প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তামিলনাডুৰ বিৰুধুনগৰত ফটকা কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত দুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ; ক্ষতিগ্ৰস্তসকলৰ বাবে এককালীন সাহায্যত অনুমোদন
পোষ্ট কৰা হৈছে:
12 FEB 2021 5:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ বিৰুধুনগৰত ফটকা কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত দুখ প্ৰকাশ কৰে আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
এই সন্দৰ্ভত এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘তামিলনাডুৰ বিৰুধুনগৰত ফটকা কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা দুখজনক। দুখৰ এই ক্ষণত মোৰ মন শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে। মই আশা কৰিছোঁ আঘাতপ্ৰাপ্তসকল সোনকালে সুস্থ হৈ উঠিব। ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ প্ৰশাসনে অহৰহ কাম কৰি আছে।
তামিলনাডুৰ বিৰুধুনগৰত সংঘটিত উক্ত ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। গুৰুতৰভাৱে আহতসকলক ৫০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।
*******
DS/SH/KG
(ৰিলিজ আই ডি : 1697660)
অতিথি কক্ষ : 145
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam