প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যান-বাহন স্ক্ৰেপেজ নীতিৰ শুভাৰম্ভণি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি: প্ৰধানমন্ত্ৰী

Posted On: 13 AUG 2021 11:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি বাহন স্ক্ৰেপেজ নীতিৰ শুভাৰম্ভণি ভাৰতৰ উন্নয়ন যাত্ৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

 

 

একাধিক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘যান-বাহন স্ক্ৰেপেজ নীতিৰ শুভাৰম্ভণি ভাৰতৰ উন্নয়ন যাত্ৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। যান-বাহন স্ক্ৰেপিং আন্তঃগাঁথনি নিৰ্মাণৰ বাবে গুজৰাটত বিনিয়োগকাৰীৰ সন্মিলনে সম্ভাৱনাৰ এক নতুন পৰিসৰ মুকলি কৰিলে। মই আমাৰ যুৱকসকল আৰু ষ্টাৰ্ট-আপসকলক এই কাৰ্যসূচীত যোগদান কৰিবলৈ অনুৰোধ জনাম।

 

যান-বাহনৰ স্ক্ৰেপিঙে অনুপযুক্ত আৰু প্ৰদূষণকাৰী যান-বাহনবোৰ লাহে লাহে তথা পৰিৱেশৰ ক্ষতি নোহোৱাকৈ আঁতৰ কৰাত সহায় কৰিব। আমাৰ লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি সকলো অংশীদাৰৰ বাবে এক কাৰ্যকৰী #চাৰ্কুলাৰঅৰ্থনীতি সৃষ্টি কৰা আৰু মূল্য সংযোজন কৰা।’

 

****

DS/SH/KG



(Release ID: 1747273) Visitor Counter : 180