বিত্ত মন্ত্ৰালয়

বিদেশৰ পৰা অনুদান হিচাপে আগবঢ়োৱা ক’ভিড-১৯ৰ বিশেষ সাহায্য সামগ্ৰীৰ আমদানীক ‘আইজিএছটি’ৰ পৰা সাময়িক ৰেহাই দান

সীমা শুল্কৰ ৰেহাই দানৰ সিদ্ধান্ত ইতিমধ্যেই গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এইসমূহ সামগ্ৰীৰ আমদানীৰ বাবদ কোনোধৰণৰ সীমা শুল্ক কিম্বা ‘আইজিএছটি’ প্ৰদানৰ প্ৰয়োজন নহ’ব

Posted On: 03 MAY 2021 3:02PM by PIB Guwahati

ভিড-১৯মহামাৰীৰ পৰিপ্ৰেক্ষিতত কভিড সম্পৰ্কীয় চিকিত্সা সামগ্ৰীৰ ক্ষেত্ৰত নিৰ্দিষ্ট এক সময় কালৰ বাবে প্ৰযোজ্য হোৱাকৈ বুনিয়াদী শুল্ক তথা স্বাস্থ্য উপকৰ ৰেহাই দি কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনা জাৰি কৰিছে।  ৰেহাই  দানৰ এই তালিকাত অন্তৰ্ভুক্ত সামগ্ৰীসমূহ হল-

 

ক্ৰমিক নং

অধিসূচনা

উদ্দেশ্য

  1.  

27/2021-শুল্ক তাৰিখ 20.04.21 (অধিসূচনা29/2021-শুল্ক তাৰিখ 30.4.21ৰ আধাৰত সংশোধিত)

ৰেমডিছিভিৰ ইনজেকশ্যন / এপিআই আৰু বেটা চাইক্লডেক্সত্ৰিন(এবিইচিডি), ইফ্লেমেটৰী ডায়েগ্নষ্টিক(মেকাৰ্ছ)কিট, 31stঅক্টোবৰ,2021 পৰ্যন্ত

  1.  

28/2021-শুল্ক তাৰিখ 24.04.21

মেডিকেল গ্ৰেড অক্সিজেন, অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ, ক্ৰায়োজেনিক ট্ৰেন্সপোৰ্ট টেংকৰ দৰে অক্সিজেন থেৰাপী সম্পৰ্কীয় উপকৰণ আৰু ক’ভিড-১৯ৰ প্ৰতিষেধক, ৩১ জুলাই, ২০২১পৰ্যন্ত

 

ভাৰতত বিনামূলীয়াকৈ বিতৰণৰ বাবে ভাৰতৰ বাহিৰৰ পৰা অনুদান হিচাপে আগবঢ়াব খোজা/সংগ্ৰহ কৰা ক’ভিড-১৯ৰ সাহায্য সামগ্ৰী(ইতিমধ্যে সীমা-শুল্ক ৰেহাই দিয়া)ক ‘আইজিএছটি’ৰ পৰা ৰেহাই দিয়াৰ বাবে বিভিন্ন দাতব্য সংস্থা, নিগম/নিকায় তথা অন্যান্য অনুষ্ঠান/প্ৰতিষ্ঠানৰ পৰা জনোৱা গোঁহাৰি লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৩মে’, ২০২১তাৰিখে জাৰি কৰা ৪-২০২১নং নিৰ্দেশৰ জৰিয়তে এনেদৰে সংগৃহিত ক’ভিডৰ সাহায্য সামগ্ৰীক ‘আইজিএছটি’ৰ পৰা সাময়িক ভাবে ৰেহাই দান কৰে।

এই নিৰ্দেশনা ৩০জুন, ২০২১ পৰ্যন্ত বাহাল থাকিব। ইতিমধ্যে আমদানী কৰা অথচ নিৰ্দেশনা জাৰি কৰা দিন অৰ্থাত আজি পৰ্যন্ত মোকলাই নিনিয়া সামগ্ৰীসমূহৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হ’ব।

নিম্নোল্লিখিত চৰ্তসমূহৰ আধাৰত এই ৰেহাই প্ৰদান কৰা হ:

  1. এই ৰেহাইৰ চোৱা চিতা কৰৰ বাবে ৰাজ্য চৰকাৰসমূহে একোটা ন’ডেল প্ৰাধিকৰণক নিয়োজিত কৰিব লাগিব। ‘কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ আইন, ২০১৭’ৰ ২নং দফা(১০৩)ৰ আধাৰত বিধানসভা যুক্ত  এখন কেন্দ্ৰীয় শাসিত অঞ্চলকো ৰাজ্যৰ তালিকা ভুক্ত কৰা হৈছে।
  2. ক’ভিডৰ তেনে সাহায্য সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ কৰিব পৰাকৈ এনেদৰে নিযুক্ত কৰা ন’ডেল প্ৰাধিকৰণক নিকায় হিচাপে ন্যায্যতা প্ৰদান কৰি দয়িত্ব অৰ্পণ কৰিব লাগিব।
  3. ভাৰতৰ যিকোনো স্থানত বিনামূলীয়াকৈ বিতৰণ কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা উল্লিখিত সামগ্ৰীসমূহ কোনো ৰাজ্য চৰকাৰ অথবা কোনোবা নিকায়/সাহায্য সংস্থা/বিধিসংগত নিকায়ে সংগ্ৰহ কৰিব পাৰিব।
  4. সামগ্ৰীসমূহ যে দৰাচলতেই বিনামূলীয়া বিতৰণৰ বাবে সংগ্ৰহ কৰা হৈছে সেই সন্দৰ্ভত আমদানী কৰোতাই ন’ডেল প্ৰাধিকৰণৰ পৰা নিয়া এক প্ৰত্যায়িতকৰণ প্ৰমাণ পত্ৰ সামগ্ৰী মোকলোৱাৰ আগতে সীমা শুল্ক বিভাগৰ ওচৰত দাখিল কৰিব লাগিব।
  5. আমদানী কৰোতাই আমদানীকৃত সামগ্ৰীৰ সবিশেষৰ লগতে সামগ্ৰীসমূহযে বিনামূলীয়াকৈ বিতৰণ কৰা হ’ল সেই সম্পৰ্কীয় তথ্য সম্বলিত কৰি এক সাধাৰণ প্ৰতিবেদন আমদানীৰ ছমাহৰ ভিতৰত অথবা নমাহতকৈ অধিক নোহোৱা সম্প্ৰসাৰিত সময়ৰ ভিতৰত সীমা শুল্ক বিভাগৰ উপায়ুক্ত অথবা সহকাৰী আয়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব। ৰাজ্য চৰকাৰৰ ন’ডেল প্ৰাধিকৰণে এই প্ৰতিবেদন প্ৰত্যায়িত কৰিব লাগিব।

 

এই ৰেহাইৰ সুবাদত বিনামূলীয়াকৈ বিতৰণৰ বাবে বিনামূলীয়াকৈ আমদানী কৰিব খোজা কভিডৰ সাহায্য সামগ্ৰী আইজিএছটি (৩০ জুন, ২০২১ পৰ্যন্ত) আদায় নিদিয়াকৈয়ে আমদানী কৰিব কৰিব পৰা যাব।

যিহেতু সীমা শুল্ক ৰেহাই দানৰ সিদ্ধান্ত ইতিমধ্যেই গ্ৰহণ কৰা হৈছে, সেয়ে এইসমূহ সামগ্ৰীৰ আমদানীৰ বাবদ কোনোধৰণৰ সীমা শুল্ক কিম্বা আইজিএছটি প্ৰদানৰো প্ৰয়োজন নহব।

*****

 

RM/MV/KMN



(Release ID: 1715726) Visitor Counter : 261