প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰী ছুগা ইয়োশিহিদেৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 26 APR 2021 2:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী মহামান্য ছুগা ইয়োশিহিদেৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

 

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে উভয় দেশৰ কোভিড-১৯ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু মহামাৰীৰ দ্বাৰা উদ্ভৱ হোৱা বিভিন্ন আঞ্চলিক আৰু গোলকীয় প্ৰত্যাহ্বানসমূহক লৈ মত বিনিময় কৰে। দুয়োগৰাকীয়ে এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ভাৰত-জাপানৰ ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, দুয়োখন দেশেই গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু প্ৰযুক্তিৰ নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰাৰ লগতে নমনীয়, বৈচিত্ৰ্যময় আৰু বিশ্বাসযোগ্য যোগান শৃংখল গঢি় তুলিবলৈ একেলগে কাম কৰিব লাগিব। উৎপাদন আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত নতুন অংশীদাৰিত্ব গঢি় তোলা সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলাপ-আলোচনা কৰে। এই সন্দৰ্ভত দুয়োগৰাকী নেতাই পাৰস্পৰিক উদ্দেশ্যসমূহ পূৰণ আৰু দক্ষতাৰ ক্ষেত্ৰত উভয় দেশৰ মাজত সু-সমন্বয় গঢ়ি তুলিবলৈ স্পেচিফাইড স্কিলড ৱৰ্কাৰ্ছ (এছএছডব্লিউ) চুক্তিৰ আগতীয়া কাৰ্যকৰীকৰণ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক উজ্জ্বল উদাহৰণ হিচাপে মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে’ল (এমএএইচএছআৰ) প্ৰকল্পটোৰ কথাও উল্লেখ কৰে ইয়াৰ অগ্ৰগতিৰ বিষয়টোত সন্তোষ প্ৰকাশ কৰে।

 

দুয়োগৰাকী নেতাই কোভিড-১৯ মহামাৰীৰ সময়ত ইজনে সিজনৰ দেশত বসবাস কৰা নাগৰিকসকলক সকলোধৰণৰ সাহায্য প্ৰদান কৰা আৰু সুবিধা আগবঢ়োৱাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ প্ৰশংসা কৰে আৰু এনে সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মত হয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতক সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী ছুগাকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে আশা ব্যক্ত কৰে যে কোভিড-১৯ পৰিস্থিতি স্থিৰ হোৱাৰ পিছত অদূৰ ভৱিষ্যতে তেওঁ ভাৰতত প্ৰধানমন্ত্ৰী ছুগাক অভ্যৰ্থনা জনাবলৈ সক্ষম হ’ব।

 

***************

DS/AKJ/KG



(Release ID: 1714998) Visitor Counter : 248