স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত যোৱা ২৪ ঘন্টাত ৮০,৮৩৪ টা নতুন ঘটনা লাভ; যি পৰিসংখ্যা ৭১ দিনৰ পাছত সৰ্বনিম্ন

ভাৰতৰ সক্ৰিয় কেছল’ড ১০,২৬,১৫৯ লৈ হ্ৰাস

একেৰাহে ৩১ দিনৰ বাবে দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আহিছে

আৰোগ্য লাভৰ হাৰ ৯৫.২৬% লৈ বৃদ্ধি

একেৰাহে ২০ দিনৰ বাবে দৈনিক পজিটিভিটি হাৰ ১০% ৰ কম হৈ থাকি বৰ্তমানে ৪.২৫%

प्रविष्टि तिथि: 13 JUN 2021 11:28AM by PIB Guwahati

ভাৰতত যোৱা ২৪ ঘন্টাত ৮০,৮৩৪ দৈনিক নতুন ঘটনা লাভ কৰা হয়। একেৰাহে ৬ দিন ধৰি দেশখনৰ দৈনিক নতুন ঘটনা ১ লাখৰ নিম্ন হৈ আছে। কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থায়ী আৰু সমন্বিত প্ৰচেষ্টাৰ ফলশ্ৰুতিত এয়া সম্ভৱ হৈ পৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001M1D9.jpg

ভাৰতত সক্ৰিয় কেছল’ডৰ নিৰৱচ্ছিন্ন হ্ৰাস পৰিলক্ষিত হৈছে। আজি দেশখনৰ সক্ৰিয় কেছল’ডৰ সংখ্যা ১০,২৬,১৫৯ লৈ হ্ৰাস পাইছে। এই পৰিসংখ্যা একেৰাহে তেৰ দিন ধৰি ২০ লাখৰ নিম্ন হৈ আহিছে।

যোৱা ২৪ ঘন্টাত ৫৪,৫৩১ টা ঘটনা হ্ৰাস পায় আৰু এতিয়া সক্ৰিয় ঘটনাসমূহৰ হাৰ দেশখনৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৩.৪৯%।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002MTIK.jpg

ক’ভিড-১৯ ৰ সংক্ৰমণৰপৰা গৰিষ্ঠসংখ্যক লোকে আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত, একেৰাহে ৩১ দিনৰ বাবে ভাৰতৰ দৈনিক আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ঘটনাক অতিক্ৰম কৰি আহিছে। যোৱা ২৪ ঘন্টাত ১,৩২,০৬২ ৰোগীয়ে আৰোগ্য লাভ কৰে। যোৱা ২৪ ঘন্টাত দৈনিক নতুন ঘটনাৰ তুলনাত ৫১,২২৮ অধিক ৰোগীয়ে আৰোগ্য লাভ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003BRA6.jpg

মহামাৰীটোৰ আৰম্ভণিৰেপৰা সংক্ৰমিত লোকসকলৰ ভিতৰত ২,৮০,৪৩,৪৪৬ লোকে ইতিমধ্যে ক’ভিড-১৯ ৰপৰা আৰোগ্য লাভ কৰিছে ও যোৱা ২৪ ঘন্টাত ১,৩২,০৬২ ৰোগীয়ে আৰোগ্য লাভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক আৰোগ্য লাভৰ হাৰ ৯৫.২৬% হৈছেহি, যি ক্ৰমান্বয়ে বৃদ্ধি পাই আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004TBDG.jpg

সমগ্ৰ দেশখনতে টেষ্টিং ক্ৰমান্বয়ে বৃদ্ধি কৰাৰ সমান্তৰালভাৱে, যোৱা ২৪ ঘন্টাত দেশখনত ১৯,০০,৩১২ টা টেষ্ট সম্পন্ন কৰা হয়। এতিয়ালৈকে ভাৰতত ৩৭.৮১ কোটিৰো অধিক (৩৭,৮১,৩২,৪৭৪) টেষ্ট সম্পন্ন কৰা হৈছে।

সমগ্ৰ দেশখনতে টেষ্টিং বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত সাপ্তাহিক পজিটিভিটি হাৰ হ্ৰাস হোৱাটো পৰিলক্ষিত হৈছে। সম্প্ৰতি সাপ্তাহিক পজিটিভিটি হাৰ ৪.৭৪% ৰ বিপৰীতে দৈনিক পজিটিভিটি হাৰ হ্ৰাস পাইছে আৰু আজি ৪.২৫% হৈছে। এই হাৰ একেৰাহে ২০ দিন ধৰি ১০% ৰ নিম্ন হৈ আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005EVUQ.jpg

ৰাষ্ট্ৰজোৰা টিকাদান অভিযানটোৰ অধীনত দেশখনত প্ৰদান কৰা কভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই কালি ২৫ কোটিৰ সীমা অতিক্ৰম কৰে। যোৱা ২৪ ঘন্টাত ৩৪,৮৪,২৩৯ পালি ভেকচিন প্ৰদান কৰা হয়।

আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ৩৫,০৫,৫৩৫ ছেচনজুৰি মুঠ ২৫,৩১,৯৫,০৪৮ পালি ভেকচিন প্ৰদান কৰা হয়।

ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ

হেল্থ কেয়াৰ কৰ্মী

১ম পালি

,০০,৪৮,১৮৩

২য় পালি

৬৯,৬৩,৩৪৭

ফ্ৰন্ট লাইন কৰ্মী

১ম পালি

,৬৭,২৮,২৭২

২য় পালি

৮৮,৪২,২৯২

১৮-৪৪ বছৰ বয়স

১ম পালি

,০২,১৫,৫৬১

২য় পালি

,৭৭,৮৫৩

৪৫-৬০ বছৰ বয়স

১ম পালি

,৫৪,২৮,৭১৩

২য় পালি

,১৯,৪২,৯২৬

৬০ বছৰৰ উৰ্ধ

১ম পালি

,২৪,৭২,৭৩২

২য় পালি

,৯৮,৭৫,১৬৯

মুঠ

২৫,৩১,৯৫,০৪৮

 

****

MV/SB


(रिलीज़ आईडी: 1726857) आगंतुक पटल : 308
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam