স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বৰ্তমান পৰ্যন্ত ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ২০ কোটিৰো অধিক ভেকচিনৰ পালি বিনামূলীয়াকৈ প্ৰদান কৰিছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত এতিয়াও ২ কোটিতকৈ অধিক ভেকচিনৰ পালি উপলব্ধ

ইয়াৰ উপৰিও আগন্তুক ৩ দিনত প্ৰায় ৩ লাখ পালি ভেকচিন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে লাভ কৰিব

Posted On: 17 MAY 2021 12:01PM by PIB Guwahati

ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত নেতৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ কোভিড ভেকচিন প্ৰদান কৰি সহায় কৰাৰ লগতে টিকাৰ উত্পাদন আৰু যোগান বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।নমুনা পৰীক্ষা, সংক্ৰমিতক চিনাক্ত কৰা, চিকিত্সাৰ ব্যৱস্থা কৰা আৰু কোভিড উপযুক্ত আচৰণ মানি চলাৰ উপৰি টিকাকৰণ হৈছে মহামাৰীৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে ভাৰত চৰকাৰৰ ব্যাপক ৰণনীতিৰ এক অবিচ্ছেদ্য অংগ।

ক'ভিড-১৯ টিকাকৰণৰ তৃতীয় পৰ্যায় ১ মে’ ২০২১ৰ পৰা আৰম্ভ হৈছে। এই পৰ্যায়ত টিকা প্ৰস্তুতকাৰক কোম্পানীসমূহে উত্পাদন কৰা টিকাৰ ৫০% ভাৰত চৰকাৰে ক্ৰয় কৰিব। এই টিকাৰ পালিবোৰ ৰাজ্য চৰকাৰসমূহক পূৰ্বৰ দৰে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

ভাৰত চৰকাৰে এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ ২০ কোটিতকৈও অধিক ভেকচিনৰ পালি (২০,৭৬,১০,২৩০) প্ৰদান কৰিছে। ইয়াৰ ভিতৰত, ১৬ মে’ ২০২১ লৈকে ব্যৱহাৰ হৈছে ১৮,৭১,১৩,৭০৫ পালি টিকা (আজি ৰাতিপুৱা ৮ বজাত উপলব্ধ তথ্য অনুসৰি)।

 

২ কোটিতকৈ অধিক ক'ভিড ভেকচিন পালি (২,০৪,৯৬,৫২৫) এতিয়াও ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত আছে।

 

তদুপৰি,অহা ৩ দিনৰ ভিতৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰায় ৩ লাখ (২,৯৪,৬৬০) ভেকচিনৰ পালি লাভ  কৰিব।

 

     ***********

MV/M/KG



(Release ID: 1719679) Visitor Counter : 183