প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

COP ২৬ ৰ মনোনীত সভাপতি আলোক শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

प्रविष्टि तिथि: 16 FEB 2021 7:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন সংক্ৰান্তীয় ২৬তম সন্মিলন COP ২৬ ৰ মনোনীত সভাপতি শ্ৰী আলোক শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন সংক্ৰান্তীয় সংগঠন ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ (UNFCCC) – ৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে COP ক চিহ্নিত কৰা হয়। COP ৰ ২৬তম অধিৱেশন এইবছৰ নৱেম্বৰ মাহত ব্ৰিটেইনৰ গ্লাছগ’ চহৰত অনুষ্ঠিত হ’ব।


COP ২৬- ত জলবায়ু পৰিবৰ্তন সংক্ৰান্তীয় বিভিন্ন বিষয়ক লৈ ভাৰত আৰু ব্ৰিটেইনৰ মাজত সহযোগিতাৰ লগতে প্ৰধানমন্ত্ৰী আৰু শ্ৰী শৰ্মাই আলোচনা কৰে। পেৰিছ চুক্তিৰ বিষয়েও ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, COP ২৬ ক সফল কৰি তুলিবলৈ গঠনমূলক উদ্যোগ গ্ৰহণ কৰা হ’ব। ২০০০ চনৰ ডিচেম্বৰ মাহত উচ্চাকাঙ্খী জলবায়ু সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ প্ৰসঙ্গটোও শ্ৰী শৰ্মাই উল্লেখ কৰে।

ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সম্পৰ্কক আৰু দৃঢ় কৰাৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিচ জনছনৰ সৈতেও একত্ৰিত হৈ কাম কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে।
 

 

*************


DS/SH/RD


(रिलीज़ आईडी: 1698610) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Gujarati , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam