প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতত ১০০ কোটি ভেচকিন ড’জ প্ৰদান উপলক্ষে বিশ্ব নেতৃবৃন্দই জনোৱা শুভেচ্ছাৰ ধন্যবাদ জ্ঞাপন প্রধানমন্ত্রীৰ

Posted On: 21 OCT 2021 10:01PM by PIB Guwahati

ভাৰতত ১০০ কোটি ভেকচিন ড’জ প্ৰদান উপলক্ষে বিশ্ব নেতৃবৃন্দই জনোৱা শুভেচ্ছাৰ বাবে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সকলোকে ধন্যবাদ জনায়৷

টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে ভুটানৰ প্রধানমন্ত্রীক কয়, “এই ঐতিহাসিক মুহুর্তত আপোনাৰ শুভেচ্ছাৰ বাবে বহুত ধন্যবাদ লোনছেন ড০ লোটে শ্বেৰিং। ভুটানৰ সৈতে আমাৰ নিবিড় বন্ধুত্ব আছে! ভাৰতে এই অঞ্চলৰ লগতে সমগ্ৰ বিশ্বত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

 

শ্রীলংকাৰ ৰাষ্ট্রপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীয়ে কয়, “মোৰ বন্ধু @PresRajapaksa, শেহতীয়াকৈ কুশীনগৰত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত শ্রীলংকাৰ পৰা প্রথম বিমান অহা আৰু আমাৰ নিজ নিজ দেশত টিকাকৰণ অভিযানৰ জৰিয়তে বৈচিত্রপূর্ণ বন্ধুত্বৰ সম্পর্ক আৰু অধিক দৃঢ় হ’ব আৰু আমাৰ জনসাধাৰণৰ মাজত ভ্রাতৃত্বপূৰ্ণ মত বিনিময় বৃদ্ধি হ’ব।”

 

মালদ্বীপৰ ৰাষ্ট্রপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীয়ে কয়, “ৰাষ্ট্রপতি @ibusolih, আপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ। মালদ্বীপত টিকাকৰণ অভিযানৰ অগ্রগতি দেখি মই অতিশয় আনন্দিত হৈছো। প্রতিবেশী আৰু ভাল বন্ধু হিচাপে ক’ভিড-১৯ৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ বাবে আমাৰ অংশীদাৰিত্ব সফল হৈছে।”

 

ইজৰাইলৰ প্রধানমন্ত্রীৰ টুইটৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীয়ে কয়, “প্রধানমন্ত্রী @naftalibennett, আপোনাৰ সৌহার্দ্যপূর্ণ বক্তব্যৰ বাবে ধন্যবাদ। ভাৰতীয় বৈজ্ঞানিক, স্বাস্থ্যকর্মী আৰু উদ্ভাৱক, যিসকলে তেওঁলোকৰ ইজৰাইলী বন্ধুসকলৰ সৈতে জ্ঞানভিত্তিক কৌশলগত অংশীদাৰিত্বৰ ভেটি গঢ়ি তুলিছে, তেওঁলোকৰ বাবেই এই মাইলৰ খুঁটিত উপনীত হ’ব৷”

 

মালাৱীৰ ৰাষ্ট্রপতিৰ টুইটৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীয়ে কয়, “#VaccineCentury অতিক্রম কৰাত ভাৰতক শুভেচ্ছা জনোৱাৰ বাবে @LAZARUSCHAKWERA-আপোনাক বহুত ধন্যবাদ জনাইছো। এই মহামাৰীৰ বিৰুদ্ধে যুঁজত ভেকচিনৰ সহজলভ্যতা গুৰুত্বপূর্ণ বিষয়। আমি একেলগে আছো৷”

****

DS/SH/DB



(Release ID: 1766515) Visitor Counter : 116