প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যুৱপ্ৰজন্মক তেওঁলোকৰ লিখন দক্ষতা ব্যৱহাৰ কৰিবলৈ আৰু ভাৰতৰ বৌদ্ধিক আলোচনাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 JUN 2021 8:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যতৰ নেতৃত্বৰ ভূমিকাৰ বাবে যুৱ শিক্ষাৰ্থীসকলক গঢ়ি তোলাৰ এক ৰাষ্ট্ৰীয় আঁচনি ‘YUVA: প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধানত যুৱ লেখকসকলক পৰামৰ্শ প্ৰদান’ সম্পৰ্কে যুৱ প্ৰজন্মক জানিবলৈ আমন্ত্ৰণ জনাইছে।


এক টুইটযোগে শ্ৰী মোদীয়ে কয়,
‘ইয়াত যুৱপ্ৰজন্মৰ লিখাৰ দক্ষতা বৃদ্ধি কৰাৰ আৰু ভাৰতৰ বৌদ্ধিক আলোচনাত অৱদান যোগোৱাৰ এক আকৰ্ষণীয় সুযোগ আছে। অধিক জানিবলৈ https://innovateindia.mygov.in/yuva/" ক্লিক কৰক।


 

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ত যুৱ মনক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু এক শিক্ষণ পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা হৈছে যি ভৱিষ্যতৰ নেতৃত্বৰ ভূমিকাৰ বাবে যুৱ শিক্ষাৰ্থীসকলক গঢ়ি তুলিব পাৰে।

 

এই লক্ষ্যক উৎসাহিত কৰিবলৈ আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰক স্মৰণ কৰিবলৈ, এক ৰাষ্ট্ৰীয় আঁচনি YUVA: প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধানত যুৱ লেখকসকলক পৰামৰ্শ প্ৰদান’ আৰম্ভ কৰা হৈছে, যিয়ে ভৱিষ্যতৰ এই নেতাসকলৰ ভেটি সুদৃঢ় কৰাত বহুদূৰ আগবাঢ়িব।

 

মূলতঃ, এই আঁচনিখন দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰণৰ যাত্ৰাপথত ভাৰতীয় সাহিত্যৰ আধুনিক বাহকসকলৰ বিকাশ কৰাৰ পৰিকল্পনাৰে কৰা হৈছে। গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত ভাৰত তৃতীয় স্থানত আছে, আৰু থলুৱা সাহিত্যৰ এই ভাণ্ডাৰক অধিক বৃদ্ধি কৰি, এয়া বিশ্বৰ পৰ্যায়ত প্ৰক্ষেপ কৰাটো অতি প্ৰয়োজনীয়।

 

****

DS/KG



(Release ID: 1727796) Visitor Counter : 120