প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৬ ফেব্রুৱাৰী আন্তঃগাঁথনিমূলক খণ্ডত কেন্দ্রীয় বাজেটৰ সঠিক ৰূপায়ণক লৈ ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে পৰামর্শ গ্রহণৰ বাবে আয়োজিত ৱেবিনাৰত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 FEB 2021 8:24PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৬ ফেব্রুৱাৰীত আন্তঃগাঁথনিমূলক খণ্ডত কেন্দ্রীয় বাজেটৰ সঠিক ৰূপায়ণক লৈ ৰোডমেপ প্ৰস্তুত কৰাৰ পৰামর্শ গ্রহণৰ বাবে আয়োজিত ৱেবিনাৰৰ বিয়লি ৪বজাত  ভাষণ আগবঢ়াব৷

 

ৱেবিনাৰৰ বিষয়ে

এই ৱেবিনাৰত ২০০গৰাকী প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ ইয়াৰ ভিতৰত বিভিন্ন সংস্থাৰ প্রতিনিধি আৰু উপদেষ্টা আছে৷ প্রতিনিধি দলৰ সদস্যসকলে আন্তঃগাঁথনিমূলক উন্নয়ন আৰু গুণগত মান বজাই ৰখাৰ ক্ষেত্রত তেওঁলোকৰ মতামত সদৰি কৰিব৷ ইয়াৰ সমান্তৰালভাৱে আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু বিনিয়োগৰ ওপৰতো আলোকপাত কৰিব৷

 

ৱেবিনাৰখনি একে সময়তে দুটা পর্যায়ত আলোচনা কৰা হ’ব, য’ত বিভিন্ন মন্ত্রী আৰু উচ্চপদস্থ বিষয়াসকলে আলোচনাত অংশ গ্ৰহণ কৰিব৷ ২০২১-২২ৰ কেন্দ্রীয় বাজেট সঠিক ৰূপায়ণক লৈ ৰোডমেপ প্ৰস্তুত কৰাৰ লগতে সংশ্লিষ্ট মহলৰ পৰামর্শ গ্রহণ কৰা হ’ব৷

*****

DS/SH/DB



(Release ID: 1698557) Visitor Counter : 155