যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

ক'ভিড-১৯ৰ বিস্তাৰৰ সৈতে ৫জি প্রযুক্তিৰ কোনো সম্পর্ক নাই

प्रविष्टि तिथि: 10 MAY 2021 8:16PM by PIB Guwahati

যোগাযোগ মন্ত্রালয়ৰ টেলি-যোগাযোগ দপ্তৰৰ দৃষ্টিগোচৰ হৈছে যে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফর্মত কিছুমান পোষ্টত কোৱা হৈছে ভাৰতত ৫জি মোবাইল টাৱাৰৰ পৰীক্ষা-নিৰীক্ষাৰ বাবেই কৰোণা ভাইৰাছৰ দ্বিতীয় লহৰ বিয়পি পৰিছে। টেলি-যোগাযোগ দপ্তৰে এক প্রেছ বিবৃতিত জনাইছে যে এনেকুৱা বার্তা কেৱল ভুলেই নহয়, সম্পূর্ণ অসত্য। সেই প্রেছ বিবৃতিত জনসাধাৰণক জনোৱা হৈছে যে ৫জি প্রযুক্তিৰ সৈতে দেশত ক'ভিড-১৯ বিস্তাৰ হোৱাৰ কোনো সম্পর্ক নাই। জনসাধাৰণ যাতে এনেকুৱা উৰাবাতৰিত বিভ্রান্ত নহয়, সেই বিবৃতিত সেই কথাও উল্লেখ কৰা হৈছে। এই ধৰণৰ বক্তব্যৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। সর্বোপৰি, দেশত এতিয়াও ৫জি নেটৱর্কৰ কোনো পৰীক্ষা-নিৰীক্ষা আৰম্ভ হোৱা নাই। সেয়ে এনেকুৱা বক্তব্য অসত্য আৰু ভিত্তিহীন।

মোবাইল ফোনৰ টাৱাৰবিলাকৰ পৰা যি ৰেডিঅ' ফ্রিকোয়েন্সি বিকিৰিত হয় সেইবিলাক আয়োনিত তৰঙ্গ নহয়। এই ধৰণৰ তৰঙ্গই মানুহৰ শৰীৰত কোষৰ ওপৰত কোনো বিৰূপ প্রতিক্রিয়া সৃষ্টি নকৰে। কিছু ষ্টেচনৰ পৰা যি হাৰত তৰঙ্গৰ বিকিৰণ হয় তাৰ মাত্রাৰ পৰা ১০ গুণ বেছি বিকিৰণ মানুহৰ শৰীৰত প্রৱেশ কৰিলেও কোনো সমস্যা নহয়। ভাৰতত বিশ্ব স্বাস্থ্য সংস্থা আৰু ইণ্টাৰনেচনেল কমিছন অন নন-আয়োনাইজিং ৰেডিয়েচন প্রোটেকচনৰ নিয়ম অনুসৰি কাম কৰা হয়।

টেলি-যোগাযোগ দপ্তৰৰ গৃহীত উদ্যোগ

টেলি-যোগাযোগ দপ্তৰে জনাইছে যে ভাৰতত যিবোৰ সংস্থাই মোবাইল পৰিসেৱা প্ৰদানকৰে তেওঁলোকে নির্দিষ্ট নিয়ম মানিয়েই সকলো কাম কৰে। সেয়ে কোনো নাগৰিকৰ যদি মোবাইল টাৱাৰৰ পৰা বিকিৰিত তৰঙ্গৰ বিষয়ে কোনো সংশয় থাকে তেনেহ'লে তেওঁ সেই টাৱাৰৰ তৰঙ্গৰ বিষয়ে পৰীক্ষাৰ বাবে তৰঙ্গ সঞ্চাৰ প'র্টেলত আবেদন কৰিব পাৰে। https://tarangsanchar.gov.in/emfportal- প'র্টেলত আবেদন কৰিলে সংশ্লিষ্ট টাৱাৰৰ বিকিৰণ সম্পর্কে জনোৱা হ'ব। ইয়াৰ উপৰিও মানুহৰ মাজত সচেতনতা গঢ়ি তুলিবলৈ দেশজুৰি দপ্তৰে বিভিন্ন উদ্যোগ লৈছে। ইয়াৰ মাজত আছে লিফলেটৰ মাধ্যমত প্রচাৰ, সংবাদপত্রত বিজ্ঞাপন আৰু তৰঙ্গ প'র্টেলত প্রকাশিত নানা তথ্য। ইয়াৰ মাধ্যমত মোবাইল ফোনৰ টাৱাৰৰ পৰা বিকিৰিত ৰশ্মি সম্পর্কে সঠিক বৈজ্ঞানিক তথ্য মানুহৰ ওচৰত পৌঁছাই দিয়া হয়।

*********

 

RKJ/M


(रिलीज़ आईडी: 1717742) आगंतुक पटल : 320
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Marathi , हिन्दी , Punjabi , Gujarati , Telugu , Kannada , Manipuri , English , Urdu , Bengali , Odia