প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চুৰাটৰ সৌৰাষ্ট্র পেটেল সেৱা সমাজে নিৰ্মাণ কৰা ছাত্রাবাসৰ প্রথম পর্যায়ৰ ভূমিপুজনত অংশ ল’লে প্রধানমন্ত্রীয়ে


গুজৰাটবাসীৰ সেৱাৰ মানসিকতাৰ প্রশংসা প্ৰধানমন্ত্ৰীৰ

আমি চর্দাৰ পেটেলৰ আদর্শ অনুসৰণ কৰিব লাগিব আৰু আমি দেশক ভাল পাব লাগিব, সেইদৰে পাৰস্পৰিক ভালপোৱা আৰু সহযোগিতাৰ জৰিয়তে আমি ভাগ্য স্থিৰ কৰিব লাগিব

অমৃতকালে আমাক সেই সকলো মহান ব্যক্তিৰ কথা মনত পেলাই দিয়ে, যিসকলে সজাগতা সৃষ্টি কৰাত বৃহৎ ভূমিকা লৈছিল; বর্তমান প্রজন্মক এই মহান ব্যক্তিত্বৰ সম্পর্কে জনোৱাটো অতি প্ৰয়োজন

দেশে এতিয়া আধুনিক সম্ভাৱনাৰ সৈতে পৰম্পৰাগত দক্ষতাৰ যোগসূত্র স্থাপন কৰিছে

‘সবকা সাথ, সবকা বিকাশ’ – এই মন্ত্রৰ ক্ষমতা কিমান, সেয়া আমি গুজৰাটৰ পৰাই জানিব পাৰিছো

ক’ৰোনাৰ কঠিন সময় পাৰ কৰি অর্থ ব্যৱস্থাত যি গতি সঞ্চাৰিত হৈছে সেই ক্ষেত্ৰত সমগ্র বিশ্বই ভাৰতক লৈ অত্যন্ত আশাবাদী

Posted On: 15 OCT 2021 12:05PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে চুৰাটৰ সৌৰাষ্ট্র পেটেল সেৱা সমাজে নিৰ্মাণ কৰা ছাত্রাবাসৰ প্রথম পর্যায়ৰ ভূমিপুজন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

এই উপলক্ষে এক অনুষ্ঠানত প্রধানমন্ত্রীয়ে গুজৰাটবাসীৰ মানসিকতাৰ প্রশংসা কৰি কয় যে তেওঁৰ বাবে এইটো অতি গৌৰৱৰ বিষয় যে সামাজিক উন্নয়নৰ কামত গুজৰাটে সদায়েই অগ্রণী ভূমিকা লৈ আহিছে। চৰ্দাৰ পেটেলৰ কথা স্মৰণ কৰি প্রধানমন্ত্রীয়ে কয় যে এই মহান নেতাগৰাকীয়ে এই বিষয়ে জোৰ দিছিল যে ৰাষ্ট্ৰৰ উন্নয়নৰ কামত জাতি আৰু ধর্ম যাতে বাধাৰ কাৰণ নহয়৷ চৰ্দাৰ পেটেলৰ উদ্ধৃত দি প্রধানমন্ত্রীয়ে কয়, “আমি সকলোৱেই ভাৰতৰ সন্তান৷ সেয়েহে, আমি সকলোৱেই দেশক ভালপাও৷ সেইদৰে পাৰস্পৰিক ভালপোৱা আৰু সহযোগিতাৰ জৰিয়তে নিজৰ ভাগ্য নির্ধাৰণ কৰিব।”

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে বর্তমান স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদযাপন কৰিছে। নতুন সংকল্প গ্রহণৰ লগতে অমৃতকালৰ এই সময়ে আমাক সেই সকলো মহান ব্যক্তিৰ কথা স্মৰণ কৰিবলৈ প্রেৰণা যোগাই যিসকলে জনসজাগতা সৃষ্টি কৰাত বৃহৎ ভূমিকা লৈছিল৷ সেয়েহে, এই মহান ব্যক্তিসকলৰ সম্পর্কে বর্তমান প্রজন্মক জনোৱাটো অতি জৰুৰী বুলি তেওঁ মত প্রকাশ কৰে৷

প্রধানমন্ত্রীয়ে বল্লভ বিদ্যানগৰৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় যে এই স্থান এনেদৰে গঢ়ি তোলা হৈছে, যাতে শিক্ষাক আৰু অধিক প্ৰসাৰ কৰিব পৰা যায় আৰু গ্রামোন্নয়নৰ কাম আৰু অধিক ত্বৰান্বিত কৰিব পাৰি৷ মুখ্যমন্ত্রী হিচাপে গুজৰাটৰ সেৱা কৰাৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দৰে এজন ব্যক্তি, যিজনৰ ৰাজনীতিৰ কোনো ধর্ম নাই, তেওঁ ২০০১চনত এই ৰাজ্যৰ সেৱা কৰাৰ জৰিয়তে জনসাধাৰণৰ আশীর্বাদ লাভ কৰিছিল৷ তেওঁ সাধাৰণ মানুহৰ আশীর্বাদৰ ক্ষমতাৰ প্রসংগ উল্লেখ কৰি কয় যে তেওঁলোকৰ এই আশীর্বাদে তেওঁক প্রথমে গুজৰাট ৰাজ্য আৰু পৰৱর্তী সময়ত সমগ্ৰ দেশৰ জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ দিছে। বিগত দুইদশক কোনো প্ৰতিদ্বন্দ্বী অবিহনে তেওঁ দেশৰ জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ লাভ কৰা বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে “সবকা সাথ, সবকা বিকাশ’ৰ ক্ষমতা কিমান, সেয়া তেওঁ গুজৰাটৰ পৰাই জানিছে৷” এটা সময় আছিল যেতিয়া গুজৰাটত ভাল বিদ্যালয়ৰ অভাৱ আছিল। গুণগত শিক্ষাৰ বাবে শিক্ষকৰ সংখ্যাও আছিল সীমিত। তেওঁ ৱগতে সাধাৰণ জনতাক লৈ কিদৰে এই সমস্যাৰ সমাধান কৰেছিল, সেই বিষয়েও সদৰি কৰে৷

প্রধানমন্ত্রীয়ে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত মাতৃভাষাত বৃত্তিমুলক পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা আছে। এতিয়া পঢ়া-শুনা কেৱল ডিগ্ৰী অর্জনৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ শিক্ষা ব্যৱস্থাৰ সৈতে দক্ষতাকো অন্তর্ভুক্ত কৰা হৈছে৷ দেশে এতিয়া আধুনিক সম্ভাৱনাসমূহৰ সৈতে পৰম্পৰাগত দক্ষতাৰ যোগসূত্র স্থাপন কৰিছে।

মহামাৰীৰ পৰিপ্রেক্ষিতত আৰ্থিক ব্যৱস্থাৰ শক্তিশালী পুনৰুদ্ধাৰৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ক’ৰোনাৰ কঠিন সময় অতিবাহিত হোৱাৰ পাছত আৰ্থিক ব্যৱস্থাৰ বিকাশত যি গতি ঘূৰি আহিছে তাৰ বাবে সমগ্র বিশ্বই ভাৰতৰ প্ৰতি অতি আশাবাদী। প্ৰধানমন্ত্ৰীয়ে কয় যে এটা আন্তর্জাতিক সংস্থাই তেওঁলোকৰ মূল্যায়ন জনাইছে যে ভাৰতে আকৌ এবাৰ বিশ্বৰ দ্রুততম বিকাশশীল অর্থনীতিত পৰিণত হ’ব৷

গুজৰাটৰ মুখ্যমন্ত্রীক প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে প্রযুক্তিৰ লগতে বাস্তৱ বিষয়সমূহৰ সৈতে তেওঁৰ গভীৰ যোগসূত্র আছে। “বিভিন্ন ক্ষেত্রত তেওঁৰ কামৰ অভিজ্ঞতাই গুজৰাটৰ উন্নয়নত কার্যকৰী হৈছে”, প্রধানমন্ত্রীয়ে কয়৷

 

****

DS/AK/DB



(Release ID: 1764669) Visitor Counter : 132