যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ভাৰতৰ অলিম্পিক পদক বিজয়ীক নায়কোচিত স্বাগতম ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

টকিঅ’ অলিম্পিক ২০২০ত সাফল্য বিভিন্ন দিশত ভাৰতৰ বাবে প্ৰথম আছিলঃ অনুৰাগ ঠাকুৰ

নতুন ভাৰতে কিদৰে বিশ্বত বিজয় সাব্যস্ত কৰিব বিচাৰে সেয়া ভাৰতৰ জয়ত প্ৰতিফলিত হৈছেঃ অনুৰাগ ঠাকুৰ

Posted On: 09 AUG 2021 8:24PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে অলিম্পিকত ভাৰতৰ ৭ গৰাকী পদক বিজয়ী ক্ৰমে নীৰজ চোপ্ৰা, ৰবি কুমাৰ দাহিয়া, মীৰাবাই চানু, পি ভি সিন্ধু, বজৰং পুনিয়া, লাভলীনা বৰগোঁহাই আৰু পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ সদস্যসকলক আজি নতুন দিল্লীৰ অশোকা হোটেলত সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানটোত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, ৰাজ্যিক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী নীতিশ প্ৰামাণিক, ক্ৰীড়া সচিব শ্ৰী ৰবি মিট্টাল আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান শ্ৰী সন্দীপ প্ৰধানো উপস্থিত আছিল ৷

যোৱা নিশা টকিঅ’ অলিম্পিক ২০২০ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণৰ পদক বিজয়ী নীৰজ, ৰূপৰ পদক বিজয়ী ৰবি, ব্ৰঞ্জৰ পদক বিজয়ী বজৰং, লাভলীনা আৰু মনপ্ৰীতে আজি ভাৰতত উপস্থিত হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকে মীৰাবাই আৰু সিন্ধুৰ সৈতে অংশগ্ৰহণ কৰে ৷

ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে কয়, ‘‘টকিঅ’ ২০২০ ভাৰতৰ সাফল্য   বহুকেইটা দিশত প্ৰথম আছিল ৷ নতুন ভাৰতে ক্ৰীড়া ক্ষেত্ৰৰ লগতে বিভিন্ন ক্ষেত্ৰত বিশ্বত কেনেদৰে নিজৰ বিজয় সাব্যস্ত কৰিছে সেয়া এই অলিম্পিকত প্ৰতিফলিত হৈছে ৷ প্ৰকৃততে ক্ৰীড়া এক মহাসংগমৰ দৰে য’ত আমাৰ গাঁও আৰু চহৰ, উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ খেলুৱৈসকল একত্ৰিত হৈছে ৷  তেওঁলোকৰ এই যাত্ৰা সহনশীলতা আৰু ক্ৰীড়াৰ উৎকৃষ্টতাৰ এক আকৰ্ষণীয় কাহিনীলৈ পৰিৱৰ্তিত হৈছে ৷’’

তেওঁ ইয়াকো কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিভিন্ন ক্ৰীড়াৰ আঁচনিৰ দ্বাৰা এই ফলাফলে অগ্ৰগতি লাভ কৰিছে ৷ আমি নিৰৱচ্ছিন্নভাৱে আমাৰ ক্ৰীড়াবিদসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই যাম আৰু ভাৰতক ক্ৰীড়াৰ শক্তিগৃহলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত প্ৰয়াস অব্যাহত ৰাখিম, তেওঁ কয়

অনুষ্ঠানটোত উপস্থিত থাকি শ্ৰী কিৰেণ ৰিজিজুৱে ভাৰতৰ ক্ৰীড়াবিদসকলক প্ৰশংসা কৰে ৷ তেওঁ কয়, ‘‘আজি আমাৰ চেম্পিয়নসকলৰ সৈতে একেখন মঞ্চত থিয় হৈ গৌৰৱ অনুভৱ কৰিছো ৷ এয়া এক ঐতিহাসিক ঘটনা আৰু ভাৰতে অলিম্পিকত এইবাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে ৷ সুদীৰ্ঘ ৪১ বছৰৰ মূৰত আমি হকীত পদক আৰু প্ৰথমবাৰৰ বাবে এথলেটিকছত সোণৰ পদক লাভ কৰিছো ৷ কেৱল পদক বিজয়ী খেলুৱৈসকলেই নহয়, আমাৰ প্ৰতিজন খেলুৱৈয়ে টকিঅ’ত সৰ্বশ্ৰেষ্ঠ উজাৰি দিছে ৷ ২০২৮ চনৰ অলিম্পিকত ভাৰতে সৰ্বশক্তিৰে নামি পৰিব বুলি মই আত্মবিশ্বাসী ৷’’

শ্ৰী নীতিশ প্ৰামাণিকেও খেলুৱৈসকলক প্ৰশংসা কৰি তেওঁলোকে ভাৰতৰ নাম উজ্বলাইছে বুলি মন্তব্য কৰে ৷ আজিৰ ক্ষণটোক ঐতিহাসিক বুলি অভিহিত কৰি তেওঁ ইয়াৰ জৰিয়তে আগন্তুক প্ৰজন্ম উৎসাহিত হ’ব বুলি উল্লেখ কৰে ৷

উল্লেখ্য, টকিঅ’ ২০২০ত ভাৰতত বহুতো শাখাত ‘প্ৰথম’ বাৰলৈ উল্লেখযোগ্য সাফল্য অৰ্জিত হৈছে ৷ নীৰজ চোপ্ৰাই এথলেটিকছত সোণৰ পদক লাভ কৰিছে, পি ভি সিন্ধু একমাত্ৰ মহিলা ক্ৰীড়াবিদ যিয়ে একেৰাহে দুবাৰ অলিম্পিকত পদক জয় কৰিছে, মীৰাবাই চানু প্ৰথমগৰাকী ভাৰত্তোলক যিয়ে ৰূপৰ পদক লাভ কৰিছে, ভাৰতৰ মহিলা হকী দলে প্ৰথমবাৰলৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷

আনহাতে ৰবি দাহিয়াই মল্লযুঁজত ৰূপৰ পদক লাভ কৰি দ্বিতীয়জন ভাৰতীয় মল্লযুঁজাৰুৰ খিতাপ লাভ কৰাৰ লগতে মেৰী কমৰ পিছত লাভলীনা বৰগোঁহাইয়ে দ্বিতীয়গৰাকী পদক বিজেতা মহিলা বক্সাৰৰ খিতাপ লাভ কৰিছে ৷

 

 

*******



(Release ID: 1744243) Visitor Counter : 306