প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অলিম্পিক দিৱসত ভাৰতীয় অলিম্পিয়ানসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ভাৰতীয় ক্ৰীড়াবিদসকলক টকিঅ’ অলিম্পিকলৈ শুভেচ্ছা

যুৱ সমাজক মাইগভ অলিম্পিক কুইজত অংশগ্ৰহণৰ আহ্বান

Posted On: 23 JUN 2021 8:45AM by PIB Guwahati

আজি অলিম্পিক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সময়ছোৱাত অলিম্পিকসমূহত ভাৰতক প্ৰতিনিধিত্ব কৰাসকলক লৈ ৰাষ্ট্ৰই গৌৰৱ অনুভৱ কৰে বুলি কয়। তেখেতে তদুপৰি, ভাৰতীয় বাহিনীক টকিঅ’ অলিম্পিকলৈ শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

“আজি অলিম্পিক দিৱসত, যোৱা সময়ছোৱাত অলিম্পিকসমূহত ভাৰতক প্ৰতিনিধিত্ব কৰা সকলোৰে মই শলাগ লৈছো। ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ বৰঙণি আৰু আন ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰাৰ অৰ্থে তেওঁলোকৰ প্ৰচেষ্টাৰাজিক লৈ আমাৰ ৰাষ্ট্ৰ গৌৰৱান্বিত।

কেইটামান সপ্তাহৰ পাছতে, @Tokyo2020 আৰম্ভ হ’ব। আমাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলেৰে পৰিপূৰ্ণ আমাৰ দলটোক শুভেচ্ছা জনালো। এই ক্ৰীড়াৰ প্ৰাকক্ষণত, মাইগভত আকৰ্ষণীয় কুইজৰ আয়োজন কৰা হৈছে। মই মোৰ যুৱ বন্ধুসকলকে প্ৰমুখ্য কৰি সকলোকে ইয়াত অংশগ্ৰহণৰ আহ্বান জনালো।”

https://quiz.mygov.in/quiz/road-to-tokyo-2020/

********

DS/SH/SB



(Release ID: 1729996) Visitor Counter : 125