প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডঃ হৰেকৃষ্ণ মেহতাব ৰচিত ওডিশা ইতিহাসৰ হিন্দী সংস্কৰণ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৯ এপ্ৰিল তাৰিখে

प्रविष्टि तिथि: 07 APR 2021 1:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এপ্ৰিলৰ দিনৰ ১২ বজাত নতুন দিল্লীৰ জনপথস্থিত আম্বেদকাৰ ইন্টাৰনেশ্যনেল চেন্টাৰত ‘উৎকল কেশৰী’ ডঃ হৰেকৃষ্ণ মেহতাবৰ ‘ওডিশা ইতিহাস’ৰ হিন্দী সংস্কৰণটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। উল্লেখ্য যে এইপৰ্যন্ত এই গ্ৰন্থখনৰ ওডিয়া আৰু ইংৰাজী সংস্কৰণহে পোৱা গৈছিল। শ্ৰী শঙ্কৰলাল পুৰোহিতে এই গ্ৰন্থখনৰ হিন্দী সংস্কৰণটো অনুবাদ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু লোকসভাৰ কটক কেন্দ্ৰৰ সাংসদ শ্ৰী ভৰ্তৃহৰি মেহতাবো উপস্থিত থাকিব। হিন্দী ভাষাত এই সংস্কৰণ প্ৰকাশৰ এই অনুষ্ঠানৰ আয়োজক হৰেকৃষ্ণ মেহতাব ফাউণ্ডেশ্যন।

 

লেখক পৰিচিতি-

ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিচিত নাম ডঃ হৰেকৃষ্ণ মেহতাব। তেওঁ ১৯৪৬ চনৰ পৰা ১৯৫০ আৰু ১৯৫৬ চনৰ পৰা ১৯৬১ পৰ্যন্ত ওডিশাৰ মুখ্যমন্ত্ৰী আছিল। ১৯৪২ চনৰ পৰা ১৯৪৫ চনৰ সময়ছোৱাত আহমেদনগৰ দুৰ্গৰ জেলত বন্দী হৈ থকাৰ সময়ত তেওঁ ‘ওডিশা ইতিহাস’ গ্ৰন্থখন লিখিছিল।

 

*****

DS/VJ/AK/RD


(रिलीज़ आईडी: 1710322) आगंतुक पटल : 254
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Malayalam