প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিডৰ বাবে উপাৰ্জনকাৰী সদস্যক হেৰুওৱা পৰিয়ালসমূহক সহায়ৰ অৰ্থে পৰৱৰ্তী পদক্ষেপৰ কথা ঘোষণা চৰকাৰৰ

কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ অধীনত ক’ভিডত প্ৰাণ হেৰুওৱাসকলৰ পৰিজনক ফেমেলী পেঞ্চন প্ৰদান কৰা হ’ব

ইডিএলআই আঁচনিখনৰ অধীনত বীমাৰ সা-সুবিধা বৃদ্ধি আৰু উদাৰ কৰা হৈছে

এই আঁচনিসমূহে পৰিয়ালসমূহে মুখামুখি হোৱা আৰ্থিক জটিলতা হ্ৰাসত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী

Posted On: 29 MAY 2021 7:47PM by PIB Guwahati

ক’ভিড প্ৰভাৱিত শিশুসকলৰ সবলীকৰণৰ অৰ্থে পিএম কেয়াৰ্ছৰ অধীনত ঘোষণা কৰা ব্যৱস্থাসমূহৰ লগতে, ভাৰত চৰকাৰে ক’ভিডৰ বাবে উপাৰ্জনকাৰী সদস্যক হেৰুওৱা পৰিয়ালসমূহক সহায়ৰ অৰ্থে পৰৱৰ্তী পদক্ষেপৰ কথা ঘোষণা কৰিছে। ক’ভিডৰ বাবে প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াল-বৰ্গলৈ পেঞ্চন আৰু বৰ্ধিত ও উদাৰ বীমা প্ৰতিদান আগবঢ়োৱা হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেখেতৰ চৰকাৰে তেনে লোকসকলৰ পৰিয়ালৰ সৈতে একাত্মতাৰে থিয় দিছে। তেখেতে লগতে কয় যে এই আঁচনিসমূহৰ জৰিয়তে, তেওঁলোকে সন্মুখীন হ’ব পৰা আৰ্থিক জটিলতাসমূহ হ্ৰাস কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।

  • কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ESIC) ৰ অধীনত ফেমেলী পেঞ্চন
  • পৰিয়ালসমূহে এটা মৰ্যাদাপূৰ্ণ জীৱন-যাপন কৰা আৰু এটা ভাল জীৱন-ধাৰণৰ মানদণ্ড বৰ্তাই ৰখাত সহায় কৰিবলৈ, নিয়োগ সম্পৰ্কীয় মৃত্যুৰ ঘটনাৰ বাবে ইএছআইচি পেঞ্চন আঁচনিৰ লাভা-লাভ ক’ভিডৰ বাবে মৃত্যু হোৱাসকললৈয়ো সম্প্ৰসাৰিত কৰা হৈছে। এনে কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে বৰ্তমানে থকা নীতি-নিয়ম অনুসাৰে তেওঁ লাভ কৰা গড় দৈনিক মজুৰিৰ ৯০ শতাংশৰ সমতুল্য পেঞ্চনৰ বাবে যোগ্য বিবেচিত হ’ব। এই সুবিধা ২৪-০৩-২০২০ ৰপৰা কাৰ্যকৰী হ’ব আৰু ২৪-০৩-২০২২ লৈকে সম্ভাৱ্য এনে ঘটনাসমূহক সামৰি ল’ব।
  • কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন - এমপ্লয়িজ ডিপ’জিট লিংকড ইন্সুৰেঞ্চ আঁচনি (EDLI)

ইডিএলআই আঁচনিখনৰ অধীনত বীমা সা-সুবিধাসমূহ বৃদ্ধি আৰু উদাৰ কৰা হৈছে। আন সকলো হিতাধিকাৰীৰ ওপৰিও, ই বিশেষকৈ ক’ভিডৰ বাবে জীৱন হেৰুওৱা কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গক সহায় কৰিব।

  • সৰ্বাধিক বীমাৰ লাভৰ পৰিমাণ ₹ ৬ লাখৰপৰা ₹ ৭ লাখলৈ বৃদ্ধি কৰা হৈছে
  • ₹ ২.৫ লাখৰ ন্যূনতম বীমাৰ লাভৰ সুবিধা পুনৰ প্ৰৱৰ্তন কৰা হৈছে আৰু ২০২০ ৰ ১৫ ফেব্ৰুৱাৰীৰপৰা পৰৱৰ্তী তিনি বছৰলৈ প্ৰযোজ্য হ’ব
  • চুক্তিভিত্তিক/অনিয়মীয়া কৰ্মচাৰীৰ পৰিয়ালসমূহক লাভান্বিত কৰিবলৈ, মাত্ৰ এটা প্ৰতিষ্ঠানত ধাৰাবাহিক নিয়োগৰ চৰ্ত উদাৰ কৰা হৈছে, ইয়াত মৃত্যুৰ পূৰ্বৰ ১২ মাহত বৃত্তি সলনি কৰিব পৰা কৰ্মচাৰীৰ পৰিয়ালসমূহকো লাভান্বিত কৰাৰ ব্যৱস্থা আছে।

এই আঁচনিসমূহৰ সবিশেষ নীতি-নিৰ্দেশনা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে জাৰি কৰিছে।

***

DS /AKJ/SB



(Release ID: 1723014) Visitor Counter : 212