প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বেডমিন্টন খেলুৱৈ নন্দু নাটেকৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
28 JUL 2021 11:50AM by PIB Guwahati
বেডমিন্টন খেলুৱৈ নন্দু নাটেকৰৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতৰ ক্ৰীড়া ইতিহাসত নন্দু নাটেকৰৰ এটি বিশেষ স্থান আছে। তেওঁ এজন অসামান্য বেডমিন্টন খেলুৱৈ আৰু এজন বিশিষ্ট পৰামৰ্শদাতা আছিল। তেওঁৰ সফলতাই উদীয়মান খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থাকিব। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো। দুখৰ এই মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু বন্ধু মহললৈ মই সমবেদনা জনালো। ঔম শান্তি।"
***
DS/SH/SB
(रिलीज़ आईडी: 1740617)
आगंतुक पटल : 192
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam