স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিগত ২৪ ঘণ্টাত ৩৬লাখ ড’জ প্ৰদানসহ টিকাকৰণ অভিযানে ৯.৪৩ কোটিতকৈ অধিক লোকক সামৰি লৈছে

১০খন ৰাজ্যত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে

মুঠ চিকিৎসাধীন ৰোগী ৭৩%ই ৫খন ৰাজ্যৰ

Posted On: 09 APR 2021 12:07PM by PIB Guwahati

আজি দেশত ক’ভিড-১৯ টিকাকৰণৰ সংখ্যাই ৯.৪৩ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

আজি পুৱা ৭ বজালৈকে ১২,২৮,৫০০টা পৰ্বৰ জৰিয়তে মুঠ ৯,৪৩,৩৪,২৬২টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৮৯,৭৪,৫১১গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৫৪,৪৯,১৫১গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ৯৮,১০,১৬৪গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৪৫,৪৩,৯৫৪গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৩,৭৫,৬৮,০৩৩গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ১৩,৬১,৩৬৭গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ২,৬১,০৩,৮১৪জন লোকক প্ৰথম ড’জ আৰু ৫,২৩,২৬৮জন লোকক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৬০%ই আঠখন ৰাজ্যৰ৷

বিগত ২৪ ঘণ্টাত ৩৬ লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হয়৷

টিকাকৰণ অভিযানৰ ৮৩তম দিন(৮ এপ্ৰিলত)ত দেশত ৩৬,৯১,৫১১জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ৪৯,৪১৬টা পৰ্বৰ জৰিয়তে ৩২,৮৫,০০৪গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৪,০৬,৫০৭জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

দৈনিক টিকাকৰণৰ সংখ্যাৰ বেলিকা ভাৰতে গড়ে ৩৭,৯৪,৩২৮টা ড’জ প্ৰদানেৰে বিশ্বক নেতৃত্ব প্ৰদান কৰিছে৷

ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,৩১,৯৬৮জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, চত্তীশগড়, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, তামিলনাডু, গুজৰাট আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৮৩.২৯%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৬,২৮৬জন, চত্তীশগড়ত ১০,৫৬২জন আৰু উত্তৰপ্ৰদেশত ৮,৪৭৪জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

১২খন ৰাজ্যত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো তলৰ লেখচিত্ৰত প্ৰতিফলিত হৈছে৷

তলৰ লেখচিত্ৰত ভাৰতৰ দৈনিক আক্ৰান্তৰ গতি আৰু দৈনিক পৰীক্ষাৰ সংখ্যা দেখুৱাইছে৷

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,১৯,১৩,২৯২জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯১.২২%লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৬১,৮৯৯জন ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৭৮০জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৯২.৮২%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৭৬জন লোকৰ মৃত্যু হৈছে৷ চত্তীশগড়তো ৯৪৭জন ৰোগীৰ মৃত্যু হৈছে৷

২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-ৰাজস্থান, ওড়িশা, পুডুচেৰী, লাডাখ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, নাগালেণ্ড,  ত্ৰিপুৰা, ছিকিম, লাক্ষাদ্বীপ, মিজোৰাম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ৷

****

 

MV/DB



(Release ID: 1710821) Visitor Counter : 212