স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ আৰোগ্যৰ হাৰ এতিয়া প্ৰায় ৯৭%, গোলকীয় পৰিমণ্ডলত অন্যতম সৰ্বাধিক

৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সক্ৰিয় ৰোগীৰ সংখ্যা ৫,০০০ৰ তলত

ক’ভিড-১৯ৰ বিৰুদ্ধে ২৩.৫ লাখ হিতাধিকাৰীক প্ৰতিষেধক প্ৰদান

Posted On: 28 JAN 2021 11:02AM by PIB Guwahati

আৰোগ্য লাভ কৰা লোকৰ সামগ্ৰিক হাৰ ধাৰাবাহিক ভাবে বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ আৰোগ্যৰ হাৰ ৯৭% হৈছেগৈ। এই মুহূৰ্তত ভাৰতৰ আৰোগ্য লাভৰ হাৰ গোলকীয় পৰিমণ্ডলৰ অন্যতম সৰ্বাধিক বুলি পৰিগণিত হৈছে।

শেহতীয়া ২৪ ঘণ্টাত দেশৰ ১৪,৩০১গৰাকী লোকে আৰোগ্য লাভ কৰাৰ পিচত দেশৰ আৰোগ্য লাভ কৰা ব্যক্তিৰ সৰ্বমুঠ সংখ্যা ১,০৩,৭৩,৬০৬গৰাকী হৈছেগৈ।

ইফালে, দেশৰ সক্ৰিয় ৰোগীৰ মুঠ সংখ্যা আজি ১.৭৫ লাখৰ তললৈ অৱনমিত হৈছে। এই মুহূৰ্তত মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ শতাংশ হাৰ ১.৬২% হৈছে।

তলত দেশৰ সক্ৰিয় ৰোগীৰ সংখ্যা অৱনমিত হোৱাৰ ধাৰা প্ৰদৰ্শিত কৰা হৈছে। ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৫,০০০ৰ তললৈ অৱনমিত হোৱাৰ তথ্য লাভ কৰা হৈছে।

কেৰালা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু পশ্চিম বংগতে ৭৮% সক্ৰিয় ৰোগীৰ উপস্থিতি নিশ্চিত কৰা হয়।

আজি, অৰ্থাত্ ২৮ জানুৱাৰী ২০২১ৰ পুৱা ৭.৩০ বজা পৰ্যন্ত ২৩.৫ লাখৰো অধিক(২৩,৫৫,৯৭৯) হিতাধিকাৰীৰ টীকাকৰণ সম্পন্ন কৰা হৈছে। এই পৰ্যন্ত টীকাকৰণৰ মুঠ ১৪,১১৮টা অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ইফালে, যোৱা ২৪ ঘণ্টাত অনুষ্ঠিত ৬,১০২টা অধিৱেশনত ৩,২৬,৪৯৯গৰাকী হিতাধিকাৰীক এই প্ৰতিষেধক প্ৰদান কৰা হয়। এই পৰ্যন্ত দেশত টীকাকৰণৰ ৪২,৬৭৪টা অধিৱেশন অনুষ্ঠিত হৈছে।

 

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা

1

আন্দামান আৰু নিকোবৰ

2,385

2

অন্ধ্ৰ প্ৰদেশ

1,63,727

3

অৰুণাচল প্ৰদেশ

7,307

4

অসম

19,945

5

বিহাৰ

89,074

6

চণ্ডীগড়

2,355

7

চত্তিশগড়

51,647

8

দাদ্ৰা আৰু নগৰ হাভেলী

345

9

দমন আৰু দিউ

320

10

দিল্লী

39,764

11

গোৱা

2,311

12

গুজৰাট

94,524

13

হাৰিয়াণা

1,09,782

14

হিমাচল প্ৰদেশ

14,054

15

জম্মু আৰু কাশ্মীৰ

16,331

16

ঝাৰখণ্ড

24,020

17

কৰ্ণাটক

2,67,811

18

কেৰালা

82,970

19

লাডাখ

818

20

লাক্ষাদ্বীপ

746

21

মধ্য প্ৰদেশ

1,31,679

22

মহাৰাষ্ট্ৰ

1,79,509

23

মণিপুৰ

2,855

24

মেঘালয়

3,249

25

মিজোৰাম

6,142

26

নাগালেণ্ড

3,973

27

ওড়িশা

1,78,227

28

পুডুচেৰী

1,813

29

পাঞ্জাৱ

44,708

30

ৰাজস্থান

2,37,137

31

ছিক্কিম

1,320

32

তামিল নাডু

82,039

33

তেলেংগাণা

1,30,425

34

ত্ৰিপুৰা

19,698

35

উত্তৰ প্ৰদেশ

1,23,761

36

উত্তৰাখণ্ড

14,690

37

পশ্চিম বংগ

1,58,193

38

অন্যন্য

46,325

মুঠ

23,55,979

 

ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৭.৮৪%ই ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, সৰ্বাধিক ৫,০০৬গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই এই তালিকাত ২,৫৫৬ আৰু ৯৪৪গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক

শেহতীয়া ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হোৱা ১১,৬৬৬গৰাকী লোকৰ নাম পঞ্জীকৃত হৈছে।

নতুনকৈ আক্ৰান্তৰ ৮১.৯৬%ই ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৫,৬৫৯গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ২,১৭১ আৰু ৫১২গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু তামিল নাডু

ইফালে, শেহতীয়া ২৪ঘণ্টাত মৃত্যু সাৱটিছে ১২৩গৰাকী লোকে।

ইয়াৰে ৭৫.৬১% মৃতকেই ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৩২গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালা আৰু পাঞ্জাৱত মৃত্যু হৈছে ক্ৰমে ২০ আৰু ১০গৰাকী লোকৰ

****

MV/SJ/KB



(Release ID: 1693076) Visitor Counter : 187