বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেট, ২০২১-২২ ৰ মূল বৈশিষ্ট্যৰাজি
Posted On:
01 FEB 2021 2:07PM by PIB Guwahati
সৰ্বকালৰ প্ৰথমখনি ডিজিটেল কেন্দ্ৰীয় বাজেট উপস্থাপন কৰি, কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে ২০২১ তো ভাৰতৰ ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিবআৰু সেয়ে ইতিহাসৰ এই বিন্দুত, য’ত ক’ভিড-পৰৱৰ্তী বিশ্বৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্ক সলনি হৈ এটা নতুন যুগৰ উদয় হৈছে – সেই মুহূৰ্ততে ভাৰতে অংগীকাৰ আৰু আশাৰ বাস্তৱায়িত কৰিবলৈ ভালদৰে প্ৰস্তুত হৈছে।
কেন্দ্ৰীয় বাজেট, ২০২১-২২ ৰ মূল বৈশিষ্ট্যৰাজি তলত উল্লেখ কৰা হ’লঃ
কেন্দ্ৰীয় বাজেট, ২০২১-২২ ৰ ৬ টি স্তম্ভঃ
- স্বাস্থ্য আৰু কল্যাণ
- বাস্তৱ ও আৰ্থিক মূলধন আৰু আন্তঃগাঁথনি
- আকাংক্ষিত ভাৰতৰ অৰ্থে সৰ্বব্যাপী উন্নয়ন
- মানৱ সম্পদৰ পুনৰুজ্জীৱন
- উদ্ভাৱন আৰু গৱেষণা ও উন্নয়ন
- ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন
- স্বাস্থ্য আৰু কল্যাণ
- স্বাস্থ্য আৰু কল্যাণৰ অৰ্থে ২০২০-২১ ৰ বাজেট প্ৰাক্কলন (BE) ৯৪,৪৫২ কোটি টকাৰ বিপৰীতে ২০২১-২২ ৰ বাজেট প্ৰাক্কলন ২,২৩,৮৪৬ কোটি টকা ব্যয় – এয়া বৃদ্ধিৰ হাৰ ১৩৭%
- তিনি ক্ষেত্ৰ সুদৃঢ়কৰণৰ লক্ষ্য যথাঃপ্ৰতিৰোধক, আৰোগ্যক্ষম আৰু কল্যাণ
- স্বাস্থ্য আৰু কল্যাণৰ উন্নীতকৰণৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপসমূহঃ
- ভেকচিন
- ২০২১-২২ বাজেট প্ৰাক্কলনত ক’ভিড-১৯ ৰ ভেকচিনৰ অৰ্থে ৩৫,০০০ কোটি টকা
- বছৰি ৫০,০০০ শিশুৰ মৃত্যু ৰোধ কৰিবলৈ বৰ্তমানে ৫ ৰাজ্যৰপৰা সমগ্ৰ ৰাষ্ট্ৰখনতে মেড-ইন-ইণ্ডিয়া নিইম’ক’কাল ভেকচিন প্ৰদান কৰা হ’ব
- স্বাস্থ্য প্ৰণালী
- ৬ বছৰত ৬৪,১৮০ কোটি টকা ব্যয়েৰে এনএইচএমৰ সংযোজন হিচাপে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা নতুন আঁচনি পিএম আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনাৰ শুভাৰম্ভ কৰা হ’ব
- পিএম আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনাৰ অধীনত মূল মধ্যবৰ্ত্তিতাঃ
- একক স্বাস্থ্যৰ অৰ্থে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান
- ১৭,৭৮৮ গ্ৰাম্য আৰু ১১,০২৪ নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ
- ভাইৰ’ল’জিৰ অৰ্থে ৪ আঞ্চলিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান
- ১৫ স্বাস্থ্য় জৰুৰীকালীন অপাৰেশ্যন কেন্দ্ৰ আৰু ২ ম’বাইল চিকিৎসালয়
- সকলো জিলাত সংহত জন স্বাস্থ্য লেব আৰু ১১ ৰাজ্যত ৩৩৮২ খণ্ড জন স্বাস্থ্য ইউনিট
- ৬০২ জিলা আৰু ১২ কেন্দ্ৰীয় প্ৰতিষ্ঠানত ক্ৰিটিকেল কেয়াৰ হাস্পতাল ব্লক
- ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC)ৰ সুদৃঢ়কৰণ
- সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ সংহত স্বাস্থ্য় তথ্য পৰ্টেলৰ সম্প্ৰসাৰণ
- ১৭ নতুন জন স্বাস্থ্য ইউনিট
- বিশ্ব স্বাস্থ্য সংস্থা (WHO) দক্ষিণ-পূব এছিয়া অঞ্চলৰ অৰ্থে আঞ্চলিক গৱেষণা প্লেটফৰ্ম
- ৯ জৈৱ-সুৰক্ষা III পৰ্যায়ৰ লেবৰেটৰী
- পুষ্টি
- পোষণ অভিযান ২.০ ৰ সূচনা কৰা হ’বঃ
- পানী যোগানৰ সৰ্বজনীন ক’ভাৰেজ
- স্বচ্ছ ভাৰত, স্বাস্থ্য ভাৰত
- স্বচ্ছ বায়ু
- বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ ২,২১৭ কোটি টকা
- স্ক্ৰেপিং পলিচী
- পুৰণি আৰু আনফিট বাহন চিনাক্ত কৰিবলৈ স্বেচ্ছামূলক বাহন স্ক্ৰেপিং পলিচী
- অট’মেটেড ফিটনেছ চেন্টাৰত ফিটনেছ টেষ্ট
- বাস্তৱ ও আৰ্থিক মূলধন আৰু আন্তঃগাঁথনি
- প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি (PLI)
- ১৩ খণ্ডত পিএলআই আঁচনিৰ অৰ্থে অহা ৫ বছৰত ১.৯৭ লাখ কোটি টকা
- আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে মেনুফেক্সাৰিং গ্ল’ৱেল চেম্পিয়ন গঢ়ি তুলিবলৈ আৰু প্ৰতিপালনৰ অৰ্থে
- মূল খণ্ডসমূহৰ স্কেল আৰু ৰূপ সাধন কৰিবলৈ
- যুৱ সমাজৰ অৰ্থে নিয়োগ সৃষ্টি কৰিবলৈ
- বস্ত্ৰ
- পিএলআইৰ সংযোজন স্বৰূপে মেগা ইনভেষ্টমেন্ট টেক্সটাইল পাৰ্ক (MITRA)আঁচনি
- আন্তঃগাঁথনি
- ৭,৪০০ প্ৰকল্পলৈ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন (NIP)সম্প্ৰসাৰিত কৰা হৈছে
- পথ আৰু ঘাইপথ আন্তঃগাঁথনি
- সৰ্বকালৰ সৰ্বাধিক ব্যয় হিচাপে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অৰ্থে ১,১৮,১০১ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে –ইয়াৰে ১,০৮,২৩০ কোটি টকা কেপিটেলৰ অৰ্থে
- ৫.৩৫ লাখ কোটি টকীয়া ভাৰতমালা পৰিযোজনাৰ অধীনত, ৩.৩ লাখ কোটি টকা ব্যয় সাপেক্ষে ১৩,০০০ কিঃমিঃ ৰৰোধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিবলৈ আগবঢ়া হৈছে
- অৰ্থনৈতিক বুলনিৰ পৰিকল্পনা কৰা হৈছে
- ধ্বজাবাহী কৰিড’ৰ/এক্সপ্ৰেছৱেঃ
- দিল্লী-মুম্বাই এক্সপ্ৰেছৱে
- বেংগালুৰু-চেন্নাই এক্সপ্ৰেছৱে
- কানপুৰ-লক্ষ্নৌ এক্সপ্ৰেছৱে
- দিল্লী-ডেৰাডুন অৰ্থনৈতিক বুলনি
- ৰায়পুৰ-বিশাখাপট্টনম
- চেন্নাই-চালেম বুলনি
- অমৃতসৰ-জামনগৰ
- দিল্লী-কাট্ৰা
- সকলো নতুন ৪ আৰু ৬- লেনযুক্ত ঘাইপথত উন্নীত ট্ৰেফিক ব্যৱস্থাপনা প্ৰণালী
- ৰেলৱে আন্তঃগাঁথনি
- ৰেলৱেৰ অৰ্থে ১,১০,০৫৫ কোটি টকা যাৰ ১,০৭,১০০ কোটি টকা মূলধনী ব্যয়ৰ অৰ্থে
- ভাৰতৰ অৰ্থে ৰাষ্ট্ৰীয় ৰেল পৰিকল্পনা (২০৩০): ইয়াৰ জৰিয়তে ২০৩০ ৰ ভিতৰত ‘ফিউচাৰ ৰেডী’ ৰেলৱে প্ৰণালী গঢ়ি তোলা হ’ব
- ২০২৩ ৰ ডিচেম্বৰৰ ভিতৰত ব্ৰড-গজ পথৰ ১০০% বৈদ্যুতীকৰণ সম্পূৰ্ণ কৰা হ’ব
- ২০২১ ৰ শেষত ব্ৰড গজ ৰাউট কিলোমিটাৰ(RKM) বৈদ্যুতিকৰণে ৪৬,০০০ আৰকেএম স্পৰ্শ কৰেহি
- মেক ইন ইণ্ডিয়া কৌশলক সুগম কৰি তুলি লজিষ্টিক ব্যয় লাঘৱ কৰিবলৈ ২০২২ ৰ জুনত পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (DFC) আৰুপূব ডিএফচি কাৰ্যক্ষম হৈ উঠিব
- নগৰীয়া আন্তঃগাঁথনি
- মেট্ৰ’ ৰেল নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু চিটি বাছ সেৱাৰ বৃদ্ধিৰদ্বাৰা নগৰীয়া অঞ্চলত ৰাজহুৱা পৰিবহণৰ শ্বেয়াৰ বৃদ্ধি কৰা হয়
- ৰাজহুৱা বাছ পৰিবহণ বৃদ্ধিৰ অৰ্থে ১৮,০০০ কোটি টকীয়া এখন নতুন আঁচনি
- শক্তি আন্তঃগাঁথনি
- যোৱা ৬ বছৰত ১৩৯ গিগা ৱাটৰ সংস্থাপিত সামৰ্থ্য আৰু ১.৪১ লাখ চাৰ্কিট কিঃমি) ৰ ট্ৰেন্সমিশ্যন লাইনৰ সংযোজন ঘটোৱা হৈছেআৰু ২.৮ কোটি গৃহস্থী অতিৰিক্তভাৱে সংযোজিত কৰা হৈছে
- প্ৰতিযোগিতাৰ বৰ্ধনৰ অৰ্থে বিতৰণ কোম্পানী বাছি ল’বলৈ উপভোক্তাক বিকল্প আগবঢ়োৱা যায়
- পুনৰায় গঠিত, সংস্কাৰ-মূলক আৰু ফলাফল-সংযোজিত নতুন শক্তি বিতৰণ খণ্ড আঁচনিৰ অৰ্থে ৫ বছৰত ৩,০৫,৯৮৪ কোটি টকা ব্যয় কৰা হয়
- এটি বিস্তৃত ৰাষ্ট্ৰীয় হাইড্ৰ’জেন শক্তি অভিযান, ২০২১-২২ ৰ শুভাৰম্ভ কৰা হ’ব
- বন্দৰ, জাহাজ, জলপথ
- মূল বন্দৰসমূহ পৰিচালনাৰ অৰ্থে ২১-২২ বিত্তীয় বৰ্ষত পিপিপি-ধৰণেৰে ২,০০০ কোটি টকা মূল্যৰ ৭ প্ৰকল্প আগবঢ়োৱা হ’ব
- পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ
- ১ কোটিৰো অধিক হিতাধিকাৰীক সামৰি ল’বলৈ উজ্জ্বলা আঁচনিৰ সম্প্ৰসাৰণ
- অহা ৩ বছৰত চিটি গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কৰে ১০০ অধিক জিলাক সামৰি লোৱা হ’ব
- জম্ম-কাশ্মীৰত এটা নতুন গেছ পাইপলাইন প্ৰকল্প
- এটা স্বতন্ত্ৰ গেছ পৰিবহণ প্ৰণালী অপাৰেটৰ স্থাপন কৰা হ’ব
- আৰ্থিক মূলধন
- এটা একক চিকিউৰিটি মাৰ্কেট ক’ড বিবৰ্তিত কৰা হ’ব
- জিআইএফটি-আইএফএছচি ত বিশ্বমানৰ এটা ফিন-টেক হাব স্থাপনৰ অৰ্থে সহযোগিতা
- ৰেগুলেটেড গ’ল্ড এক্সচেঞ্জৰ প্ৰণালী স্থাপন
- সকলো আৰ্থিক বিনিয়োগকাৰীৰ অধিকাৰ হিচাপে এটা ইনভেষ্টৰ চাৰ্টাৰৰ বিকাশ সাধন
- ছ’লাৰ এনাৰ্জি কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়ালৈ ১,০০০ কোটি টকা আৰু ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থালৈ ১,৫০০ কোটি টকাৰ কেপিটেল ইনফিউশ্যন
- বীমা খণ্ডত এফডিআই বৃদ্ধি
- অনুমোদনযোগ্য় এফডিআই সীমা ৪৯% ৰপৰা ৭৪% লৈ বৃদ্ধি কৰিবলৈ
- ষ্ট্ৰেচড এচেট ৰিজ’লুশ্যন
- এচেট ৰিকনচট্ৰাকশ্যন কোম্পানী লিমিটেড আৰু এচেট মেনেজমেন্ট কোম্পানী প্ৰতিষ্ঠা কৰা হ’ব
- পিএছবিৰ ৰিকেপিটেলাইজেশ্যন
- পিএছবিসমূহৰ আৰ্থিক সামৰ্থ্য দৃঢ় কৰিবলৈ ২০২১-২২ ত ২০,০০০ কোটি টকা
- ডিপ’জিট ইঞ্চুৰেন্স
- ডিআইচিজিচি আইন, ১৯৬১ ৰ সংশোধনী
- কোম্পানী প্ৰসংগ
- লিমিটেড লায়েবিলিটি পাৰ্টনাৰশ্বীপ (LLP)আইন, ২০০৮ ৰ ডিক্ৰিমিনেলাইজৰ অৰ্থে
- ক্ষুদ্ৰ কোম্পানীসমূহৰ সন্মতি প্ৰয়োজনীয়তা সহজতৰ কৰি তোলা
- ষ্টাৰ্ট-আপ আৰু উদ্ভাৱকসকলক প্ৰোৎসাহিত কৰি তোলা
- ঘটনাসমূহৰ ক্ষীপ্ৰ নিষ্পত্তি নিশ্চিত কৰা
- ২০২১-২২ ত ডাটা বিশ্লেষণ, কৃত্ৰিম বুদ্ধিমত্তা, মেছিন লাৰ্ণিং চালিত এমচিএ ২১ সংস্কৰণ ৩.০ সূচনা কৰা
- পুনঃ বিয়িয়োগ আৰু কৌশলী বিক্ৰী
- ২০২০-২১ ৰ বাজেট প্ৰাক্কলনত পুনঃ বিনিয়োগৰপৰা ১,৭৫,০০০ কোটি টকা আনুমানিক প্ৰাপ্তি
- ২০২১-২২ ত বিপিচিএল, এয়াৰ ইণ্ডিয়া, শ্বিপিং কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া, কন্টেইনাৰ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া, আইডিবিআই বেংক, বিইএমএল, পৱন হংস, নীলাচল ইস্পাত নিগম লিমিটেড ইত্যাদিৰ কৌশলী পুনঃ বিনিয়োগ সম্পূৰ্ণ হৈ উঠিছে।
- আইডিবিআই বেংকৰ বাহিৰে, দুটা ৰাজহুৱা খণ্ডৰ বেংক আৰু এটা সাধাৰণ বীমা কোম্পানীৰ ব্যক্তিগতকৰণকৰা হ’ব
- ২০২১-২২ ত এলআইচিৰ আইপিঅ’
- কৌশলী পুনঃ বিনিয়োগৰ অৰ্থে নতুন নীতিত অনুমোদন জনোৱা হৈছে
- চৰকাৰী বিত্তীয় সংস্কাৰসমূহ
- স্বায়ত্তশাসিত সংস্থাসমূহৰ অৰ্থে ট্ৰেজাৰী ছিংগল একাউন্ট (TSA) প্ৰণালী সৰ্বজনীন এপ্লিকেশ্যনৰ অৰ্থে সম্প্ৰসাৰিত কৰা হ’ব
- সমবায়সমূহৰ অৰ্থে ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ সুচলতৰ কৰাৰ বাবে পৃথক প্ৰশাসনিক গাঁথনি
- আকাংক্ষিত ভাৰতৰ অৰ্থে সৰ্বব্যাপী উন্নয়ন
- কৃষি
- সকলো পণ্যদ্ৰব্যতে ইয়াৰ উৎপাদন ব্যয়ৰ ন্যূনতম ১.৫ গুণ অধিক এমএছপি নিশ্চিতকৰণ।
- ক্ৰয়ৰ ক্ষীপ্ৰ বৃদ্ধিৰে তলত উল্লেখ কৰা ধৰণেৰে কৃষকক পৰিশোধ বৃদ্ধি পাইছেঃ
(কোটি টকাত)
|
২০১৩-১৪
|
২০১৯-২০
|
২০২০-২১
|
ঘেঁহু
|
৩৩,৮৭৪ টকা
|
৬২,৮০২ টকা
|
৭৫,০৬০ টকা
|
ধান
|
৬৩,৯২৮ টকা
|
১,৪১,৯৩০ টকা
|
১৭২,৭৫২ টকা
|
ডাইল
|
২৩৬ টকা
|
৮,২৮৫ টকা
|
১০,৫৩০ টকা
|
- সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ স্বামিত্ব আঁচনি সম্প্ৰসাৰিত কৰা হৈছে
- ২২ বিত্তীয় বৰ্ষত কৃষিজাত ক্ৰেডিট ১৬.৫ লাখ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে
- গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি ৩০,০০০ কোটি টকাৰপৰা ৪০,০০০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব
- ক্ষুদ্ৰ জলসিঞ্চন পুঁজি ১০,০০০ কোটি টকালৈ দুগুণ
- ২২ বিনষ্টযোগ্য পণ্য়লৈ ‘অপাৰেশ্যন গ্ৰীণ স্কিম’সম্প্ৰসাৰিত কৰা হ’ব
- মৎস্য খণ্ড
- আধুনিক মৎস্য পালন আশ্ৰয় আৰু মাছ লেণ্ডিং কেন্দ্ৰৰ অৰ্থে বিনিয়োগ
- তামিল নাডুত বহুমুখী সমুদ্ৰ উদ্ভিদ পাৰ্ক
- প্ৰব্ৰজিত শ্ৰমিক আৰু কৰ্মী
- ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আঁচনি
- অসংগঠিত শ্ৰমিক বল, প্ৰব্ৰজিত শ্ৰমিকৰ তথ্য সংগ্ৰহ কৰিবলৈ পৰ্টেল
- ৪ শ্ৰম সংহিতা ৰূপায়ণৰ কাম অব্যাহত ৰখা হৈছে
- বিত্তীয় অন্তৰ্ভুক্তি
- এছচি, এছটি আৰু মহিলাৰ অৰ্থে ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি
- এমএছএমই খণ্ডলৈ ১৫,৭০০ কোটি টকা আবন্টন
- মানৱ সম্পদৰ পুনৰুজ্জীৱন
- স্কুলীয়া শিক্ষা
- এনইপি উপাংশসমূহ ৰূপায়ণৰদ্বাৰা ১৫,০০০ বিদ্যালয় সুদৃঢ় কৰা যাব
- ১০০ নতুন সৈনিক বিদ্যালয় স্থাপন কৰা হ’ব
- উচ্চ শিক্ষা
- ভাৰতৰ উচ্চ শিক্ষা আয়োগ স্থাপনৰ অৰ্থে আইন
- এখন চহৰৰ সকলো চৰকাৰী মহাবিদ্য়ালয়, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠানক সামৰি ল’বলৈ আনুষ্ঠানিক ছত্ৰ গঠন প্ৰতিষ্ঠা
- লেহত কেন্দ্ৰীয় বিশ্ববিদ্যালয়
- অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ
- জনজাতীয় অধ্যুষিত অঞ্চলসমূহক ৭৫০ একলৱ্য আদৰ্শ আৱাসিক বিদ্যালয়
- অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ অৰ্থে মেট্ৰিক পৰৱৰ্তী স্কলাৰশ্বীপ আঁচনিৰ পুনৰাই গঠন
- দক্ষতা বিকাশ
- এপ্ৰেনটিচশ্বীপ আইনৰ সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে
- উদ্ভাৱন আৰু গৱেষণা ও উন্নয়ন
- ২০১৯ ৰ জুলাইত নেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ মডেলিটি ঘোষণা কৰা হৈছিল
- পৰিশোধৰ ডিজিটেল ম’ডক প্ৰোৎসাহিত কৰি তুলিবলৈ প্ৰস্তাৱিত আঁচনিৰ অৰ্থে ১,৫০০ কোটি টকা
- নেশ্যনেল লেংগুৱেজ ট্ৰেন্সলেশ্যন মিছন (NTLM)
- নিউ স্পেছ ইণ্ডিয়া লিমিটেড (NSIL)ৰ দ্বাৰা পিএছএলভি-চিএছ৫১ উৎক্ষেপন
- ডীপ অ’ছিয়ান মিছনৰ অৰ্থে পাঁচ বছৰত ৪,০০০ কোটি টকা
- ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন
- ক্ষীপ্ৰ ন্যায়দান নিশ্চিত কৰিবলৈ ন্যায়াধীকৰণসমূহৰ সংস্কাৰ সাধনাৰ্থে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে
- সংযোগী হেল্থকেয়াৰ কৰ্মীসকলৰ অৰ্থে ৰাষ্ট্ৰীয় আয়োগ ইতিমধ্যে গঠন কৰা হৈছে
- নেশ্যনেল নাৰ্ছিং এণ্ড মিডৱাইফ কমিশ্যন বিল প্ৰৱৰ্তন কৰা হৈছে
আৰ্থিক অৱস্থা
প্ৰকাৰ
|
প্ৰকৃত বাজেট প্ৰাক্কলন, ২০২০-২১
|
সংশোধিক প্ৰাক্কলন (RE)২০২০-২১
|
বাজেট প্ৰাক্কলন, ২০২১-২২
|
ব্যয়
|
`৩০.৪২ লাখ কোটি
|
`৩৪.৫০ লাখ কোটি
|
`৩৪.৮৩লাখ কোটি
|
মূলধন ব্যয়
|
`৪.১২ লাখ কোটি
|
`৪.৩৯ লাখ কোটি
|
` ৫.৫ লাখ কোটি
|
বিত্তীয় ঘাটি (জিডিপিৰ %)
|
-
|
৯.৫%
|
৬.৮%
|
ৰাজ্যসমূহৰ নেট ধাৰঃ
- ১৫ সংখ্যক বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি ২০২১-২০২২ বৰ্ষটোৰ বাবে ৰাজ্যসমূহলৈ নেট ধাৰ জিএছডিপিৰ ৪% ত অনুমতি প্ৰদান কৰা হৈছে
- ১৫ সংখ্যক বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি২০২৩-২৪ ত ৰাজ্যসমূহে জিএছডিপিৰ৩% আৰ্থিক ঘাটিৰ সন্মুখীন হোৱাৰ আশা দেখা গৈছে
পঞ্চদশ বিত্ত আয়োগঃ
- ২০২১-২৬ ক সামৰি চূড়ান্ত প্ৰতিবেদন ৰাষ্ট্ৰপতিক দাখিল কৰা হৈছে
- কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ আৰু লাডাখলৈ কেন্দ্ৰৰদ্বাৰা পুঁজি যোগান ধৰা হ’ব
কৰ প্ৰস্তাৱ
স্বচ্ছতাৰ লক্ষ্যৰে, যথোচিত কৰ প্ৰণালী প্ৰৱৰ্তন কৰা হ’ব
- প্ৰত্যক্ষ কৰ
সফলতাসমূহঃ
- কৰ্প’ৰেট কৰৰ হাৰ বিশ্বখনৰ ভিতৰতে সৰ্বনিম্ন কৰিবলৈ আগবঢ়া হৈছে
- ক্ষুদ্ৰ কৰদাতাৰ সমস্যা লাঘৱ কৰা হৈছে
- ২০১৪ ৰ তুলনাত ২০২০ ত ৰিটাৰ্ণ ফাইলাৰ প্ৰায় দুগুণ হৈ ৬.৪৮ কোটি হয়
- ফেছলেছ মূল্যায়ন আৰু ফেছলেছ আপিল প্ৰৱৰ্তন কৰা যায়
জ্যেষ্ঠ নাগৰিকসকললৈ সকাহঃ
· কৰ ৰিটাৰ্ণ ফাইলিঙৰপৰা মুক্তকৰণ
বিবাদ হ্ৰাস, সৰলীকৃত নিষ্পত্তিঃ
এনআৰআইলৈ শিথিলকৰণঃ
ডিজিটেল অৰ্থনীতিক উৎসাহ প্ৰদানঃ
ডিভিডেন্টৰ অৰ্থে সকাহঃ
আন্তঃগাঁথনিৰ অৰ্থে বৈদেশিক বিনিয়োগক আকৰ্ষিত কৰাঃ
- ইনফ্ৰাচট্ৰাকচাৰ ডেব্ট ফাণ্ডৰ প্ৰচলন
- কিছু চৰ্তৰ শিথিলকৰণ
‘সকলোৰে অৰ্থে গৃহ’ লৈ সহায়ঃ
- ১.৫ লাখ টকা পৰ্যন্ত সুতৰ অতিৰিক্ত হ্ৰাস
- ব্যয়সাধ্য গৃহ নিৰ্মাণ প্ৰকল্পৰ অৰ্থে টেক্স হলিডে’ ২০২২ ৰ মাৰ্চ পৰ্যন্ত স্প্ৰসাৰিত কৰা হৈছে
জিআইএফটি চিটিৰ আইএফএছচিৰ অৰ্থে টেক্স ইনচেনটিভঃ
- এয়াৰক্ৰাফ্ট লিজিং কোম্পানীসমূহৰ আয়ৰপৰা কেপিটেল গেইনৰ অৰ্থে টেক্স হলিডে’
ইজ অৱ ফিলিং টেক্সঃ
ক্ষুদ্ৰ ন্যাসসমূহলৈ সকাহঃ
শ্ৰমিক কল্যাণঃ
- নিয়োগকৰ্তাৰদ্বাৰা কৰ্মচাৰীৰ পলম ডিপ’জিটৰ অনুমতি প্ৰদান কৰা নহয়
- ষ্টাৰ্ট-আপসমূহত বিনিয়োগৰ অৰ্থে কেপিটেল গেইন এক্সেমশ্যন ২০২২ ৰ ৩১ মাৰ্চলৈ সম্প্ৰসাৰিত কৰা হৈছে
- পৰোক্ষ কৰ
জিএছটিঃ
- আজি পৰ্যন্ত গ্ৰহণ কৰা ব্যৱস্থাৰাজিঃ
o এছএমএছৰ জৰিয়তে নিল ৰিটাৰ্ণ
o ক্ষুদ্ৰ কৰদাতাসকলৰ অৰ্থে ত্ৰৈমাসিক ৰিটাৰ্ণ আৰু মাহেকীয়া পৰিশোধ
o ইলেকট্ৰনিক ইনভয়চ প্ৰণালী
o ভেলিডেটেড ইনপুট টেক্স ষ্টেটমেন্ট
o প্ৰি-ফিলড এডিটেবল জিএছটি ৰিটাৰ্ণ
o জিএছটিএন প্ৰণালীৰ সামৰ্থ্য় বৃদ্ধি
o কৰ ফাঁকি দিওঁতাক চিনাক্ত কৰিবলৈ ডিপ এনালাইটিক্স আৰু এআইৰ ব্যৱহাৰ
শুল্ক যুক্তি সংগত কৰাঃ
- দ্বৈত উদ্দেশ্যঃঘৰুৱা মেনুফেক্সাৰিঙক প্ৰোৎসাহন আৰু বৈশ্বিক মান শৃংখলত সংযোজিত হ’বলৈ ভাৰতক সহায় কৰা
ইলেকট্ৰনিক আৰু ম’বাইল ফোন উদ্যোগঃ
- চাৰ্জাৰৰ কিছু অংশ আৰু ম’বাইলৰ কিছু উপাংশৰ ওপৰত কেতবোৰ ৰেহাই আঁতৰ কৰা হৈছে
- ম’বাইলৰ কিছু অংশৰ শুল্ক শূন্যৰপৰা ২.৫% লৈ সংশোধনী কৰা হৈছে
লো আৰু তীখাঃ
- শুল্ক হ্ৰাস
- ষ্টীল স্ক্ৰেপৰ ওপৰত শুল্ক ২০২২ ৰ ৩১ মাৰ্চ পৰ্যন্ত ৰেহাই দিয়া হৈছে
টেক্সটাইলঃ
- বেছিক কাষ্টম ডিউটি (BCD) ৫% লৈ হ্ৰাস কৰা হৈছে
কেমিকেলঃ
- ঘৰুৱা মূল্য় সংযোজনক প্ৰোৎসাহিত কৰিবলৈ শুল্ক হাৰ হ্ৰাস কৰা হৈছে
সোণ আৰু ৰূপঃ
- সোণ আৰু ৰূপৰ ওপৰত শুল্ক যুক্তিসংগত কৰা হৈছে
নৱীকৰণযোগ্য শক্তিঃ
কেপিটেল ইকুইপমেন্টঃ
- নিৰ্দিষ্ট অট’ উপাংশৰ শুল্ক সাধাৰণ হাৰ ১৫% লৈ বৃদ্দি কৰা হৈছে
এমএছএমই পণ্যঃ
- ষ্টীল স্ক্ৰিউ আৰু প্লাষ্টিক বিল্ডাৰ ৱেৰৰ ওপৰত শুল্ক ১৫% লৈ বৃদ্ধি কৰা হৈছে
কৃষিজাত পণ্যঃ
- কপাহৰ ওপৰত শুল্ক শূন্যৰপৰা ১০% আৰু খাটি ছিল্ক আৰু ছিল্ক আঁহৰ শুল্ক ১০% ৰপৰা ১৫% লৈ বৃদ্ধি কৰা হৈছে
ক’ভিড-১৯ মহামাৰীটোৰ সময়ছোৱাত সফলতা আৰু মাইলৰ খুঁটি
· প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা (PMGKY):
-
- ২.৭৬ লাখ কোটি টকা মূল্য়
- ৮০ কোটি লোকলৈ বিনামূলীয়া খাদ্য় শস্য
- ৮ কোটি পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছ
- ৪০ কোটিৰো অধিক কৃষক, মহিলা, বৃদ্ধ, দৰিদ্ৰ আৰু অভাৱী লোকলৈ প্ৰত্যক্ষভাৱে নগদ ধন
· আত্মনিৰ্ভৰ ভাৰত পেকেজ (ANB 1.0):
-
- ২৩ লাখ কোটি টকা –জিডিপিৰ ১০% ৰ অধিক
· গাঁথনিগত সংস্কাৰসমূহঃ
-
- ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড
- কৃষি আৰু শ্ৰম সংস্কাৰ
- এমএছএমই ৰ পুনৰ সংজ্ঞা
- খনি খণ্ডটোৰ বাণিজ্যিকীকৰণ
- ৰাজহুৱা খণ্ডৰ অধীনস্থৰ ব্যক্তিগতকৰণ
- প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি
· ক’ভিড-১৯ ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ স্থিতিঃ
-
- ২ টা মেড-ইন-ইণ্ডিয়া ভেকচিন
- শীঘ্ৰেই ২ বা ততোধিক নতুন ভেকচিন লাভৰ সম্ভাৱনা
- প্ৰতি নিযুত জনসংখ্যাত ন্যূনতম মৃত্যুৰ হাৰ আৰু ন্যূনতম সক্ৰিয় ঘটনা
২০২১–ভাৰতীয় ইতিহাসৰ অৰ্থে মাইলৰ খুঁটিৰ বৰ্ষ
· ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ
· ভাৰতলৈ গোৱাৰ অভিগমনৰ ৬০ বছৰ
· ১৯৭১ ৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ ৫০ বছৰ
· স্বাধীন ভাৰতৰ ৮ম পিয়লৰ বৰ্ষ
· ‘ব্ৰিকছ’ৰ অধ্যক্ষতাৰ দায়িত্ব পালন ভাৰতৰ
· চন্দ্ৰায়ন-৩ অভিযানৰ বৰ্ষ
আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টি
· আত্মনিৰ্ভৰতা –নতুন ধাৰণা নহয় –পুৰাতন ভাৰত আছিল আত্ম-নিৰ্ভৰ আৰু বিশ্বখনৰে বাণিজ্যিক অভিকেন্দ্ৰ
· কেন্দ্ৰীয় বাজেট, ২০২১-২২ ত ১৩ টা অংগীকাৰ কৰা হয় আৰু আত্মনিৰ্ভৰতাৰ দৃষ্টিৰে ৰজিতা খুৱাই, আমাৰ স্বাধীনতাৰ ৭৫ বছৰত ২০২২ ৰ আমৰুট মহোৎসৱত ইয়াক মূৰ্ত কৰা হ’ব
“বিশ্বাস হৈছে এনে এটা পক্ষী যিয়ে ঘনঘোৰ প্ৰত্যুষতো জ্যোতিৰ অনুভৱ কৰে আৰু সুৰীয়া সংগীত জুৰে।”
– ৰবীন্দ্ৰনাথ ঠাকুৰ
*****
RM/AS/AUK/KA/PJ/SB
(Release ID: 1694331)
Visitor Counter : 2013
Read this release in:
Kannada
,
Malayalam
,
Bengali
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu