বিত্ত মন্ত্ৰালয়

উচ্চাকাঙ্খী ভাৰতৰ বাবে সমন্বিত উন্নয়নৰ লক্ষ্যৰে কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰ, কৃষক কল্যাণ আৰু গ্ৰামাঞ্চলৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ৯টা প্ৰস্তাৱ

Posted On: 01 FEB 2021 1:45PM by PIB Guwahati

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি সংসদত ২০২১-২২ বিত্ত বৰ্ষৰ বাজেট দাখিলৰ সময়ত কৃষি ক্ষেত্ৰত সাহায্যৰ বাবে ৯ টা পদক্ষেপ গ্ৰহণৰ পৰিকল্পনাৰ কথা জনাইছে।


স্বামীত্ব আঁচনি

মন্ত্ৰীয়ে সকলো ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলত স্বামীত্ব প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছে। গ্ৰামাঞ্চলত সম্পত্তিৰ মালিকানাৰ বিষয়ে স্বচ্ছতা অনাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামীত্ব প্ৰকল্প ঘোষণা কৰিছিল। ইয়াৰ অধীনত গ্ৰামাঞ্চলত সম্পত্তিৰ মালিকে তেওঁৰ সম্পত্তিৰ অধিকাৰৰ বিষয়ে নিশ্চিত হ’ব। এইপৰ্যন্ত ১ হাজাৰ ২৪১ খন গাওঁৰ ১.৮ লাখ সম্পত্তিৰ মালিকে এই সংক্ৰান্তীয় নথি লাভ কৰিছে।

কৃষি ক্ষেত্ৰত ২০২১-২২ বিত্ত বৰ্ষত মূলধন যোগানৰ ব্যৱস্থা কৰিবলৈ ১৬.৫ লাখ কোটি টকাৰ আবণ্টন দিয়া। ইয়াৰ ফলত, কৃষকসকলে প্ৰয়োজনীয় মূলধন লাভ কৰিব। এই সুযোগ কৃষি কাৰ্যৰ সমান্তৰালকৈ পশু পালন, দুগ্ধ শিল্প আৰু মৎস্য কৃষিৰ ক্ষেত্ৰত প্ৰযোজ্য। বিত্তমন্ত্ৰীয়ে গ্ৰামীণ আন্তঃগাঁতনি উন্নয়ন পুঁজি আবণ্টন ৩৩ শতাংশ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে। এই পুঁজিত ৩০ হাজাৰ কোটি টকাৰ পৰিৱৰ্তে ৪০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। অতিক্ষুদ্ৰ প্ৰকল্পত ৫ হাজাৰ কোটি টকাৰ পুঁজি কথা বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে।

কৃষি আনুষঙ্গিক ক্ষেত্ৰলৈ সাহায্য আগবঢ়াবৰ বাবে বিত্তমন্ত্ৰীয়ে অপাৰেশ্যন গ্ৰীন স্কীমৰ কথা ঘোষণা কৰিছে। বৰ্তমানলৈ বিলাহী, পিঁয়াজ আৰু আলুক এই প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰি ৰখা হৈছিল। ইয়াৰ পিছত, আৰু ২২ টা পচনশীল সামগ্ৰীক এই তালিকাভুক্ত কৰা হৈছে। ১ হাজাৰ বিধ চবজি মণ্ডীক e-NAM ৰ অধীন কৰা হ’ব। e-NAM ৰ সহায়ত ১.৬৮ কোটি কৃষকে ১.১৪ লাখ কোটি টকাৰ আৰ্থিক লেনদেন সম্পন্ন কৰিছে। কৃষি পণ্য বজাৰজাতকৰণ কমিটীবোৰেও কৃষি আন্তঃগাঁথনি পুঁজিৰ সুযোগ লাভ কৰিব এইবাৰ।

কোচি, চেন্নাই, বিশাখাপট্টনম, পাৰাদ্বীপ আৰু পেটুৱাঘাট – এই ৫ টা মৎস্য বন্দৰৰ উন্নয়ন ঘটোৱা হ’ব। ইয়াৰ উপৰিও, বিভিন্ন নদী আৰু জল পথত মৎস্য বন্দৰ গড়ে তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। উপকূলীয় অঞ্চলৰ নাগৰিকসকলৰ জীৱন প্ৰমালীৰ উত্তৰণৰ বাবে তামিলনাডুত বহুমুখী সামুদ্ৰিক শৈবাল পাৰ্ক নিৰ্মাণ কৰাও হ’ব।

কৃষকসকলৰ কল্যাণাৰ্থে চৰকাৰ অঙ্গীকাৰবদ্ধ। বিত্তমন্ত্ৰীয়ে জনায় যে ধান, গম আৰু ডাইলজাতীয় শস্যৰ ন্যূনতম সহায়ক মূল্যৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। বিভিন্ন ফচলৰ কৃষি কাৰ্যত ব্যয় হোৱা ধনৰ ন্যূনতম ডেৰ গুণ বিত্ত সহায়ক মূল্য নিশ্চিত কৰিবৰ বাবে চৰকাৰে সকলোধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। ২০১৩-১৪ বিত্তবৰ্ষত গমৰ বাবে ন্যূনতম সহায়ক মূল্যৰ বাবদ ব্যয় হৈছিল ৩৩ হাজাৰ ৮৭৪ কোটি টকা। ২০২০-২১ বিত্তবৰ্ষত এই পৰিমাণ বৃদ্ধি কৰা হৈছে ৭৫ হাজাৰ ৬০ কোটি টকালৈ। ২০১৯-২০ বিত্তবৰ্ষত ৩৫ লাখ ৫৭ হাজাৰ কৃষক উপকৃত হৈছে। ২০২০-২১ বিত্তবৰ্ষত ৪৩ লাখ ৩৬ হাজাৰ কৃষক উপকৃত হৈছে। ধানৰ বাবে ২০১৩-১৪ বিত্তবৰ্ষত ন্যূনতম সহায়ক মূল্যৰ বাবদ ৬৩ হাজাৰ ৯২৮ কোটি টকা ব্যয় হৈছিল। ২০২০-২১ বিত্তবৰ্ষত সেয়া বৃদ্ধি কৰা হৈছে ১ লাখ ৭২ হাজাৰ ৭৫২ কোটি টকালৈ। ডাইলজাতীয় শস্যৰ ক্ষেত্ৰত ২০১৯-২০ বিত্তবৰ্ষত ন্যূনতম সহায়ক মূল্যৰ বাবদ ব্যয় কৰা হৈছিল ৮ হাজাৰ ২৮৫ কোটি টকা, ইফালে ২০২০-২১ বিত্ত বৰ্ষত ব্যয় কৰা হৈছে ১০ হাজাৰ ৫৩০ কোটি টকা। কৰ্পাছৰ ক্ষেত্ৰতো ন্যূনতম সহায়ক মূল্যৰ বাবদ পূৰ্বৰ তুলনাত যথেষ্ট লাভৱান হৈছে জনসাধাৰণ।

 

*******

RM/BB/KMN/RD



(Release ID: 1694639) Visitor Counter : 191