প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে বাৰাণসীত কোভিড – ১৯ৰ বিষয়ে জনপ্রতিনিধি আৰু বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে

প্রশাসনে বাৰাণসীৰ জনসাধাৰণক সংবেদনশীলভাৱে সাহায্য কৰিব: প্রধানমন্ত্রী

২ গজ দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা জৰুৰী – এই নিয়মাৱলী মানি চলিব লাগিব আৰু ৪৫ বছৰৰ ওপৰৰ সকলোৱে যাতে টীকা পায়, প্রশাসনে তাক নিশ্চিত কৰিব লাগিব: প্রধানমন্ত্রী

নজৰদাৰী চিনাক্ত কৰা আৰু নমুনা পৰীক্ষাৰ ওপৰত প্রধানমন্ত্রীয়ে আকৌ গুৰুত্ব দিয়ে। প্রথম ঢৌৰ দৰে দ্বিতীয় ঢৌৰ বিৰুদ্ধেও যুঁজ গুৰুত্বপূর্ণ

কোভিড সংক্রমণ প্রতিহত কৰিবলৈ চৰকাৰ আৰু সমাজ উভয় পক্ষৰেই সহযোগিতাৰ প্রয়োজন : প্রধানমন্ত্রী

Posted On: 18 APR 2021 1:07PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত বাৰাণসী জিলাৰ কোভিড – ১৯ৰ পৰিস্থিতিক লৈ আজি পর্যালোচনা কৰে। বৈঠকত প্রধানমন্ত্রীয়ে কৰোণা প্রতিহত কৰিবলৈ নমুনা পৰীক্ষা, হাস্পাতালত শয্যাৰ সহজলভ্যতা, ঔষধ, টীকা, মানৱ সম্পদ ইত্যাদি বিষয়ে খবৰ লয়। কৰোণা সংক্রমিতসকলে যাতে যথাযথ চিকিৎসা পায়, সেই বিষয়ে বৈঠকত  আলোচনা হয়। প্রধানমন্ত্রীয়ে বিষয়াসকলক জনসাধাৰণক দ্রুত সকলো ধৰণৰ সাহায্যৰ নির্দেশ দিয়ে। 

 

আলোচনাত “২ গজ দূৰত্ব বজাই ৰখা আৰু মাস্ক পিন্ধা জৰুৰী” – এই নিয়মাৱলী মানি চলাৰ ওপৰত প্রধানমন্ত্রীয়ে গুৰুত্ব দিয়ে। টীকাকৰণ অভিযানৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ কয়, "৪৫ বছৰৰ ওপৰৰ সকলোৱে যাতে টীকা লয়, প্রশাসনে তাক নিশ্চিত কৰিব লাগিব।" তেওঁ বাৰাণসীৰ জনসাধাৰণে যাতে সর্বোচ্চ সংবেদনশীলভাৱে সম্ভাব্য সকলো ধৰণৰ সহযোগিতা পায়, তেওঁ প্রশাসনক সেই  নির্দেশ দিয়ে। 

 

প্রধানমন্ত্রীয়ে দেশৰ সকলো চিকিৎসক আৰু স্বাস্থ্যকর্মীক ধন্যবাদ জনাই কয় যে সঙ্কটৰ এই মুহূর্ততো তেওঁলোকে নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব পালন কৰিছে। তেওঁ কয় যে, যোৱা বছৰৰ অভিজ্ঞতাৰ পৰা আমি যি শিক্ষালাভ কৰিছো, তাৰ সহায়ত সতর্কভাৱে অহা দিনত  আগুৱাই যাব লাগিব।  

 

শ্রী মোদীয়ে কয় যে বাৰাণসীৰ জনপ্রতিনিধি হিচাপে তেওঁ সকলো সময়তে সাধাৰণ মানুহৰ পৰা পৰিস্থিতি সম্পর্কে জানিব পাৰে। যোৱা ৫ - ৬ বছৰ ধৰি বাৰাণসীত চিকিৎসা পৰিকাঠামোৰ সম্প্রসাৰণ আৰু আধুনিকীকৰণৰ ফলত কৰোণাৰ বিৰুদ্ধে এই যুঁজ কৰিবলৈ সুবিধা হৈছে। একেদৰে হাস্পাতালত শয্যাৰ সহজলভ্যতা, আইচিইউ আৰু অক্সিজেনৰ সৰবৰাহ বাৰাণসীত বঢ়াব লাগিব। সংক্রমিতৰ সংখ্যা বৃদ্ধি পোৱাত যি সমস্যাৰ সৃষ্টি হৈছে, তাক মোকাবিলা কৰাৰ বাবে আৰু অধিক উদ্যোগী হ'ব লাগিব। “কাশী কোভিড ৰেস্পন্স চেণ্টাৰ” যেনেকৈ দ্রুততাৰে প্ৰস্তুত কৰা হৈছিল, একেধৰণে বাৰাণসী প্রশাসনে সকলো ক্ষেত্রতে কামত গতি আনিব লাগিব। 

 

প্রধানমন্ত্রীয়ে নমুনা পৰীক্ষা, নজৰদাৰী আৰু চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়ে। প্রথম ঢৌৰ দৰেই এই ভাইৰাছৰ বিৰুদ্ধে যুঁজত জিকিবলৈ হ'লে একেই কৌশল ল'ব লাগিব। সংক্রমিতসকলৰ সংস্পর্শলৈ যি আহিছে, সেইসকলক চিনাক্ত কৰা আৰু নমুনা পৰীক্ষা কৰি তাৰ ৰিপোর্ট দ্রুত পোৱাৰ ওপৰত তেওঁ জোৰ দিয়ে। সংবেদনশীলভাৱে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল হোম আইছোলেচনত থকাৰ সময়ত প্রশাসনক  সকলো ধৰণৰ ব্যৱস্থা লোৱাৰ নির্দেশ দিয়া হৈছে।

 

শ্রী মোদীয়ে বাৰাণসীৰ স্বেচ্ছাসেৱক সংগঠনসমূহে যেনেকৈ চৰকাৰৰ সৈতে কাম কৰিছে, তাৰ প্রশংসা কৰিছে আৰু কয়, তেওঁলোকক আৰু উৎসাহিত কৰা প্রয়োজন। পৰিস্থিতিৰ দিশত আৰু কঠোৰ নজৰদাৰী আৰু সতর্কতা বজাই ৰাখিব লাগিব।

 

কোভিড সংক্রমণ ৰোধ কৰা আৰু চিকিৎসা সংক্রান্তীয় প্রস্তুতিৰ বিষয়ে বাৰাণসীৰ জনপ্রতিনিধি আৰু বিষয়াবৰ্গই ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত প্রধানমন্ত্রীক বিস্তাৰিতভাৱে জনায়। সংক্রমিতসকলৰ সংস্পর্শলৈ যিসকল আহিছে, তেওঁলোকক চিনাক্ত কৰাৰ বাবে কন্ট্রোলৰুম, হোম আইছোলেচনৰ বাবে কমাণ্ড এণ্ড কন্ট্রোল চেন্টাৰ গঢ়ি তোলাৰ উপৰিও এম্বুলেন্সৰ বাবে নির্ধাৰিত টেলিফোন লাইন, টেলিমেডিচিনৰ কন্ট্রোলৰুম, চহৰাঞ্চলত অতিৰিক্ত ৰেপিড ৰেস্পন্স টিম মোতায়েন ইত্যাদি বিভিন্ন পদক্ষেপৰ বিষয়ে প্রধানমন্ত্রীক জনোৱা হয়। এইপর্যন্ত ১, ৯৮,৩৮৩ জনে কোভিড টীকাৰ প্রথম ডোজ আৰু ৩৫,০১৪ জনে দুটা ডোজ পাইছে। 

 

বিধান পৰিষদৰ সদস্য আৰু বাৰাণসীৰ কোভিড সংক্রান্তীয় ব্যৱস্থাপনাৰ দায়িত্বপ্রাপ্ত  শ্রী এ কে শর্মা, আঞ্চলিক প্রধান শ্রী দীপক আগৰৱাল, পুলিচ কমিছনাৰ শ্রী এ সতীশ গণেশ, জিলা কালেক্টৰ শ্রী কৌশল ৰাজ শর্মা, পৌৰ কমিছনাৰ শ্রী গৌৰাঙ্গ ৰাঠী, চিফ মেডিকেল অফিচাৰ ডঃ এন পি সিং, বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ আইএমএছ নির্দেশক অধ্যাপক বি আৰ মিত্তল, ৰাজ্যৰ মন্ত্রী শ্রী নীলকান্ত তিৱাৰী আৰু শ্রী ৰবীন্দ্র জয়ছোৱাল, ৰোহানিয়াৰ বিধায়ক শ্রী সুৰেন্দ্র নাৰায়ণ সিং, বিধান পৰিষদৰ সদস্য শ্রী অশোক ধাৱান আৰু শ্রী লক্ষণ আচার্য্যই ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত এই বৈঠকত যোগ দিয়ে।

********

DS/VJ/AK



(Release ID: 1712611) Visitor Counter : 151