স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২২,২৮,৭২৪জনলৈ হ্ৰাস; বিগত ২৪ ঘণ্টাতে কমিল ১,১৪,৪২৮জন ৰোগী

১.৭৩লাখ আক্ৰান্তৰে বিগত ৪৫ ভিতৰত সৰ্বনিম্ন হৈছে দৈনিক আক্ৰান্তৰ সংখ্যা

বিগত দুটা দিনৰ পৰা দৈনিক আক্ৰান্তৰ সংখ্যা ২ লাখতকৈ কম হৈছে

একেৰাহে ১৬দিন দৈনিক আক্ৰান্ত লোকতকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে

আৰোগ্যৰ হাৰ ৯০.৮০%লৈ উন্নীত

দৈনিক পজিটিভিটিৰ হাৰ ৮.৩৬%; একেৰাহে ৫দিন ১০%তকৈ কম হৈছে

পৰীক্ষণৰ সক্ষমতা বৃদ্ধি কৰা হৈছে-এতিয়ালৈকে মুঠ ৩৪.১কোটি পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে

Posted On: 29 MAY 2021 10:20AM by PIB Guwahati

ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২২,২৮,৭২৪জনলৈ হ্ৰাস পাইছে৷ ১০ মে’, ২০২১ৰ পাছৰে পৰা চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাই আহিছে৷

বিগত ১৪ ঘণ্টাতে ১,১৪,৪২৮জন চিকিৎসাধীন ৰোগী হ্ৰাস পাইছে আৰু দেশত মুঠ আক্ৰান্তৰ বৰ্তমান ৮.০৪% ৰোগীহে চিকিৎসাধীন হৈ আছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0012N41.jpg

দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱাৰ ধাৰাবাহিকতা অনুসৰি বিগত ১৩দিন এই সংখ্যা ৩লাখৰ তলত আছে৷ বিগত দুদিন একেৰাহে ২লাখতকৈ কম লোক আক্ৰান্ত হৈছে৷ বিগত ২৪ঘণ্টাত দেশত ১,৭৩,৭৯০জন লোক আক্ৰান্ত হৈছে৷ এই হাৰ একেৰাহে ৫দিন ধৰি ১০%তকৈ কম হোৱা পৰিলক্ষিত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0022SIH.jpg

ভাৰতত একেৰাহে ১৬দিন দৈনিক আক্ৰান্ত লোকতকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ২,৮৪,৬০১জন লোক আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত নতুন আক্ৰান্তৰ সংখ্যাতকৈ ১,১০,৮১১জন লোক অধিক আৰোগ্য হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0030KT2.jpg

আৰম্ভণিৰে মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ বিপৰীতে ইতিমধ্যে সমগ্ৰ দেশত ২,৫১,৭৮,০১১জন লোক আৰোগ্য হৈছে৷ সামগ্ৰিক আৰোগ্যৰ হাৰ ৯০.৮০% হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image004S1NJ.jpg

বিগত ২৪ ঘণ্টাত দেশত ২০,৮০,০৪৮টা নমূনা পৰীক্ষা কৰা হৈছে৷ দেশৰ সামগ্ৰিক পৰীক্ষাৰ পৰিমাণ এতিয়ালৈকে ৩৪.১১কোটি হৈছে৷

দেশত পৰীক্ষাৰ পৰিমাণৰ বৃদ্ধিৰ সমান্তৰালভাৱে সাপ্তাহিক পজিটিভিটিৰ হাৰ হ্ৰাস পাই আহিছে৷ সাপ্তাহিক পজিটিভিটিৰ হাৰ ৯.৮৪%ৰ বিপৰীতে আজি এই হাৰ ৮.৩৬%লৈ হ্ৰাস পাইছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image005CYV0.jpg

দেশজোৰা টিকাকৰণ অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈকে ২০.৮৯কোটি লোকক টিকা প্ৰদান কৰা হৈছে৷ ২০কোটিতকৈ অধিক লোকক টিকাকৰণ কৰা ভাৰত আমেৰিকাৰ পাছতে দ্বিতীয় স্থান আছে৷

আজি পুৱা ৭ বজালৈকে ২৯,৭২,৯৭১টা পৰ্বৰ জৰিয়তে ২০,৮৯,০২,৪৪৫জন লোকক টিকাকৰণ কৰা হৈছে৷

সেয়া হৈছে

 

স্বাস্থ্যকৰ্মী

প্ৰথম ড’জ

৯৮,৪৩,৫৩৪

দ্বিতীয় ড’জ

৬৭,৬০,০১০

আগশাৰীৰ কৰ্মী

প্ৰথম ড’জ

,৫৪,৬২,৮১৩

দ্বিতীয় ড’জ

৮৪,৬৩,৬২২

১৮-৪৪ বছৰ বয়সৰ

প্ৰথম ড’জ

,৬৭,৬৬,৫৮১

 

দ্বিতীয় ড’জ

২৯৮

৪৫-৬০ বছৰ বয়সৰ

প্ৰথম ড’জ

,৪৫,৯০,৮৩৩

দ্বিতীয় ড’জ

,০৩,৫২,২২৮

৬০ বছৰ ঊৰ্ধ্বৰ

প্ৰথম ড’জ

,৮১,১৫,৪৯২

দ্বিতীয় ড’জ

,৮৫,৪৭,০৩৪

মুঠ

২০,৮৯,০২,৪৪৫

 

***

MV



(Release ID: 1723011) Visitor Counter : 149