স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে কেবিনেট সচিবে

১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক’ভিড পৰিস্থিতি ‘উদ্বেগজনক’

বিশেষকৈ শোচনীয় হৈছে মহাৰাষ্ট্ৰ, পাঞ্জাৱ আৰু চত্তিশগড়ৰ পৰিস্থিতি

সংক্ৰমণৰোধৰ বাবে পৰীক্ষণৰ হাৰ বৃদ্ধি, কঠোৰ আৱদ্ধকৰণ, সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহোতাসকলৰ তত্কালীন অনুসৰণ তথা ‘ক’ভিড-উপযুক্ত আচৰণ বিধি’ৰ বলবত্কৰণৰ দৰে পাঁচোটা ব্যৱস্থাৰ অন্যতম হৈছে প্ৰতিষেধক

Posted On: 02 APR 2021 6:26PM by PIB Guwahati

দেশৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত দুটা সপ্তাহ ধৰি দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিডৰ পুনৰ সংক্ৰমণৰ লগতে আক্ৰান্তৰ মৃত্যুৰ পৰিসংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট ৰাজ্য তথা অঞ্চলসমূহৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু স্বাস্থ্য-সচিবসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট-সচিবগৰাকীয়ে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভাত মিলিত হয়। পৰ্যালোচনা সভাখনত ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰিব খোজা বিভিন্ন কৌশল, সামগ্ৰিক প্ৰবন্ধন আদিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। সভাত অন্যান্যসকলৰ লগতে ‘নীতি আয়োগ’ৰ স্বাস্থ্য বিভাগৰ সদস্যগৰাকী, কেন্দ্ৰীয় গৃহ সচিব, কেন্দ্ৰীয় স্বাস্থ্য সচিব, কেন্দ্ৰীয় সচিব(তথ্য আৰু সম্প্ৰচাৰ), ‘আইচিএমআৰ’-ৰ সঞ্চালক প্ৰধান আৰু ‘এনচিডিচি’-ৰ সঞ্চালকগৰাকীয়েও অংশগ্ৰহণ কৰে।

যোৱা পষেকটোত ঘটা দেশৰ ক’ভিড পৰিস্থিতিৰ অৱনতিত উদ্বিগ্নতা প্ৰকাশ কৰা কেন্দ্ৰীয় কেবিনেট সচিবগৰাকীয়ে উল্লখ কৰি কয় যে ২০২১চনৰ মাৰ্চ মাহত ক’ভিডৰ সংক্ৰমণৰ হাৰ ৬.৮%লৈ বৃদ্ধি পাইছে আৰু এই হাৰে ২০২০চনৰ জুন মাহৰ ৫.৫%ৰ সীমা অতিক্ৰম কৰিছে। শেহতীয়া সময়ছোৱাত দেশত দৈনিক মৃত্যু হোৱা ক’ভিড আক্ৰান্তৰ হাৰো ৫.৫%লৈ বৃদ্ধি পাইছে। ২০২০চনত ক’ভিডৰ সংক্ৰমণৰ হাৰে শীৰ্ষাৰোহণ কৰাৰ মুহূৰ্ততহে দেশত দৈনিক নতুনকৈ আক্ৰান্তৰ পৰিমাণ প্ৰায় ৯৭,০০০ হৈছিল যদিও শেহতীয়া পৰিস্থিতিত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা দিন দিয়েকৰ ভিতৰতে ৮১,০০০লৈ বৃদ্ধি পাইছে।

সভাত কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে দেশৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ এক বিস্তৃত বিশ্লেষণ দাঙি ধৰাৰ বিপৰীতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে ‘ক’ভিড-উপযুক্ত আচৰণ বিধি’ বলবত্কৰণৰ বাবে প্ৰভাৱশালী প্ৰচাৰ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ প্ৰসংগিকতা আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। ক’ভিডৰ বংশাণুক্ৰমিক বিশ্লেষণ তথা অনুক্ৰম যুগুতাব পৰাকৈ বিভিন্ন ৰাজ্যৰ সংক্ৰমণৰ ধাৰা, ক’ভিডৰ ৰূপান্তৰণ তথা মহামাৰীবিজ্ঞান সম্পৰ্কীয় বিস্তৃত তথ্য আগবঢ়াবলৈ সকলো ৰাজ্যকে আগভাগ লোৱাত গুৰুত্ব আৰোপ কৰে ড০ ভি কে পালে। ক’ভিডে শেচনীয় কৰা দেশৰ ১১খন ৰাজ্যত যথোচিত ভাবে আৱদ্ধকৰণ কৰ্যক্ৰম আগ নবঢ়াৰ কথাটো উনুকিয়াই দিয়ে কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে। তেওঁ সংশ্লিষ্ট ৰাজ্যকেইখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা কঠোৰ ভাবে বলবত্ কৰাৰ দিহা কৰাৰ বাবে আহ্বান জনায়।

সংক্ৰমণ আৰু মৃত্যুৰ হাৰ বৃদ্ধিৰ পৰিসংখ্যাৰে দেশৰ ১১খন ৰাজ্যৰ শেহতীয়া পৰিস্থিতি ‘উদ্বেগজনক’ বুলি অভিহিত কৰা হৈছে। ৩১মাৰ্চ পৰ্যন্ত যোৱা ১৪দিনত দেশত আক্ৰান্ত হোৱাসকলৰ ৯০% আৰু মৃত্যু হোৱাসকলৰ ৯০.৫%ই এইকেইখন ৰাজ্যৰ বুলি তথ্য দাঙি ধৰা হৈছে। এই হাৰে যোৱাটো বছৰত মহামাৰীয়ে শীৰ্ষাৰোহণ কৰা সময়ৰ পৰিসংখ্যা অতিক্ৰম কৰিছে বুলিও নিশ্চিত কৰা হৈছে।

পৰিস্থিতিৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত কেবিনেট সচিবগৰাকীয়ে মহামাৰীক নিৰস্ত্ৰ কৰাৰ বাবে আৱদ্ধকৰণ আৰু নিৰীক্ষণৰ লগতে ব্যাপক টীকাকৰণ তথা ‘ক’ভিড-উপযুক্ত আচৰণ বিধি’ কঠোৰ ভাবে বলবত্কৰণত গুৰুত্ব আৰোপ কৰে। ইফালে, তলত উল্লেখ কৰা বিধি ব্যৱস্থাসমূহ বিশেষ ভাবে ৰূপায়ণৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ দিয়া হয়:

  • সংক্ৰমণৰ হাৰ ৫% অথবা তাৰ তাৰ তললৈ আনিব পাৰকৈ নমুনা পৰীক্ষণৰ হাৰ বৃদ্ধি কৰা
  • মুঠ পৰীক্ষণৰ ৭০%ৰ ‘আৰটি-পিচিআৰ’ পৰীক্ষণ কৰাটো নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা
  • পৰীক্ষাগাৰসমূহত নিয়মীয়া পৰ্যালোচনাৰ জৰিয়তে পৰীক্ষণৰ ফলাফল প্ৰদানৰ বাবে কৰিবলগীয়া আপেক্ষাৰ সময় হ্ৰাস কৰা
  • নতুনকৈ সংক্ৰমিত ঘন জনবসতি পূৰ্ণ অঞ্চলত ‘ৰেপিড এণ্টিজেন’ পৰীক্ষা সণ্টালনী হাৰত সম্পন্ন কৰা
  • লক্ষণযুক্ত সকলো ‘আৰএটি নিগেটিভ’ ব্যক্তিৰ ‘আৰটি-পিচিআৰ’ পৰীক্ষণ বাধ্যতামূলক কৰা
  • সংক্ৰমিত ব্যক্তিক প্ৰভাৱশালী আৰু তাত্ক্ষণিক ভাবে আনুষ্ঠানিক আচুতীয়াকৰণ কক্ষত আৱদ্ধ কৰাটো নিশ্চিত কৰা। ঘৰতে আৱদ্ধকৰণত থকাসকলৰ নিয়মীয়া নিৰীক্ষণ নিশ্চিত কৰা। এনে ব্যক্তিক প্ৰয়োজনত চিকিত্সালয়লৈ স্থানান্তৰিত কৰা
  • আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ২৫ৰ পৰা ৩০গৰাকী ব্যক্তিৰ অনুসন্ধান নিশ্চিত কৰা। ৭২ঘণ্টাৰ ভিতৰত তেওঁলোকৰ আচুতীয়াকৰণ নিশ্চিত কৰা আৰু পৰৱৰ্তি পৰীক্ষণ তথা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা
  • সংক্ৰমণৰ ধাৰাবাহিকতা বিঘ্নিত কৰিব পৰাকৈ ‘কণ্টেইনমেণ্ট জ’ন’-ক্ষুদ্ৰ ‘কণ্টেইনমেণ্ট জ’ন’ স্থাপন কৰা।

 

সেইদৰে, পৰিস্থিতি প্ৰশমিত কৰাৰ বাবে আক্ৰান্তৰ চিকিত্সালয়লৈ আহোতে হোৱা বিলম্ব আৰু ‘ৰাষ্ট্ৰীয় চিকিত্সালয় প্ৰবন্ধন বিধি নিৰ্দেশনা’ অবজ্ঞাৰ দৰে কথাবোৰ নোহোৱা কৰাৰ বাবে চিকিত্সালয় ভিত্তিক মৃত্যুৰ হাৰ পৰীক্ষাৰ ব্যৱস্থা কৰা, যথোচিত ৰণ-কৌশল যুগুতোৱাতো গুৰুত্ব আৰোপ কৰা হৈছে।

দিনৌ হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ স্বাস্থ্য-সম্পদসমূহৰ সা-সুবিধা বৃদ্ধি কৰাৰ বাবে ৰাজ্যসমূহক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হয়। সেই অনুসৰি:

  • আচুতীয়াকৰণ কক্ষৰ বিচনা, অক্সিজেন-সংযুক্ত বিচনা, ভেণ্টিলেটৰ-আইচিইউ কক্ষৰ বিচনাৰ সংখ্যা বৃদ্ধি কৰা
  • পৰ্যাপ্ত পৰিমাণে অক্সিজেনৰ যোগান ধৰিব পৰাকৈ পৰিকল্পনা কৰা
  • এম্বুলেন্স সেৱা শক্তিশালী কৰা আৰু এনে সেৱা বিচৰাসকলৰ প্ৰতি তত্কালীন সঁহাৰিৰ ব্যৱস্থা কৰিব পৰাকৈ সষ্টম কৰা
  • কৰ্তব্যৰত কৰ্মচাৰীৰ সংখ্যা পৰ্যাপ্ত কৰিব পৰাকৈ ঠিকাভিত্তিক কৰ্মীৰ মকৰল কৰা
  • নতুন দিল্লীৰ ‘এইমছ’ অথবা ৰাজ্যৰ ‘ক’ৰ টীম’ৰ সৈতে যোগাযোগৰ জৰিয়তে নিয়মীয়া ‘টেলি-পৰামৰ্শ দান’ৰ ব্যৱস্থা কৰা
  • ‘ক’ভিড-উপযুক্ত আচৰণ বিধি’ৰ কঠোৰ বলবত্কৰণৰ ব্যৱস্থা কৰা
  • বিভিন্ন প্ৰচাৰ মাধ্যম, মঞ্চৰ জৰিয়তে ‘দৱাই ভী, কড়াই ভী’-ৰ দৰে বাৰ্তা বহুল প্ৰচাৰৰ ব্যৱস্থা কৰা

সেইদৰে টীকাকৰণৰ ক্ষেত্ৰতো ৰাজ্যসমূহক নিম্নোল্লিখিত ব্যৱস্থাসমূহ গ্ৰহণৰ নিৰ্দেশ দিয়া হয় :

  • যোগ্যতা সম্পন্ন স্বাস্থ্য কৰ্মী, আগশাৰীত থাকি কাম কৰা কৰ্মীসকল তথা বয়সসীমাৰ অন্তভুক্ত ব্যক্তিসকলক সময়-নিৰ্দ্ধাৰিত পৰিকল্পনাৰ আধাৰত ১০০% টীকাকৰণৰ দিহা কৰা
  • পৰ্যাপ্ত প্ৰতিষেধক নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য্ মন্ত্ৰালয়ৰে সমন্বয় সাধন কৰা।
  • সকলো ‘কল্ড চেইন পয়ণ্ট’ৰ পৰা প্ৰতিষেধকৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় তথ্যৰ পৰ্যালোচনা অব্যাহত ৰখা

ক’ভিড পৰিস্থিতি চম্ভলাৰ বাবে প্ৰয়োজন হোৱা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব পৰাকৈ ৰাজ্য প্ৰশাসনক জড়িত কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মুখ্য সচিবসকলক বিশেষ ভূমিকা গ্ৰহণৰ বাবে কেবিনেট সচিবগৰাকীয়ে গোঁহাৰি জনায়। এই কাৰ্যত ‘সমগ্ৰ চৰকাৰ খনেই উবুৰি পৰা’কৈ জড়িত হোৱাতো গুৰুত্ব আৰোপ কৰা হয়।

****

MV/KB



(Release ID: 1709450) Visitor Counter : 211