প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সুৰক্ষাৰ অৰ্থে কাম কৰি থকা সকলোকে প্ৰধানমন্ত্ৰীৰ অভিবাদন

Posted On: 03 MAR 2021 9:54AM by PIB Guwahati

আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সুৰক্ষাৰ অৰ্থে কাম কৰি থকা সকলোকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “#WorldWildlifeDay উপলক্ষে, মই বন্যপ্ৰাণী সুৰক্ষাৰ অৰ্থে কাম কৰি থকা সকলোকে অভিনন্দন জনাইছো। সিংহৰ ক্ষেত্ৰতেই হওঁক বা বাঘ আৰু নাহৰফুটুকীৰ ক্ষেত্ৰতেই হওঁক, ভাৰতত ভিন্ন জীৱ-জন্তুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। আমাৰ জীৱ-জন্তুসমূহৰ সুৰক্ষিত বাসস্থান আৰু আমাৰ বনাঞ্চলসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি সম্ভৱপৰ সকলো কৰা উচিত।”

**********

DS/AKJ/SB



(Release ID: 1702142) Visitor Counter : 145