স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

২৪ ঘণ্টাত সৰ্বাধিক ২১.২৩লাখ ক’ভিড পৰীক্ষাৰে নতুন অভিলেখ ৰচনা কৰিলে ভাৰতে

একেৰাহে ৫দিন ধৰি দৈনিক ২০লাখতকৈ অধিক নমূনা পৰীক্ষা কৰা হৈছে

৩৬দিনৰ পাছত নতুন আক্ৰান্তৰ সংখ্যা ২.৪লাখলৈ হ্ৰাস পাইছে

দৈনিক পজিটিভিৰ হাৰ ১১.৩৪%লৈ হ্ৰাস পাইছে

Posted On: 23 MAY 2021 11:25AM by PIB Guwahati

২৪ ঘণ্টাত সৰ্বাধিক ২১.২৩লাখ ক’ভিড পৰীক্ষাৰে নতুন অভিলেখ ৰচনা কৰিলে ভাৰতে৷ একেৰাহে ৫দিন ধৰি দৈনিক ২০লাখতকৈ অধিক নমূনা পৰীক্ষা কৰা হৈছে৷ ভাৰতে ২০২০ৰ জানুৱাৰীৰ পৰা লাহে লাহে পৰীক্ষা কৰাৰ সক্ষমতা দৈনিক ২৫ লাখ কৰাৰ দিশে উল্লেখযোগ্য গতিত অগ্ৰসৰ হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ২১,২৩,৭৮২টা নমূনা পৰীক্ষা সম্পন্ন কৰা হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image00159GH.jpg

ইফালে দৈনিক পজিটিভিটিৰ হাৰ ক্ৰমান্বয়ে ১১.৩৪%লৈ হ্ৰাস পাইছে৷

তলত বিগত ৭দিন গড় পজিটিভিটিৰ হাৰ দেখুওৱা হৈছে৷ ১০মে’ একেবাৰে কম পৰিলক্ষিত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0023I10.jpg

আন এক সফলতা অনুসৰি ভাৰতত একেৰাহে ৭দিন ধৰি দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ৩লাখতকৈ কম হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ২,৪০,৮৪২জন ৰোগী আৰোগ্য হৈছে৷ এয়া ১৭ এপ্ৰিলৰ পাছত সৰ্বনিম্ন হিচাপে বিবেচিত হৈছে, কিয়নো সেইদিনা ২.৩৪লাখ লোক আক্ৰান্ত হৈছিল৷

ইফালে, ভাৰতত একেৰাহে ১৯দিন ধৰি দৈনিক আক্ৰান্ত লোকতকৈ আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩,৫৫,১০২জন ৰোগী আৰোগ্য হৈছে৷

আজি ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ২,৩৪,২৫,৪৬৭জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৮.৩০%লৈ উন্নীত হৈছে৷

আনহাতে আজি ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৮,০৫,৩৯৯জনলৈ হ্ৰাস পাইছে৷

বিগত ২৪ ঘণ্টাতে মুঠ চিকিৎসাধীন ৰোগীৰ পৰা ১,১৮,০০১জন হ্ৰাস পাইছে৷ এয়া দেশত মুঠ আক্ৰান্তৰ ১০.৫৭%৷

মুঠ চিকিৎসাধীন ৰোগীৰ ৬৮.৮৮%ই ৭খন ৰাজ্যৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image003B96N.jpg

ৰাষ্ট্ৰীয় মৃ্ত্যুৰ হাৰ বৰ্তমান ১.১৩% হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৩,৭৪১জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগী ৭৩.৮৮%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৮২জন আৰু কৰ্ণাটকত ৪৫১জন ৰোগীৰ মৃত্যু হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image004XDJA.jpg

ইফালে, ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ৰ অধীনত এতিয়ালৈকে মুঠ ১৯.৫০ কোটি লোকক টিকাকৰণ কৰা হৈছে৷

আজি আজি পুৱা ৭ বজালৈকে ২৮,০০,৮০৮টা পৰ্বৰ জৰিয়তে মুঠ ১৯,৫০,০৪,১৮৪টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯৭,৫২,৯০০গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৬৭,০০,৬১৪গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,৪৯,৫২,৩৪৫গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৮৩,২৬,৫৩৪গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ১৮-৪৪ বছৰ বয়সৰ ৯৯,৯৩,৯০৮গৰাকীক প্ৰথম ড’জ, ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৬,০৬,৯০,৫৬০জন লোকক প্ৰথম ড’জ আৰু ৯৭,৮৭,২৮৯জন লোকক দ্বিতীয় ড’জ আৰু ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৫,৬৫,৫৫,৫৫৮গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ১,৮২,৪৪,৪৭৬গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

স্বাস্থ্যকৰ্মী

প্ৰথম ড’জ

৯৭,৫২,৯০০

 

দ্বিতীয় ড’জ

৬৭,০০,৬১৪

 

আগশাৰীৰ কৰ্মী

প্ৰথম ড’জ

,৪৯,৫২,৩৪৫

 

দ্বিতীয় ড’জ

৮৩,২৬,৫৩৪

 

১৮-৪৪ বছৰ বয়সৰ

প্ৰথম ড’জ

৯৯,৯৩,৯০৮

 

৪৫-৬০ বছৰ বয়সৰ

প্ৰথম ড’জ

,০৬,৯০,৫৬০

 

দ্বিতীয় ড’জ

৯৭,৮৭,২৮৯

 

৬০ বছৰ ঊৰ্ধ্বৰ

প্ৰথম ড’জ

,৬৫,৫৫,৫৫৮

 

দ্বিতীয় ড’জ

,৮২,৪৪,৪৭৬

 

 

মুঠ

১৯,৫০,০৪,১৮৪

 

 

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৬৬.২৭%ই দহখন ৰাজ্যৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image005AEIV.jpg

*********

MV



(Release ID: 1721099) Visitor Counter : 209