প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
হস্ততাঁতে ভাৰতৰ বৈচিত্ৰ্য আৰু অগণিত তাঁতী আৰু শিল্পীৰ নৈপুণ্য প্ৰতিভাত কৰেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
07 AUG 2021 1:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হস্ততাঁতে ভাৰতৰ বৈচিত্ৰ্য আৰু অগণিত তাঁতী আৰু শিল্পীৰ নৈপুণ্য প্ৰতিভাত কৰে আৰু তেখেতে স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনোৱাৰ আহ্বান জনায়।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
"হস্ততাঁতে ভাৰতৰ বৈচিত্ৰ্য আৰু অগণিত তাঁতী আৰু শিল্পীৰ নৈপুণ্য প্ৰতিভাত কৰে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হৈছে #MyHandloomMyPride ৰ উদ্দীপনা বৰ্ধনৰ জৰিয়তে আমাৰ তাঁতীসকললৈ সমৰ্থন দোহৰাৰ এটি উপলক্ষ। স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনাওঁ আহক!"
অলিম্পিকত পদক বিজয়ী চৈখোম মীৰাবাই চানুৰ এটা টুইটৰ উদ্ধৃতিৰে, প্ৰধানমন্ত্ৰীয়ে এইবুলি টুইট কৰেঃ
"যোৱা কেইটামান বছৰত হস্ততাঁতৰ প্ৰতি নতুন আগ্ৰহ দেখা পোৱা গৈছে। @mirabai_chanu এ #MyHandloomMyPride ৰ উদ্দীপনালৈ সঁহাৰি জনোৱা দেখি আনন্দিত হৈছো। হস্ততাঁত খণ্ডটোৱে এখনি আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ অৰ্থে বৰঙণি আগবঢ়াই যাব বুলি মই বিশ্বাসী।"
***
DS/SB
(ৰিলিজ আই ডি : 1743748)
অতিথি কক্ষ : 194
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam