কেবিনেট
বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত সহযোগিতামূলক চুক্তিত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
02 JUN 2021 12:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত চৰকাৰৰ গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্ৰালয় আৰু জাপান চৰকাৰৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন মন্ত্ৰালয়ে নগৰ উন্নয়নৰ সন্দৰ্ভত ২০০৭চনত পূৰ্বৰ বুজাবুজি চুক্তিৰ সলনি বহনক্ষম নগৰ উন্নয়নৰ সহযোগিতামূলক চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদান জনাইছে৷
ৰূপায়ণ কৌশলঃ
সহযোগিতামূলক চুক্তিৰ গাঁথনিৰ আধাৰত সহযোগিতাৰে আঁচনি ৰূপায়ণৰ কৌশল ৰচনাৰ বাবে এক যুটীয়া কৰ্মী গোট(জেডব্লিউচি) গঠন কৰা হ’ব৷ এই যুটীয়া গোটে প্ৰতি বছৰে এবাৰ জাপানত আৰু এবাৰ ভাৰতত বৈঠকত মিলিত হ’ব৷
এই চুক্তি স্বাক্ষৰ কৰাৰ দিনৰ পৰা পৰৱৰ্তী ৫ বছৰৰ বাবে বলবৎ থাকিব৷ তাৰ পাছত পুনৰ ৫ বছৰৰ বাবে ৫ বছৰৰ বাবে স্বয়ংক্ৰিয়ভাৱে নবীকৰণ হ’ব৷
মুখ্য প্ৰভাৱঃ
এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত এক শক্তিশালী, গভীৰ আৰু দীৰ্ঘকালীন দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব৷
লাভালাভঃ
এই চুক্তিয়ে নগৰীয়া পৰিকল্পনা, স্মাৰ্ট চিটী উন্নয়ন, সহজলভ্য আৱাস (ভাৰাঘৰে ধৰি), নগৰৰ বান ব্যৱস্থাপনা, আৱৰ্জনা নিষ্কাষণ আৰু বৰ্জিত পানী ব্যৱস্থাপনা, নগৰীয়া পৰিবহণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ উন্নয়নকে ধৰি বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ আশা আছে৷
সবিশেষঃ
এই চুক্তিৰ উদ্দেশ্য হৈছে নগৰীয়া পৰিকল্পনা, স্মাৰ্ট চিটী উন্নয়ন, সহজলভ্য আৱাস (ভাৰাঘৰে ধৰি), নগৰৰ বান ব্যৱস্থাপনা, আৱৰ্জনা নিষ্কাষণ আৰু বৰ্জিত পানী ব্যৱস্থাপনা, নগৰীয়া পৰিবহণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ উন্নয়নকে ধৰি বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত দুয়োদেশৰ জৰিয়তে চিনাক্তকৃত ক্ষেত্ৰত ভাৰত-জাপানৰ সুবিধা আৰু কাৰিকৰী সহযোগিতা শক্তিশালী কৰা৷ এই চুক্তিয়ে সংশ্লিষ্ট ক্ষেত্ৰসমূহৰ মুখ্য শিক্ষণ আৰু উন্নত অনুশীলন বিনিময় কৰাত সক্ষম কৰি তুলিব৷
***
DS/DB
(रिलीज़ आईडी: 1723898)
आगंतुक पटल : 258
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam