপকৃত কৰি আহিছে।

 

*****

DS/SKS/KB



(Release ID: 1771937) Visitor Counter : 167