PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 03 FEB 2021 5:51PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

Image

Image

Image

১৮ দিনতে ৪০লাখ লোকক ভিড টিকাকৰণ কৰা ক্ষিপ্ৰতম দেশত পৰিণত ভাৰত; মুঠ আক্ৰান্তৰ বিপৰীতে চিকিৎসাধীন ৰোগীৰ হাৰ .%লৈ নিম্নগামী; ১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত এজনো ৰোগীৰ মৃত্যু তথ্য পোৱা নাই

বিশ্ব মহামাৰীৰ বিৰুদ্ধে ভাৰতে ইয়াৰ যুঁজৰ ধাৰাবাহিকতা অব্যাহত ৰাখি বৃহৎ সাফল্য অৰ্জন কৰিছে৷ এক উল্লেখযোগ্য সফলতা হিচাপে ভাৰতে অতি কম সময়তে ৪০লাখ লোকক ভিড টিকাকৰণ কৰা বিশ্বৰ ক্ষিপ্ৰতম দেশত পৰিণত হৈছে৷ ভাৰতে ১৮ দিনতে এই কৃতিত্ব অৰ্জন কৰিছে৷ ২০২১ৰ ১ ফেব্ৰুৱাৰীলৈকে জনসাধাৰণক টিকাকৰণ কৰাৰ দিশত ভাৰত বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ শাৰীত আছে৷ ভাৰতে টিকাকৰণ অভিযানৰ গতি সদায়েই বৃদ্ধি কৰি আহিছে৷ অন্যান্য দিশতো ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজে সদায় সফলতা লাভ কৰিছে৷ ১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত এজনো ৰোগীৰ মৃত্যু তথ্য পোৱা নাই৷ সেই ৰাজ্যসমূহ হৈছে- অসম, আন্দামান আৰু নিকোবৰ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, অৰুণাচলপ্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, লাক্ষাদ্বীপ, লাডাখ(কে.শা.) ছিকিম, মনিপুৰ, পুডুচেৰী, গোৱা আৰু ওড়িশা৷ বিগত ২৪ ঘণ্টাত দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৬০,০৫৭জনলৈ হ্ৰাস পাইছে৷ মুঠ আক্ৰান্ত ৰোগীৰ বিপৰীতে দেশৰ চিকিৎসাধীন ৰোগীৰ হাৰ ১.৪৯%লৈ হ্ৰাস পাইছে৷ বিগত ২৪ ঘণ্টাত ১১,০৩৯জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে একে সময়তে ১৪,২২৫গৰাকী ৰোগী আৰোগ্য হৈছে৷ ফলত ২৪ ঘণ্টাতে ৩,২৯৬জন ৰোগী হ্ৰাস পাইছে৷ দেশৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,০৪,৬২,৬৩১জনলৈ বৃদ্ধি পাইছে৷ আৰোগ্য হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ৯৭.০৮%লৈ উন্নীত হৈছে৷ ৩১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,০০০তকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে৷ ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সাপ্তাহিক পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰ ১.৯১%তকৈ কম৷ কেৰালা(১২%) আৰু চত্তীশগড়(৭%)ত এই হাৰ সৰ্বাধিক৷ ৩ ফেব্ৰুৱাৰীৰ পুৱা ৮বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত ৪১,৩৮,৯১৮গৰাকী হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৩,৮৪৫টা পৰ্বত ১,৮৮,৭৬২গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ৭৬,৫৭৬টা পৰ্ব সম্পন্ন কৰা হৈছে৷ নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৮৫.৬২%ই ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কেৰালাত সৰ্বাধিক ৫,৭৪৭গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ৪,০১১ আৰু তামিলনাডুত ৫২১গৰাকী ৰোগী আৰোগ্য হৈছে৷ নতুন আক্ৰান্তৰ ৮৩.০১%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কেৰালাত সৰ্বাধিক ৫,৭১৬গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ১,৯২৭ আৰু তামিননাডুত ৫১০গৰাকী লোক আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ১১০জন ৰোগীৰ মৃত্যু হৈছে৷ নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৬৬.৩৬% ৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷  মহাৰাষ্ট্ৰত সৰ্বাধিক ৩০জনৰ বিপৰীতে কেৰালাত ১৬জন ৰোগীৰ মৃত্যু হৈছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1694677

 

ক’ভিড ১৯ ব্যৱস্থাপনাৰ বাবে কেৰালা আৰু মহাৰাষ্ট্ৰক সহায় কৰাৰ বাবে উচ্চ পৰ্যায়ৰ দল প্ৰেৰণ কেন্দ্ৰৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ক’ভিড ১৯ ব্যৱস্থাপনাৰ বাবে কেৰালা আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যিক প্ৰশাসনক সহায় কৰাৰ বাবে উচ্চ পৰ্যায়ৰ দল প্ৰেৰণ কৰিছে৷ যিসময়ত প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ত নতুন আক্ৰান্তৰ লগতে মৃত্যুৰ হাৰ হ্ৰাস পাইছে, একে সময়ত কেৰালা আৰু মহাৰাষ্ট্ৰত এই অধিক হাৰ হোৱা পৰিলক্ষিত হৈছে৷ দেশৰ মুঠ আক্ৰান্তৰ ৭০শতাংশই এই দুখন ৰাজ্যৰে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1694325

 

ক’ভিড-১৯ক লৈ ২৩সংখ্যক মন্ত্ৰী গোটৰ বৈঠকত অধ্যক্ষতা ড০ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ভিডিঅ’-কনফাৰেন্সৰ জৰিয়তে ভিড-১৯ সন্দৰ্ভত উচ্চ-স্তৰীয় মন্ত্ৰী গোটৰ ২৩ সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰে। ইয়াত ভাগ লয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ. জয়শংকৰ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী  হৰদ্বীপ সিং পুৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী  অশ্বিনী কুমাৰ চৌবে আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী  নিত্যানন্দ ৰায় আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ আৰু ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মনসুখ মান্দাবিয়াই। নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ বিনোদ কুমাৰ পাল ভাৰ্চুৱেলী উপস্থিত থাকে।বৈঠকখনি আৰম্ভ কৰিয়েই ডাঃ হৰ্ষ বৰ্ধনে সকলোকে মনত পেলাই দিয়ে যে ভিডৰ ব্যৱস্থাপনাৰ অৰ্থে গঠিত এই মন্ত্ৰী গোটে এবছৰে দায়িত্ব পালন কৰিলেঃ যোৱা বৰ্ষৰ ৩০ জানুৱাৰীত প্ৰথমটো ঘটনা লাভ কৰা হৈছিল আৰু ২০২০ ফেব্ৰুৱাৰীত ভিড-১৯ অৰ্থে গঠিত মন্ত্ৰী গোটৰ প্ৰথমখনি বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আৰোপ কৰা সমগ্ৰ চৰকাৰআৰু সমগ্ৰ সমাজপ্ৰচেষ্টাৰ জৰিয়তে, ভাৰতে সফলতাৰে মহামাৰীটো প্ৰতিৰোধ কৰিছে। যোৱা ২৪ ঘন্টাত ১২,০০০ কৈয়ো কম ঘটনা লাভ কৰা হৈছে আৰু সক্ৰিয় কেছল হ্ৰাস হৈ মাত্ৰ .৭৩ লাখ হৈ পৰিছে।সফলতাসমূহৰ সৱিশেষ উল্লেখেৰে, তেওঁ কয়, “যোৱা দিন ধৰি ১৪৬ জিলা, ১৪ দিন ধৰি ১৮ জিলা, ২১ দিন ধৰি জিলা আৰু ২৮ দিন ধৰি ২১ জিলাত নতুন ঘটনা লাভ কৰা হোৱা নাই। অতিশয়-সক্ৰিয় টেষ্টিঙৰ ফলশ্ৰুতিতে এই সফলতা লাভ কৰা হৈছে যাৰ পৰিমাণ অদ্যপি ১৯. কোটিৰো অধিক। বৰ্তমান টেষ্টিং সামৰ্থ্য হৈছে প্ৰতি দিনে ১২ লাখ।তেওঁ লগতে কয় যে মুঠ সক্ৰিয় ঘটনাৰ ভিতৰত, .৪৬% ভেন্টিলেটৰ, .২০% আইচিইউ আৰু মাত্ৰ .০২% অক্সিজেন চাপৰ্টত আছে। ডাঃ হৰ্ষ বৰ্ধনে উল্লেখ কৰে যে এতিয়ালৈকে যুক্তৰাজ্য ভেৰিয়েন্টৰ ১৬৫ টা ঘটনা লাভ কৰা হৈছে। তেওঁলোক তদাৰকী কৰা কোৱাৰেন্টাইন আৰু নিৰীক্ষণৰ অধীনত আছে।

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1692876

 

২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট স্বাস্থ্য খণ্ডত ব্যয় ১৩৭ শতাংশ বৃদ্ধি কৰাৰ বাবে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক ধন্যবাদ জনালে ড০ হর্ষ বর্ধনে

স্বাস্থ্য আৰু আৰোগ্য খণ্ডত বিশেষ গুৰুত্ব প্রদানকে ধৰিভিডৰ বিৰুদ্ধে যুঁজ আৰু যক্ষ্মাৰ দৰে ৰোগ নির্মূল আৰু ১২টা সংক্রামক ৰোগৰ বিৰুদ্ধে শিশুসকলক টিকাকৰণৰ লক্ষ্যৰে ২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট স্বাস্থ্য খণ্ডত ব্যয় ১৩৭ শতাংশ বৃদ্ধি কৰাৰ বাবে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় বিত্তমন্ত্রী শ্রীমতী নির্মলা সীতাৰমনক বিশেষ ধন্যবাদ জনাইছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড০ হর্ষ বর্ধনে স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে ২০২১ৰ কেন্দ্ৰীয় বাজেট স্বাস্থ্য আন্তঃগাঁথনি খণ্ডত বিনিয়োগ ২.৩৭ গুণ বৃদ্ধি কৰা হৈছে। ৰোগ প্রতিৰোধমূলক নিৰাময় স্বাস্থ্য ব্যস্থাপনাকে ধৰি স্বাস্থ্যকৰ কল্যাণ প্রকল্প মোট ২,২৩,৮৪৬ কোটি টকা আৱণ্টন কৰা হৈছে। তেওঁ কয় যে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্ব ৰকাৰেভিড-১৯ৰ বিৰুদ্ধে যুঁজত উল্লেখযোগ্য সাফল্য লাভ কৰিছে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1694035

 

ক’ভিড-১৯ টিকাকৰণ আৰু ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধন অভিযানৰ শেহতীয়া তথ্য

প্ৰধানমন্ত্ৰীয়ে ১৬ জানুৱাৰী, ২০২১ত আৰম্ভ কৰা দেশজোৰা ক’ভিড-১৯ টিকাকৰণ অভিযান সফলতাৰে চলি আছে৷ কালি সন্ধিয়া ৭বজালৈকে দেশত মুঠ ৪১,২০,৭৪১গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1694569

 

কভিড-১৯ৰ বাবে ভেণ্টিলেটৰ ক্ৰয়

কভিড নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১১১৩.২১ কোটি টকা মুকলি কৰি দিয়া হৈছে। কভিড-১৯ জৰুৰীকালীন সঁহাৰি আৰু স্বাস্থ্য ব্যৱস্থাপনা প্ৰস্তুতি পেকেজৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৬৩০৯.৯০ কোটি টকা মুকলি কৰি দিয়া হৈছে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1694442

 

ভিড-১৯ ভেকচিনৰ বিতৰণ আৰু টিকাকৰণৰ বাবে উচ্চ পৰ্যায়ৰ কমিটি

 

ভিড-১৯ ভেকচিনৰ টিকাকৰণৰ বাবে এক ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট গঠন কৰা হৈছে। এই গোটে কভিড-১৯ভেকচিনৰ সকলো দিশ তত্ত্বাৱধান কৰিব। ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটক অধ্যক্ষতা কৰিব নীতি আয়োগৰ সদস্য(স্বাস্থ্য)ই। একেদৰে, স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব গোটৰ সহঃঅধ্যক্ষ নিযুক্ত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ব্যয় বিভাগ, বায়টেকনলজী বিভাগ, স্বাস্থ্য গৱেষণা বিভাগ, ফাৰ্মাচিউটিকেলছ বিভাগ, ইলেক্ট্ৰনিকছ আৰু ইনফৰমেচন টেকনলজী মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু কাৰিকৰী বিশেষজ্ঞৰে এই গোট গঠন কৰা হৈছে। ভিড-১৯ ভেকচিনৰ টিকাকৰণৰ বাবে গঠিত ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটে টিকাকৰণৰ প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীৰ টিকাকৰণত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ পিছত ক্ৰমে বয়স ভিত্তিক শ্ৰেণীবিভাজনৰ ওপৰত মনোনিৱেশ কৰিব। সম্প্ৰতি স্বাস্থ্যসেৱা কৰ্মীক টিকাকৰণ প্ৰক্ৰিয়া চলি আছে।

.অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1694439

 

এনবিচিএফডিচিৰ টাৰ্গেট গ্ৰুপৰ স্বাস্থ্য কৰ্মীৰ বাবে ক’ভিড টিকাকৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী

ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগমে (এনবিচিএফডিচি) ইয়াৰ নাৰ্ছ, মেডিকেল আৰু নাৰ্ছিং শিক্ষাৰ্থীসকলৰ লগতে ফাৰ্মাচীষ্টসকলক ক’ভিড-১৯ টিকাকৰণৰ প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে মেচাৰ্চ এপ’ল’ মেডস্কিল প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷ ইয়াৰ অধীনত বিহাৰ, দিল্লী, তেলেংগানা, তামিলনাডু আৰু উত্তৰপ্ৰদেশৰ আগ্ৰহী ১,০০০ প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1694468

 

৩১.০২.২০২১ত ‘মন কী বাত’ৰ ২০সংখ্যক সংস্কৰণত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবেhttps://pib.gov.in/PressReleasePage.aspx?PRID=1693672

 

কেন্দ্ৰীয় বাজেট-২০২০-২১ উত্থাপনৰ পাছৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1693971

 

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ ২৯ জানুৱাৰীত নতুন দিল্লীৰ ইজৰাইলৰ দূতাবাসৰ ওচৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা কৰে। তেওঁ প্ৰধানমন্ত্ৰী নেতান্যাহুক আশ্বাস দিয়ে যে ভাৰতে ইজৰাইলৰ কূটনীতিবিদসকল আৰু দূতাবাস চৌহদৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰে, আৰু অপৰাধীসকলক বিচাৰিবলৈ আৰু শাস্তি দিবলৈ সকলোধৰণৰ চেষ্টা কৰা হ এই সন্দৰ্ভত ভাৰত আৰু ইজৰাইলৰ নিৰাপত্তা সংস্থাসমূহে ঘনিষ্ঠভাৱে কাম কৰাত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ইজনে সিজনক নিজ নিজ দেশত কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ প্ৰগতিৰ বিষয়ে অৱগত কৰে আৰু এই অঞ্চলত অধিক সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1694154

২০২১-২২ ৰ বাজেটৰ সাৰাংশ

কেন্দ্ৰীয় বিত্ত কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে সংসদত কেন্দ্ৰীয় বাজেট, ২০২১-২২ দাখিল কৰে। এয়া হৈছে অপ্ৰত্যাশিত ভিড-১৯ সংকটৰ মাজতে এই নতুন দশকৰ প্ৰথমখনি বাজেট আৰু প্ৰথমখনি ডিজিটেল বাজেট। আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে দৃষ্টি প্ৰোথিত কৰি, তেওঁ কয়, এয়া হৈছে স্ব সামৰ্থ্য আৰু দক্ষতাক লৈ পূৰ্ণ বিশ্বাসী ১৩০ কোটি ভাৰতীয়ৰ অভিব্যক্তি। তেওঁ কয় যে বাজেটৰ প্ৰস্তাৱসমূহে ৰাষ্ট্ৰ প্ৰথম, কৃষকৰ আয় দুগুণ, শক্তিশালী আন্তঃগাঁথনি, সুস্থ ভাৰত, সু-শাসন, যুৱ সমাজৰ অৰ্থে সুযোগ, সকলোৰে বাবে শিক্ষা, নাৰী সবলীকৰণ আৰু সৰ্বাংগীন উন্নয়ন তথা আনসমূহৰ বাবে সংকল্পৰাজিক সুদৃঢ় কৰি তুলিব। তদুপৰি, স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত ২০২২ আমৰুট মহোৎসৱত মূৰ্ত বলগীয়া ২০১৫-১৬ বাজেটৰ ১৩ টি অংগীকাৰৰৰ ক্ষীপ্ৰ-ৰূপায়ণৰ পথটিত আগৱাই যোৱাৰ ৰূপৰেখা অংকন কৰা হৈছে এই বাজেটখনিৰ জৰিয়তে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1693908

ভাৰতৰ ২০২১-২২ৰ কেন্দ্ৰীয় বাজেটত স্বাস্থ্য আৰু আৰোগ্যৰ দিশত বৰ্ধিত গুৰুত্বই বিশ্ব মহামাৰীক গুৰুত্বসহকাৰে লোৱাটোকে সূচাইছে

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে সংসদত ২০২১-২২ৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে, য’ত স্বাস্থ্য আৰু আৰোগ্যৰ দিশত বৰ্ধিত গুৰুত্বই বিশ্ব মহামাৰীক গুৰুত্বসহকাৰে লোৱাটোকে সূচাইছে৷ এই উপলক্ষে তেওঁ ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজক কেন্দ্ৰীয় চৰকাৰৰ সময়োপযোগী, পৰ্যায়ভিত্তিক আৰু সক্ৰিয় পদক্ষেপ বুলি উল্লেখ কৰে৷ এই বাজেটত স্বাস্থ্যখণ্ডত ২,২৩,৮৪৬ কোটি টকা আৱণ্টন দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1693906

ভাৰতীয় কৃষি খণ্ডত কভিড-১৯ মহামাৰীৰ পিছতো ৩.৪ শতাংশ বৃদ্ধিৰ দৰৰ সৈতে ভাৰতীয় অৰ্থব্যৱস্থাৰ উত্তৰণ হৈছে

কেন্দ্ৰীয় বিত্ত তথা ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমমে আজি সংসদত আৰ্থিক সমীক্ষা ২০২০-২১ উত্থাপন কৰি কয় যে ভাৰতীয় কৃষি ক্ষেত্ৰত ভিড-১৯ৰ ফলত বলৱৎ কৰা লকডাউনৰ সময়তো নিজৰ উপযোগীতা তথা নমনীয়তা প্ৰদৰ্শিত কৰিছে৷ আৰ্থিক সমীক্ষা অনুসৰি কৃষি ক্ষেত্ৰ আৰু সম্বন্ধীয় গতিবিধিয়ে বৰ্ষ ২০২০-২১ (প্ৰথম অগ্ৰীম অনুমান) সময়ছোৱাত স্থিৰ মূল্যত . শতাংশৰ বৃদ্ধি প্ৰদৰ্শিত কৰিছে৷ মুখ্য গাণনিক বিষয়াৰ দ্বাৰা ২৯ মে২০২০ তাৰিখে উত্থাপন কৰা ৰাষ্ট্ৰীয় আয় সম্বন্ধীয় সংখ্যাৰ আধাৰত আৰ্থিক সমীক্ষা অনুসৰি ২০১৯-২০ চনত দেশত জিবিএত কৃষি আৰু সম্বন্ধীয় গতিবিধিসমূহৰ অৱদান ১৭. শতাংশ হৈছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1693205

 

মহামাৰী তথা অৰ্থনৈতিক গৱেষণাৰ ওপৰত ভিত্তি কৰি ক'ভিড-১৯ৰ বাবে ভাৰতৰ প্ৰতিক্ৰিয়া, বিশেষকৈ স্পেনিছ ফ্লুৰ সৈতে সম্পৰ্কীয়ঃ অৰ্থনৈতিক সমীক্ষা

বিপদগ্ৰস্ত এটা জীৱন ৰক্ষা কৰাটো ধৰ্মৰ উৎস'', মহাভাৰতৰ অৰ্থনৈতিক সমীক্ষাই মহামাৰীৰ পৰা ভাৰতৰ নীতিৰ প্ৰতিক্ৰিয়া ব্যাখ্যা কৰি কয় যে, জীৱন আৰু জীৱিকাৰ মাজৰ বাণিজ্য সংকট ক’ভিড-১৯ৰে সৃষ্টি হোৱা সংকটত সন্নিৱিষ্ট আছিল। কেন্দ্ৰীয় বিত্ত তথা কৰ্পৰেট বিষয়ৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত সমীক্ষা উপস্থাপন কৰে। নিৰ্মলা সীতাৰমণে কোৱা অনুসৰি ক’ভিড মহামাৰীয়ে ২০২০ত এবাৰতে এটা যুগৰ বৈশ্বিক সংকট বৃদ্ধি কৰিছে, 'ত ৯০ শতাংশ দেশে প্ৰত্যাশা কৰে যে জিডিপিত সংকোচনৰ মুখামুখি হোৱাৰ আশা আৰু ভাৰতৰ চেষ্টা হ'ল যে নিজৰ ইচ্ছাৰে জীৱন আৰু জীৱিকা ৰক্ষা কৰা।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1693227

 

ক’ভিড-১৯ লকডাউনৰ পৰিপ্ৰেক্ষিতত তীখাৰ উৎপাদন বৃদ্ধিত উদ্গনি

তীখা মন্ত্ৰালয়ে সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ সমস্যাৱলীক লৈ লকডাউনৰ সময়ছোৱাত ঘৰুৱা তীখা উদ্যোগৰ উদ্যোগ সংঘ আৰু নেতৃবৰ্গৰ সৈতে কেইবালানি আলোচনাত মিলিত হয়৷ তীখা মন্ত্ৰালয়ে সমন্বয়ৰক্ষী মন্ত্ৰালয় হিচাপে কাম কৰি এই সমস্যাসমূহ ক্ষিপ্ৰতাৰে সমাধান কৰাৰ লগতে দেশত তীখাৰ উৎপাদন আৰু চাহিদা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1694742

 

ভিড-১৯ মহামাৰীৰ সময়ত ব্যাপক হাৰত অনলাইন শিক্ষা প্ৰদান কৰা হয়ঃ অৰ্থনৈতিক সমীক্ষা ২০২০-২১

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে সংসদত অৰ্থনৈতিক সমীক্ষা ২০২০-২১ দাখিল কৰি কয় যে কভিড-১৯ মহামাৰীৰ সময়ত ব্যাপক স্তৰত অনলাইন শিক্ষাই উদগণি লাভ কৰে। অক্টোবৰ, ২০২০ত প্ৰকাশিত বাৰ্ষিক শিক্ষা স্থিতি ৰিপ'ৰ্ট (এএছইআৰ)-২০২০ চৰণ-১ (গ্ৰামীণ)ৰ উল্লেখ কৰি সমীক্ষাত কোৱা হৈছে যে গ্ৰামীণ ভাৰতত চৰকাৰী আৰু প্ৰাইভেট স্কুলত অন্তৰ্ভুক্ত বিদ্যাৰ্থীৰ ওচৰত স্মাৰ্ট ফোনৰ সংখ্যাত ব্যাপক বৃদ্ধি নথিভুক্ত কৰা হৈছে। ২০১৮ত ৩৬.৫% বিদ্যাৰ্থীৰ ওচৰত হে স্মাৰ্ট ফোন আছিল, সেয়া ২০২০ত ৬১.৮% বিদ্যাৰ্থীৰ ওচৰত স্মাৰ্ট ফোন আছিল। সমীক্ষাত পৰামৰ্শ দিয়া হয় যে উচিত ব্যৱহাৰ যদি কৰা হৈছে তেন্তে চহৰীয়া আৰু গ্ৰামীণ, লৈংগিক, বয়স আৰু উপাৰ্জন সমূহৰ মাজত ডিজিটেল ভেদভাব আৰু শৈক্ষিক পৰিণামত পাৰ্থক্য সমাপ্ত হ'ব।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1693215

 

ভাৰতস্থিত বিজ্ঞানৰ সৈতে জড়িত কূটনীতিবিদ আৰু বিদেশ অভিযানৰ প্ৰতিনিধিবৰ্গ এছটিআইপিৰ আকাৰ প্ৰদানৰ সন্দৰ্ভত আলোচনা

বিশ্বৰ প্ৰায় ২০খন দেশৰ বিজ্ঞানৰ সৈতে জড়িত কূটনীতিবিদ আৰু ভাৰতস্থিত বিদেশী অভিযানৰ প্ৰতিনিধিবৰ্গই বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱন নীতিৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ বাবে এক ঘুৰণীয়া মেজৰ আয়োজন কৰা হয়৷ এই বৈঠকত ভাৰতৰ পৰৱৰ্তী বিজ্ঞান নীতিৰ আকাৰ দিয়াৰ বাবে সৰ্বোত্তম দিশৰ ওপৰত আলোচনা কৰা হয়৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1693802

 

সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক অভিযান আৰম্ভ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৩০ জানুৱাৰী ২০২১ত ৰাষ্ট্ৰপতি ভৱনত পাঁচ বছৰৰ তলৰ শিশুক পলিঅ' খোৰাক প্ৰদান কৰি ২০২১ৰ বাবে ৰাষ্ট্ৰীয় পলিঅ' মুক্ত কৰণ দিৱস আৰম্ভ কৰে। আজি পলিঅ' ৰাষ্ট্ৰীয় প্ৰতিষেধক অভিযান, যাক ''পলিঅ' ৰবিবাৰ'' বুলিও জনা যায়। আজিৰ দিনটোৰ প্ৰভিজনেল ৰিপ'ৰ্ট অনুসৰি, সমগ্ৰ দেশতে পাঁচ বছৰৰ তলৰ প্ৰায় ৮৯ লাখ শিশুক (প্ৰভিজনেল ডাটা অনুসৰি) পলিঅ' খোৰাক দিয়া হয়। প্ৰায় লাখ বুথত টীকাকৰণ কৰা হয় ' প্ৰায় ১২ লাখ ভেকচিনেটৰ আৰু . লাখ ছুপাৰভাইজৰ নিয়োজিত আছিল। বুথৰ এই কাৰ্যৰ পিছতে পৰৱৰ্তী দুইৰ পৰা পাঁচ দিন ধৰি ঘৰে ঘৰে নিৰীক্ষণ কৰা ' (মপ-আপ ৰাউণ্ডছ) যাতে বুথত টীকাকৰণ নকৰাকৈ ৰৈ যোৱা শিশুসকলক চিনাক্ত কৰি টীকাকৰণ কৰা হয়। বাছ আস্থান, ৰে' ষ্টেচন, বিমান বন্দৰ আৰু ফেৰী ক্ৰছিংসমূহতো ভেকচিনেচন গোট নিযুক্ত কৰা হৈছে যাতে জীৱন ৰক্ষক পলিঅ' খোৰাক প্ৰতিটো শিশুক দিয়াটো নিশ্চিত কৰা হয়। মহামাৰী কোভিড-১৯ৰ বিৰুদ্ধে সকলো ধৰণৰ সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে, যেনে বুথত অধিক লোকৰ সমাবেশ ৰোধ কৰা, মিটাৰৰ শাৰীৰিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, হাত ধোৱা আৰু সুচল ব্যৱস্থাৰ মাজত পলিঅ' খোৰাক প্ৰদান কৰা।

 

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1693751

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ২০২১-২২ৰ কেন্দ্ৰীয় বাজেটে অৰ্থনৈতিক উন্নয়ন সাধন কৰিব বুলি কয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনোৱাৰ লগতে  ২০২১-২২ৰ কেন্দ্ৰীয় বাজেটে অৰ্থনৈতিক উন্নয়ন সাধন কৰিব বুলি কয়৷ অমিত শ্বাহে কয় যে ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ বাজেট প্ৰস্তুত কৰাটো এক জটিল কাম বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1694256

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

  • কেৰালাঃ কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ ক’ভিড-১৯ পৰিস্থিতি মুল্যায়ন কৰাৰ বাবে এক বিশেষ টীম প্ৰেৰণ কৰিছে৷ এই টীমে ক’ভিড-১৯ৰ প্ৰতিৰোধমুলক ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্যিক স্বাস্থ্য বিভাগৰ সৈতে কাম কৰিব৷ দেশৰ বাকী ৰাজ্যসমূহত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে কেৰালাত বৃদ্ধিহে পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৫,৭১৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইফালে, ৰাজ্যখনত বৰ্তমানলৈকে ২লাখতকৈ অধিক স্বাস্থ্য কৰ্মীক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে৷
  • তামিলনাডুঃ জনস্বাস্থ্য আৰু প্ৰতিৰোধী ঔষধ বিভাগে কয় যে ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ১,২০,৪৬৭জনক টিকাকৰণ কৰা হৈছে৷
  • কৰ্ণাটকঃ ৰাজ্যখনত আজিলৈকে ৯,৪০,১৭০জন লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৯,২২,০০৪জন আৰোগ্য, ১২,২২৩জনৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমান ৫,৯২৪জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ক’ভিড টিকাকৰণ আজিৰে পৰা আৰম্ভ হৈছে৷ দ্বিতীয় পৰ্যায়ত পঞ্চায়ত, পৌৰ নিগম আৰু ৰাজহ বিভাগৰ কৰ্মীসকলক টিকাকৰণ কৰা হ’ব৷ প্ৰথম পৰ্যায়ত ৮৯,০০০ক টিকাকৰণ কৰা হৈছে৷ অন্ধ্ৰপ্ৰদেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,১৯৭জন ৰোগী চিকিৎসাধীন হৈ আছে৷ আৰোগ্যৰ হাৰ ৯৯.০৬শতাংশ৷
  • তেলেংগানাঃ তেলেংগানা চৰকাৰে যিসকল স্বাস্থ্য কৰ্মীয়ে পঞ্জীয়ন কৰিও ভয় কৰি টিকা লোৱা নাই তেওঁলোকক লৈ এক পৰামৰ্শদান ব্যৱস্থা হাতত লৈছে৷ অপপ্ৰচাৰৰ বাবেই এই ভয় কৰা বুলি সদৰি কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে৷ ৰাজ্যখনত এই সপ্তাহত আৰক্ষী পৰ্যায়ত পঞ্চায়ত, পৌৰ নিগম আৰু ৰাজহ বিভাগৰ কৰ্মীসকলক টিকাকৰণ আৰম্ভ কৰিব৷ ৰাজ্যখনত বৰ্তমান ২,০০৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • অসমঃ মঙলবাৰে অসমত ৭জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৭জন আৰোগ্য হৈছে৷ মুঠ আক্ৰান্ত ২,১৭,১৬১জন লোকৰ বিপৰীতে ২,১৪,,২৮৫জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ৪৪৬জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ মঙলবাৰে ৰাজ্যখন নতুন দুজন আক্ৰান্তসহ মুঠ ক’ভিড ৰোগীৰ সংখ্যা ১২,১০১জনলৈ বৃদ্ধি পায়৷ ইয়াৰে ১১,৮১০জন আৰোগ্য হৈছে৷
  • ছিকিমঃ মঙলবাৰে ৫জন আক্ৰান্ত হৈছে৷ বৰ্তমান ৮৫জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • মহাৰাষ্ট্ৰঃ মঙলবাৰে ৰাজ্যখনত ১,৯২৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ একে সময়তে ৪,০১১জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমানলৈকে ১৯,৩৬,৩০৫জন ৰোগী আৰোগ্য হৈছে৷ ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি মোকাবিলা কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিছে৷
  • গুজৰাটঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২৮৫জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৩,২০৩জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনৰ প্ৰায় ৯০শতাংশ বিছনা খালী হৈছে৷ ইফালে, ক’ভিডৰ টিকাকৰণো চলি আছে৷ কালি ৪০,৫৫০জন অগ্ৰমী ক’ৰোনা যোদ্ধাক টিকাকৰণ কৰা হৈছে৷ বৰ্তমানলৈকে ৰাজ্যখনত ৩,৯২,৪৫৪জনক টিকাকৰণ কৰা হৈছে৷
  • মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশত এতিয়ালৈকে ২,৪৯,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷ কালি ১৬খন জিলাত এজনো লোক আক্ৰান্ত হোৱা নাই৷ ক’ভিড পজিটিভিৰ হাৰ ১.১%৷
  • ৰাজস্থানঃ ৰাজ্যখনত কালি ৮৭জন নতুন আক্ৰান্ত আৰু ২জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ১,৭৯৮ জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • চত্তীশগড়ঃ মঙলবাৰে ৰাজ্যখনত ৩৩০জন নতুন আক্ৰান্ত আৰু ৫জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ মুঠ ৩,০৬,০১৯জন লোক আক্ৰান্ত হোৱা ৰাজ্যখনত বৰ্তমান ৪,১৭৩জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • গোৱাঃ মঙলবাৰে গোৱাৰ ক’ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৯৭.১৩%লৈ উন্নীত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৭৬৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷ কালি ১০৬জন নতুনকৈ আক্ৰান্ত হৈছে৷

 

 

FACT CHECK

Image

Image

*******

YB



(Release ID: 1695337) Visitor Counter : 185