প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভূপালৰ পুনৰনিৰ্মিত ৰাণী কমলাপতি ৰে’লৱে ষ্টেচন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
উজ্জয়ন আৰু ইণ্ডোৰৰ মাজত নতুন মেমু ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
মধ্যপ্ৰদেশত একাধিক ৰে’ল আঁচনিৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
14 NOV 2021 4:07PM by PIB Guwahati
১৫ নৱেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি তিনি বজাত পুনৰনিৰ্মিত ৰাণী কমলাপতি ৰে’লৱে ষ্টেচন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷
পুনৰনিৰ্মিত ৰাণী কমলাপতি ৰে’ল ষ্টেচন গোং সাম্ৰাজ্যৰ সাহসী তথা নিৰ্ভীক ৰাণী কমলাপতিৰ নামত নামকৰণ কৰা হৈছে, যিটো মধ্যপ্ৰদেশৰ প্ৰথমটো বিশ্বমানৰ ৰে’ল ষ্টেচন হিচাপে পৰিগণিত হ’ব৷ চৰকাৰী বে-চৰকাৰী অংশীদাৰিত্ব(পিপিপি) আৰ্হিৰে পুনৰনিৰ্মাণ কৰা এই ষ্টেচনটো অত্যাধুনিক বিশ্বমানৰ সা-সুবিধাৰে এক পৰিৱেশ অনুকূল কৰি তোলা হৈছে, য’ত দিব্যাংগসকলেও সহজে চলাচল কৰিব পাৰে৷ এই ষ্টেচন সংহত বহুসুবিধাবিশিষ্ট পৰিবহণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হৈছে৷
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গজ পৰিৱৰ্তন আৰু বৈদ্যুতিক ইঞ্জিনেৰে চালিত উজ্জয়ন-ফাটেহাবাদ চন্দাৱতীগঞ্জ ব্ৰ’জ গজ অংশ, ভূপাল-বৰখেৰা অংশৰ গজ পৰিৱৰ্তন আৰু মাথেলা-নিমাৰ খেৰী ব্ৰ’ড গজ পৰিৱৰ্তন অংশ আৰু গুনা-গোৱালিয়ৰ বিদ্যুতীকৰণৰ তৃতীয় অংশ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ প্ৰধানমন্ত্ৰীয়ে উজ্জয়ন-ইন্দোৰ আৰু ইণ্ডোৰ-উজ্জয়নৰ মাজত চলিব লগা দুখন নতুন মেমু ৰে’লৰো ফ্লেগ অফ কৰিব৷
*****
DS/AKJ/AK/DB
(Release ID: 1771906)
Visitor Counter : 169
Read this release in:
English
,
Gujarati
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam