স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা অৱনমিত হ’ল ১.৫লাখৰ তললৈ, আজিৰ তাৰিখত এই সংখ্যা ১.৪৭ লাখ

ভাৰতৰ টীকাকৰণৰ সৰ্বমুঠ সংখ্যাই অতিক্ৰমিলে ১.১৭কোটিৰ ঘৰ

দৈনিক মৃত্যুৰ সংখ্যা ১০০ৰ তলত, ২৪ঘণ্টাত দেশৰ ২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা নাই কোনো মৃত্যুৰ খবৰ

Posted On: 23 FEB 2021 11:38AM by PIB Guwahati

দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ১.৫০লাখৰ তললৈ অৱনমিত হৈছে। আজিৰ তাৰিখত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১.৪৭,৩০৬গৰাকী।

দেশৰ মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ শতাংশ হাৰ এতিয়া হৈছেহি ১.৩৪%।

শেহতীয়া ২৪ঘণ্টাত ১০,৫৮৪গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩,২৫৫গৰাকী লোক আৰোগ্য হোৱা বুলি তথ্য উপলব্ধ হৈছে। ইয়াৰ ফলত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ২,৭৪৯গৰাকীৰে অৱনমিত হৈছে।

ভাৰতত দিনৌ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰো নিৰন্তৰ ভাবে অৱনমিত হোৱা পৰিলক্ষিত হৈছে। যোৱা ২৪ ঘণ্টাত দেশত ৭৮গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰা হৈছে।

আনহাতে, দেশৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা যোৱা ২৪ঘণ্টাত এটাও মৃত্যুৰ তথ্য পোৱা হোৱা নাই। সেয়া হৈছে, মধ্য প্ৰদেশ, অসম, ৰাজস্থান, হাৰিয়াণা, জম্মু আৰু কাশ্মীৰ, ওড়িশা, অন্ধ্ৰ প্ৰদেশ. গোৱা, হিমাচল প্ৰদেশ, পুডুচেৰী, লক্ষাদ্বীপ, মণিপুৰ, ছিক্কিম, ত্ৰিপুৰা, লাডাখ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, দমন আৰু দিউ আৰু দদ্ৰা আৰু নগৰ হাভেলী।

ইফালে, ২২ ফেব্ৰুৱাৰী ২০২১(টীকাকৰণৰ ৩৮সংখ্যক দিন)ৰ পুৱা ৮বজা পৰ্যন্ত দেশত অনুষ্ঠিত ২,৪৪,৮৭৭টা টীকাকৰণ শিবিৰৰ জৰিয়তে ১,১৭,৪৫,৫৫২গৰাকী স্বাস্থ্যসেৱা কৰ্মী আৰু আগশাৰীৰ সেৱা কৰ্মীক ক’ভিড-১৯ বিৰোধী টীকা প্ৰদান কৰা হৈছে। উল্লেখ্য, যোৱা ১৬ জানুৱাৰী, ২০২১ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি টীকাকৰণ অভিযানৰ শুভাৰম্ভ ঘোষণা কৰিছিল।

এইসকলৰ মাজত ৬৪,৫১,২৫১গৰাকী স্বাস্থ্যসেৱা কৰ্মী(প্ৰথম পালি), ১২,৫৮,১৭৭গৰাকী স্বাস্থ্যসেৱা কৰ্মী (দ্বিতীয় পালি) আৰু ৪০,৩৬,১২৪(প্ৰথম পালি)আগশাৰীৰ সেৱা কৰ্মী আছিল।

প্ৰথম পালি টীকা লোৱাৰ পৰা ২৮টা দিন সম্পূৰ্ণ কৰা সকলক যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা কৰা হয়। আগশাৰীৰ সেৱা কৰ্মীসকলক যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হৈছিল।

ক্ৰমিক নং

No.

 

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ

সংখ্যা

 

প্ৰথম পালি

দ্বিতীয় পালি

Total Doses                                               মুঠ

1

আন্দামান আৰু নিকোবৰ

5,442

1,870

7,312

2

অন্ধ্ৰ প্ৰদেশ

4,27,444

1,02,376

5,29,820

3

অৰুণাচল প্ৰদেশ

21,318

5,332

26,650

4

অসম

1,65,110

13,992

1,79,102

5

বিহাৰ

5,26,159

56,791

5,82,950

6

চণ্ডীগড়

14,198

1,089

15,287

7

চত্তিশগড়

3,50,716

28,186

3,78,902

8

দাদ্ৰা আৰু নগৰ হাভেলী

5,019

252

5,271

9

দমন আৰু দিউ

1,767

254

2,021

10

দিল্লী

3,15,841

22,788

3,38,629

11

গোৱা

15,542

1,269

16,811

12

গুজৰাট

8,24,119

73,547

8,97,666

13

হাৰিয়াণা

2,13,802

41,811

2,55,613

14

হিমাচল প্ৰদেশ

96,278

12,412

1,08,690

15

জম্মু আৰু কাশ্মীৰ

2,10,544

9,315

2,19,859

16

ঝাৰখণ্ড

2,61,339

13,394

2,74,733

17

কৰ্ণাটক

5,53,888

1,40,076

6,93,964

18

কেৰালা

4,05,697

56,232

4,61,929

19

লাডাখ

6,610

610

7,220

20

লাক্ষাদ্বীপ

2,333

591

2,924

21

মধ্য প্ৰদেশ

6,43,277

32,124

6,75,401

22

মহাৰাষ্ট্ৰ

9,16,977

68,978

9,85,955

23

মণিপুৰ

41,799

1,798

43,597

24

মেঘালয়

25,998

960

26,958

25

মিজোৰাম

15,749

3,052

18,801

26

নাগালেণ্ড

23,391

4,418

27,809

27

ওড়িশা

4,43,401

1,22,741

5,66,142

28

পুডুচেৰী

9,356

981

10,337

29

পাঞ্জাৱ

1,27,528

20,538

1,48,066

30

ৰাজস্থান

7,82,710

62,183

8,44,893

31

ছিক্কিম

13,384

775

14,159

32

তামিল নাডু

3,49,527

36,073

3,85,600

33

তেলেংগাণা

2,81,365

1,05,936

3,87,301

34

ত্ৰিপুৰা

84,254

15,066

99,320

35

উত্তৰ প্ৰদেশ

11,40,754

86,021

12,26,775

36

উত্তৰাখণ্ড

1,33,636

9,682

1,43,318

37

পশ্চিম বংগ

6,73,939

69,651

7,43,590

38

অন্যন্য

3,57,164

35,013

3,92,177

মুঠ

1,04,87,375

 

12,58,177

 

1,17,45,552

 

           

 

টীকাকৰণৰ ৩৮সংখ্যক দিন(২২ ফেব্ৰুৱাৰী,২০২১)টোত মুঠ ৬,২৮,৬৯৬পালি টীকা প্ৰদান কৰা হয়। আজি সম্পন্ন হোৱা ১২,৫৬০টা অধিৱেশনত ইয়াৰে ৩,৩৮,৩৭৩গৰাকী হিতাধিকাৰীয়ে প্ৰথম পালি আৰু ২,৯০,৩২৩গৰাকী স্বাস্থ্য সেৱা কৰ্মীয়ে টীকাৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিছে।

ইফালে, ১,১৭,৪৫,৫৫২পালি প্ৰতিষেধকৰ প্ৰথমটো পালি হিচাপে গ্ৰহণ কৰে ১,০৪,৮৭,৩৭৫(স্বাস্থ্য সেৱা কৰ্মী আৰু আগশাৰীৰৰ সেৱা কৰ্মী)গৰাকী আৰু দ্বিতীয় পালি হিচাপে গ্ৰহণ কৰে ১২,৫৮,১৭৭গৰাকীয়ে।

মুঠ প্ৰতিষেধকৰ ৫১.৬৬% পালিয়েই ব্যৱহৃত হৈছে ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত। উত্তৰ প্ৰদেশে অকলেই ব্যৱহাৰ কৰিছে ১০.৪%(১২,২৬,৭৭৫পালি)।

ইফালে, দ্বিতীয় পালি হিচাপে গ্ৰহণ কৰা মুঠ প্ৰতিষেধকৰ ৬১.১৫%ই ব্যৱহৃত হৈছে ৮খন ৰাজ্যই। ইয়াৰে কৰ্ণাটকে অকলেই ব্যৱহাৰ কৰিছে ১১.১৩%(১,৪০,০৭৬পালি)।   

দেশত এই পৰ্যন্ত ১.০৭কোটিৰো অধিক (১,০৭,১২,৬৬৫)লোকে আৰোগ্য লাভ কৰিছে। আজিৰ তাৰিখত ভাৰতৰ আৰোগ্যৰ হাৰ ৯৭.২২% বুলি নিশ্চিত কৰা হৈছে, এই হাৰ পৃথিৱীৰ ভিতৰতে অন্যতম সৰ্বাধিক বুলিও প্ৰতিপন্ন হৈছে। আৰোগ্য লাভ কৰোতা আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান বৃদ্ধি হৈ আজি হৈছেগৈ ১,০৫,৬৫,৩৫৯ গৰাকী।

নতুনকৈ আৰোগ্য লাভ কৰা লোকৰ ৮৬.৫৬%ই ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এদিনত সৰ্বাধিক সংখ্যক ৰোগীয়ে আৰোগ্য লাভ কৰা তালিকাত ৫,২১০গৰাকী আৰোগ্যৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। আনহাতে ২,২১২ আৰু ৪৪৯গৰাকীৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু তামিল নাডু।

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৮৪%ই ৬খন ৰাজ্যৰ।

এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ৫,২১০গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ২,২১২ আৰু ৪৪৯গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু তামিল নাডু।

মৃত্যু সাৱটা ৮৪.৬২% মৃতকেই ৬খন ৰাজ্যৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ১৮গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালাত ১৬গৰাকী আৰু পঞ্জাৱত ১৫গৰাকী লোকৰ মৃত্যু হৈছে।

****

MV/SJ/KB



(Release ID: 1700365) Visitor Counter : 188