স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক ১৫ জুনলৈকে উপলব্ধ টিকাৰ পালিৰ আগতীয়া তথ্য প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

ৰাজ্যসমূহক কোভিড টিকাকৰণ আৰু এই সংক্রান্তীয় তথ্য প্রচাৰৰ বাবে জিলাভিত্তিক আৰু কোভিড টিকাকৰণ কেন্দ্র ভিত্তিক পৰিকল্পনা প্রণয়নৰ পৰামর্শ

টিকাকৰণ কেন্দ্রত ভিৰ নহ’বলৈ কোভিড টিকাকৰণ কেন্দ্রসমূহে আগতীয়াকৈ CoWINত টিকাকৰণ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিব লাগিব

Posted On: 19 MAY 2021 12:13PM by PIB Guwahati

ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্রসাৰিত আৰু ত্বৰান্বিত কোভিড-১৯ টিকাকৰণ অভিযান বিগত ১ মে’ৰ পৰা ৰূপায়িত হৈছে। এই অভিযানৰ অংশ হিচাপে চেণ্ট্ৰেল ড্রাগছ লেবৰেটৰীৰ পৰা প্রতি মাহে ভাৰত চৰকাৰে ৫০ শতাংশ টিকা সংগ্রহ কৰি সেয়া ৰাজ্যসমূহক যোগান ধৰিছে। ৰাজ্য চৰকাৰসমূহক টিকা সম্পূর্ণ বিনামূলীয়াকৈ যোগান ধৰা হয়। ভাৰত চৰকাৰে পূৰ্বৰে পৰা বিনামূলীয়াকৈ টিকা যোগান নীতি অনুসৰণ কৰি আহিছে। ইয়াৰোপৰি, ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক প্ৰদান কৰিবলগা ৫০ শতাংশ টিকাৰ বাহিৰে বাকী ৫০ শতাংশ টিকা প্ৰত্যক্ষভাৱে উৎপাদক সংস্থাসমূহৰ পৰা তেওঁলোকে সংগ্রহ কৰিব পাৰে।

 


কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে মাহিলী ভিত্তিত দুটা পর্যায়ত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক প্ৰদান কৰিবলগা টিকাৰ আগতীয়া তথ্য দি আহিছে। আনকি, ৰাজ্য চৰকাৰ আৰু বেচৰকাৰী হাস্পতালসমূহে টিকা উৎপাদক সংস্থাসমূহৰ পৰা টিকা সংগ্রহৰ পৰিমাণ সম্পর্কীয় তথ্যও আগতীয়াকৈ জানিব পাৰিছে। খোদ প্রধানমন্ত্রীয়ে কালি কোভিড-১৯ পৰিস্থিতি সম্পর্কে ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত বিনিময়ৰ সময়ত টিকাৰ যোগানৰ বিষয়টোৰ কথা বিশেষভাৱে উল্লেখ কৰে।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কোভিড টিকাৰ পালি যোগানৰ বিষয়ে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক পুনৰ এবাৰ পত্ৰ দিছে। চলিত মে’ মাহত যি পৰিমাণৰ টিকা যোগান ধৰা হব সেয়া আগতীয়াকৈ জানিব দিয়া হৈছে। ইয়াৰ উদ্দেশ্য হৈছে, টিকাকৰণৰ পৰিকল্পনা প্রণয়ন কৰা আৰু চাহিদা পূৰাবলৈ অতিৰিক্ত টিকা উৎপাদক সংস্থাসমূহৰ পৰা সংগ্রহ কৰা।


কেন্দ্রীয় চৰকাৰৰ আগতীয়া তথ্য অনুযায়ী, ১ মে’ৰ পৰা ১৫ জুন পর্যন্ত সময়ছোৱাত পর্যায়ক্রমে মুঠ ৫ কোটি ৮৬ লাখ ২৯ হাজাৰ টিকাৰ পালি বিনামূলীয়াকৈ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক যোগান ধৰা হব । ইফালে টিকা উৎপাদক সংস্থাসমূহৰ পৰা লাভ কৰা তথ্য অনুযায়ী অহা জুন মাহৰ শেষৰফালে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহে ৪ কোটি ৮৭ লাখ ৫৫ হাজাৰ টিকাৰ পালি প্ৰত্যক্ষভাৱে সংগ্রহ কৰিব পাৰিব। এই পৰিপ্রেক্ষিতত কোভিড-১৯ টিকাকৰণ অভিযানৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক জিলাভিত্তিত, কোভিড টিকাকৰণ কেন্দ্রভিত্তিক পৰিকল্পনা প্রণয়নৰ পৰামর্শ দিয়া হৈছে। টিকাকৰণ সম্পৰ্কে ব্যাপক জনসচেতনতাৰ বাবে বিভিন্ন গণমাধ্যমত প্ৰচাৰাভিযান চলাবলৈ কোৱা হৈছে। ৰাজ্য চৰকাৰৰ লগতে বেচৰকাৰী টিকাকৰণ কেন্দ্রসমূহকো আগতীয়াকৈ কো-উইন ডিজিটেল প্লেটফর্মত টিকাকৰণ সম্পর্কে দৈনিক আপডেট কৰাৰ পৰামর্শ দিয়া হৈছে।


টিকাকৰণ কেন্দ্রসমূহত টিকা গ্রহণকাৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এই ব্যৱস্থা গ্রহণৰ পৰামর্শ দিয়া হৈছে। ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক আৰু কোৱা হৈছে সাধাৰণ মানুহক টিকাকৰণৰ ক্ষেত্ৰত কো-উইন প্লেটফর্মত আগতীয়া এপইণ্টমেন্টৰ ক্ষেত্ৰত সচেতন কৰিব লাগিব। অহা ১৫ জুন পর্যন্ত কোভিড টিকাকৰণৰ পৰিকল্পনা প্রস্তুত কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক সংশ্লিষ্ট বিষয়াসকলৰ সৈতে সমন্বয় বজায় ৰখাৰ পৰামর্শ দিয়া হৈছে।


কোভিড-১৯ৰ সংক্রমণৰ পৰা দেশৰ আটাইতকৈ স্পৰ্শকাতৰ ব্যক্তিসকলৰ সুৰক্ষাৰ বাবে এক অস্ত্ৰ হিচাপে চলা টিকাকৰণ প্রক্রিয়াৰ ওপৰত নিয়মিতভাৱে নজৰ ৰখা হৈছে আৰু সমগ্র প্রক্রিয়া সুস্থভাৱে সম্পন্ন কৰিবলৈ উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছে।

 

**********

MV/M/KG



(Release ID: 1720503) Visitor Counter : 199