বিত্ত মন্ত্ৰালয়

অৰ্থনৈতিক সমীক্ষা ২০২০-২০২১ৰ বিশেষ উল্লেখনীয় প্ৰসংগসমূহ

Posted On: 29 JAN 2021 3:47PM by PIB Guwahati

বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে যুগুতোৱা অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন সংসদত দাখিল কৰে। ভিড-যোদ্ধাসকলৰ নামত উত্সৰ্গা কৰা এই সমীক্ষাৰ বিশেষ উল্লেখনীয় প্ৰসংগসমূহ তলত উল্লেখ কৰা হল-

শতাব্দী-বিৰল সংকটৰ মাজত জীৱন আৰু জীৱিকাৰ সুৰক্ষা

কটভিড-১৯ মহামাৰীৰ সংকটৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে দীৰ্ঘম্যাদী মংগলৰ বাবে হ্ৰস্বম্যাদী দুখ সহ্য কৰাৰ মন্ত্ৰ আওৰাই জীৱন আৰু জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ নীতি গ্ৰহণত মনোনিৱেশ কৰিব খুজিছে। 

মানৱীয় প্ৰমূল্যক অগ্ৰাধিকাৰ:

  • মানৱ জীৱন এবাৰ হেৰুৱালে ঘূৰাই পোৱা নাযায়

o মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ পৰণতিত হঠাতে স্থব্ধ হোৱা জিডিপি-ৰ গতিৰ পুনৰ ত্বৰান্বিতকৰণ

আগতীয়া আৰু কঠোৰ লকডাউনৰ দৰে ৰণ কৌশল গ্ৰহণৰ সুবাদত পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত সাফল্য লাভ। সমান্তৰাল ভাবে অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে মজলীয়া আৰু দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণৰে জীৱন আৰু জীৱিকাৰ সুৰাক্ষা প্ৰদানৰ প্ৰচেষ্টা গ্ৰহণ

বেল বঁটা বিজয়ী হেনছেন এণ্ড ছাজেণ্ট(২০০১)ৰ গৱেষণাৰ আধাৰত যুগোতোৱা ৰণ কৌশল- অনিশ্চয়তাৰ সম্ভাৱনা সৰ্বাধিক হোৱাৰ মুহূৰ্তত শোচনীয়  পৰিস্থিতত হব পৰা ক্ষতিৰ পৰিমান ন্যূনতম কৰাৰ প্ৰয়াসত গুৰুত্ব প্ৰদান।

ছেপ্টেম্বৰ ২০২০ত চূড়ান্ত শিখৰত উপনীত হোৱা কভিড আক্ৰান্তৰ সংখ্যাক নিয়ন্ত্ৰণাধীন পৰিমানলৈ হ্ৰাস কৰাত সৰ্বাধিক গুৰুত্ব প্ৰদানৰে ৰণ কৌশল যুগুতাইছিল ভৰতে।  

গতিশীলতা বঢ়াৰ পিচতো কিন্তু ছেপ্টেম্বৰ মাহত শিখৰ চোৱা আক্ৰান্তৰ সংখ্যাৰ দৈনিক হাৰ দ্ৰুতগতিত অৱনমিত হবলৈ ধৰাৰ অনন্য ধাৰা আৰম্ভ হয়।

বছৰটোৰ প্ৰথম ত্ৰিমাসিকত অৰ্থনীতিৰ গতি অৱনমিত হোৱাৰ পিচত দ্বিতীয়টো ত্ৰিমাসিকত সকলোবোৰ অৰ্থনৈতিক সূচকাংকৰ উথ্থানৰে জিডিপি-ৰ ২৩.৯শতাংশ উথ্থানৰে ভি-ছেপড পুনৰুদ্ধাৰৰ ধাৰা পৰিলক্ষিত হয়।

ভিড-১৯ মহামাৰীয়ো প্ৰভাৱিত কৰে চাহিদা আৰু যোগান শৃংখলক:

  • উত্পাদনী সামৰ্থ্যক দীৰ্ঘ-ম্যাদী ক্ষতিৰ পৰা ৰক্ষা কৰাৰ বাবে মধ্যকালীন-দীৰ্ঘম্যাদী কালত যোগানৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ব্যৱস্থাগত সংস্কাৰৰ পদক্ষেপ ঘোষণা কৰা একমাত্ৰ দেশ আছিল ভাৰত
  •  
  • অৰ্থনৈতিক কাম-কাজত আহি পৰা স্থবিৰতা আঁতৰোৱাৰ সমান্তৰাল ভাবে অৰ্থনীতিৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে যোগান শৃংখল সম্প্ৰসাৰিত কৰাৰ বাবে বিশেষ নীতি গ্ৰহণ

o ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পেকেজৰ ৰূপত চৰকাৰী বিনিয়োগ কাৰ্যক্ৰমৰ জৰিয়তে যোগান শৃংখলৰ পৰিসৰ সম্প্ৰসাৰিত কৰি অৰ্থনীতিৰ পুনৰুথ্থানৰ প্ৰয়াস গ্ৰহণ

দ্বিতীয় বাৰৰ সংক্ৰমণৰ সম্ভাৱনা নোহোৱা কৰি অৰ্থনীতিৰ অৱনমনক উথ্থানমুখী কৰা-শতিকা বিৰল মহামাৰীৰ মাজত অৱনমিত অৰ্থনীতিক উথ্থানমুখী কৰি তুলিব পৰা নীতি গ্ৰহণৰ প্ৰয়াস

 

২০২০-২১ত অৰ্থনীতিৰ স্থিতি

ভিড-১৯ মহামাৰীয়ে গোলকীয় পৰিমণ্ডলৰ অৰ্থনীতিকে সৰ্বস্বান্ত কৰিছিল, পৃথিৱী জোৰা বিত্তীয় সংকটৰ পিচত এই পৰিস্থিতি আটাইতকৈ গুৰুতৰ বুলি চিহ্নিত হৈছে।

• ‘লকডাউন আৰু সামাজিক ব্যৱধান বিধিয়ে গোলকীয় অৰ্থনীতি গতি স্থবিৰ কৰি তুলিছিল

২০২০(আইএমএফ জানুৱাৰী ২০২১ প্ৰাকলিত)ত গোলকীয় অৰ্থনেতিক আউটপুট ৩.৫শতাংশ হাৰে অৱনমিত হব বুলি ধাৰণা কৰা হৈছে।

দেশসমূহৰ চৰকাৰ আৰু কেন্দ্ৰীয় বেংকসমূহে তেওঁলোকৰ অৰ্থনীতিক সমৰ্থন আগবঢ়াব পৰাকৈ হাৰ কমোৱা, পৰিমাণগত শিথিলতা আৰোপৰ পদক্ষেপৰ দৰে বিভিন্ন নীতি গ্ৰহণ কৰিছে

ভাৰতে আৱদ্ধকৰণ, ৰাজকোষীয়, বিত্তীয় আৰু দীৰ্ঘ-ম্যাদী ব্যৱস্থাগত সংস্কাৰ-- এই চাৰি স্তম্ভযুক্ত ৰণকৌশল গ্ৰহণ কৰিছে:

O লকডাউনৰ সময়ত আটাইতকৈ শোচনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা সকলক সকাহ দানৰ লগতে লকডাউনৰ পৰৱৰ্তি পৰিস্থিতিত আহৰণ আৰু বিনিয়োগ বৃদ্ধিৰ বাবে যথোচিত ৰাজকোষীয় আৰু বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ দিহা

o  বজাৰত নগদ ধনৰ পয়োভৰ সৃষ্টি কৰাৰ লগতে ঋণ লওতাসকলক তাত্ক্ষণিক সকাহ দানৰ বাবে এক সহনশীল মুদ্ৰা নীতি গ্ৰহণ

• ‘এনএছঅ-ইণ্ডিয়াই কৰা পূৰ্বানুমান অনুসৰি ভাৰতৰ জিডিপি ২০২১ বিত্তীয়বৰ্ষত (-)৭.৭শতাংশ হাৰে বিকশিত হব--বছৰটোৰ প্ৰথম ছমাহ(এইচ-১)ৰ বিপৰীতে দ্বিতীয় ছমাহ(এইচ-২)ত ২৩.৯শতাংশৰ এক শক্তিশালী অনুক্ৰমিক বিকাশৰ নিদৰ্শন দাঙি ধৰিব

২০২১-২২বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰকৃত জিডিপিৰ বিকাশৰ হাৰ ১১.০শতাংশ আৰু নামমাত্ৰ জিডিপি ১৫.৪শতাংশ হাৰে বৃদ্ধি পাব। এই হাৰ স্বাধীনোত্তৰ কালত সৰ্বাধিক বুলি চিহ্নিত হব।

ভিড-১৯ৰ প্ৰতিষেধক মুকলি হোৱাৰ সুবাদত অৰ্থনৈতিক কাম-কাজ নিয়মীয়া হোৱাৰ ধাৰা অব্যাহত থাকিব আৰু অৰ্থনৈতিক উথ্থানৰ হাৰ কম-পৰিসৰত আৰম্ভ হৈ ক্ৰমাত অগ্ৰগতি লাভ কৰিব

অৰ্থনীতিৰ গতিক অৱনমনৰ পৰা ৰক্ষা কৰিব চৰকাৰী খণ্ডৰ ক্ৰয় আৰু শুদ্ধ ৰপ্টানীয়ে আনহাতে ব্যক্তিগত খণ্ড বিনিয়োগ আৰু খণ্ডটোয়ে কৰা ক্ৰয়ৰে ই স্থিতি উৰ্ব্ধগামী

চৰকাৰী খণ্ডৰ ক্ৰয়ৰ সুবাদত ২০২০-২১ বিত্তীয় বৰ্ষৰ দ্বিতীয় ছমাহত অৰ্থনীতিৰ পুৰনৰুথ্থান আশা কৰা হৈছে। পুৰ্বানুমান মতে এই হাৰ হব ১৭শতাংশ।

বিত্তীয় বৰ্ষ ২০২১ৰ দ্বিতীয় ছমাহত ৰপ্টানীৰ পৰিমান ৫.৮শতাংশ অৱনমিত আৰু আমদানীৰ পৰিমাণ ১১.৩শতাংশ হাৰে অৱনমিত হব বুলি ধাৰণা কৰা হৈছে।

বছৰটোত ভাৰতৰ কাৰেণ্ট একাউণ্ট ৰাহিৰ পৰিমান জিডিপিৰ ২শতাংশ হব বুলি আশা কৰা হৈছে। এয়া ১৭টা বছৰৰ পিচত ঐতিহাসিক ভাবে উচ্চ হাৰ বুলি পৰিগণিত হব।

বিত্তীয় বৰ্ষ ২০২০ৰ ৩.৯শতাংশৰ বিপৰীতে বিত্তীয় বৰ্ষ ২০২১ত যোগানৰ গ্ৰছ ভেল্যু এডেড(জিভিএ)ৰ বিকাশৰ হাৰ (-)৭.২শতাংশ বুলি ঠাৱৰ কৰা হৈছে

o ভিড-১৯য়ে সৃষ্টি কৰা অৰ্থনৈতিক সংকটক সকাহ দিবলৈ সাজু হৈছে কৃষি খণ্ড। বিত্তীয় বৰ্ষ ২০২১ত এই খণ্ডৰ বলত ভাৰতীয় অৰ্থনীতিয়ে ৩.৪শতাংশ হাৰে বিকাশৰ লাভ কৰিব

o বছৰটোত উদ্যোগ আৰু সেৱা খণ্ডই প্ৰাকলিত অনুবন্ধ(কনট্ৰেক্ট)ৰ হাৰ ক্ৰমে ৯.৬শতাংশ আৰু ৮.৮শতাংশ

অৰ্থনীতিৰ দ্ৰুত পুনৰুথ্থানৰে বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ বাবে পচন্দৰ দেশ হিচাপে থকা ভাৰতৰ জনপ্ৰিয়তা ২০২০-২১বিত্তীয় বৰ্ষটো অব্যাহত থাকিব বুলি ধাৰণা কৰা হৈছে

:

o নৱেম্বৰ ২০২০ত শুদ্ধ এফপিআই প্ৰবহণৰ মাহেকীয়া পৰিমান সৰ্বকালৰ সৰ্বাধিক ৯.৮ বিলিয়ন মাৰ্কিন ডলাৰ আছিল

o ২০২০ত ইকুইটী আফআইআইৰ প্ৰবহণ লাভ কৰা উদীয়মান অৰ্থনৈতিক বাণিজ্যৰ একমাত্ৰ দেশ ভাৰত

*****

RM/AS/PJ/KB



(Release ID: 1693430) Visitor Counter : 472