প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
টিকাকৰণৰ সংখ্যাই ৫০ কোটিৰ সীমা অতিক্ৰম কৰাত কভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনে এক শক্তিশালী প্ৰেৰণা লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
06 AUG 2021 9:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে টিকাকৰণৰ সংখ্যাই ৫০ কোটি অতিক্ৰম কৰিছে। ভাৰতে এই সংখ্যা আৰু বহু পৰিমাণে বৃদ্ধি কৰি এয়া নিশ্চিত কৰিব বিচাৰে যে আমাৰ নাগৰিকসকলক ‘সকলোকে টিকাকৰণ-বিনামূলীয়া টিকাকৰণ’ অভিযানৰ অধীনত টিকাকৰণ কৰোৱা হ’ব।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ
‘কোভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনে এক শক্তিশালী প্ৰেৰণা লাভ কৰিছে। টিকাকৰণৰ সংখ্যাই ৫০ কোটিৰ সীমা অতিক্ৰম কৰিছে। আমি আশা কৰোঁ যে এই সংখ্যা আৰু বহু পৰিমাণে বৃদ্ধি পাব আৰু আমাৰ নাগৰিকসকলক ‘সকলোকে টিকাকৰণ-বিনামূলীয়া টিকাকৰণ’ অভিযানৰ অধীনত টিকাকৰণ কৰাটো নিশ্চিত কৰা হ’ব।’
****
DS/KG
(रिलीज़ आईडी: 1745415)
आगंतुक पटल : 218
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam