স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ডাঃ হৰ্ষ বৰ্ধনৰ অধ্যক্ষতাত ক’ভিড-১৯ সন্দৰ্ভত মন্ত্ৰী গোট (GOM) ৰ ২৩ সংখ্যক বৈঠক

“ক’ভিড-১৯ ৰ লেখত ভাৰত সুচল- যোৱা ৭ দিন ধৰি ১৪৬ জিলা, ১৪ দিন ধৰি ১৮ জিলা, ২১ দিন ধৰি ৬ জিলা আৰু ২৮ দিন ধৰি ২১ জিলাত নতুন ঘটনা লাভ কৰা হোৱা নাই”

থলুৱাভাৱে প্ৰস্তুত ভেকচিন যোগানৰদ্বাৰা এই গুৰুত্বপূৰ্ণ সময়ত ভাৰতে বিশ্ব সমাজৰ বিশ্বাস আদায় কৰিছে- ডাঃ হৰ্ষ বৰ্ধন

Posted On: 28 JAN 2021 12:24PM by PIB Guwahati

আজি ইয়াত কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ভিডিঅ’-কনফাৰেন্সৰ জৰিয়তে ক’ভিড-১৯ সন্দৰ্ভত উচ্চ-স্তৰীয় মন্ত্ৰী গোট (GoM) ৰ ২৩ সংখ্যক বৈঠকৰ পৌৰহিত্য কৰে। ইয়াত ভাগ লয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ. জয়শংকৰ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰী, স্বাস্থ্য ও পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায় আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ও ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দাবিয়াই।

নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ বিনোদ কুমাৰ পাল ভাৰ্চুৱেলী উপস্থিত থাকে।

বৈঠকখনি আৰম্ভ কৰিয়েই ডাঃ হৰ্ষ বৰ্ধনে সকলোকে মনত পেলাই দিয়ে যে ক’ভিডৰ ব্যৱস্থাপনাৰ অৰ্থে গঠিত এই মন্ত্ৰী গোটে এবছৰে দায়িত্ব পালন কৰিলেঃ “যোৱা বৰ্ষৰ ৩০ জানুৱাৰীত প্ৰথমটো ঘটনা লাভ কৰা হৈছিল আৰু ২০২০ ৰ ৩ ফেব্ৰুৱাৰীত ক’ভিড-১৯ ৰ অৰ্থে গঠিত মন্ত্ৰী গোটৰ প্ৰথমখনি বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আৰোপ কৰা ‘সমগ্ৰ চৰকাৰ’ আৰু ‘সমগ্ৰ সমাজ’ প্ৰচেষ্টাৰ জৰিয়তে, ভাৰতে সফলতাৰে মহামাৰীটো প্ৰতিৰোধ কৰিছে। যোৱা ২৪ ঘন্টাত ১২,০০০ ত কৈয়ো কম ঘটনা লাভ কৰা হৈছে আৰু সক্ৰিয় কেছল’ড হ্ৰাস হৈ মাত্ৰ ১.৭৩ লাখ হৈ পৰিছে।”

সফলতাসমূহৰ সৱিশেষ উল্লেখেৰে, তেওঁ কয়, “যোৱা ৭ দিন ধৰি ১৪৬ জিলা, ১৪ দিন ধৰি ১৮ জিলা, ২১ দিন ধৰি ৬ জিলা আৰু ২৮ দিন ধৰি ২১ জিলাত নতুন ঘটনা লাভ কৰা হোৱা নাই। অতিশয়-সক্ৰিয় টেষ্টিঙৰ ফলশ্ৰুতিতে এই সফলতা লাভ কৰা হৈছে যাৰ পৰিমাণ অদ্যপি ১৯.৫ কোটিৰো অধিক। বৰ্তমান টেষ্টিং সামৰ্থ্য হৈছে প্ৰতি দিনে ১২ লাখ।”

তেওঁ লগতে কয় যে মুঠ সক্ৰিয় ঘটনাৰ ভিতৰত, ০.৪৬% ভেন্টিলেটৰ, ২.২০% আইচিইউ আৰু মাত্ৰ ৩.০২% অক্সিজেন চাপ’ৰ্টত আছে। ডাঃ হৰ্ষ বৰ্ধনে উল্লেখ কৰে যে এতিয়ালৈকে যুক্তৰাজ্য ভেৰিয়েন্টৰ ১৬৫ টা ঘটনা লাভ কৰা হৈছে। তেওঁলোক তদাৰকী কৰা কোৱাৰেন্টাইন আৰু নিৰীক্ষণৰ অধীনত আছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে গৌৰৱেৰে উল্লেখ কৰে যে বৈশ্বিক ৰাজহুৱা স্বাস্থ্য সংকটৰ দৰে সময়ছোৱাত ক’ভিড-১৯ ৰ ভেকচিন যোগানেৰে ভাৰতে আন ৰাষ্ট্ৰসমূহক সহায় আগবঢ়াইছে আৰু ভিকচিন প্ৰদানৰ অৰ্থে বহু ৰাষ্ট্ৰৰ লোকসকলক প্ৰশিক্ষণ আগবঢ়াইছে। “বিশ্ব সম্প্ৰদায়ৰ “মিত্ৰ” হৈ, থলুৱাভাৱে প্ৰস্তুত ভেকচিন যোগানৰদ্বাৰা এই গুৰুত্বপূৰ্ণ সময়ত ভাৰতে বিশ্ব সমাজৰ বিশ্বাস আদায় কৰিছে”, ডাঃ হৰ্ষ বৰ্ধনে কয়।

এনচিডিচিৰ সঞ্চালক ডাঃ সুজিৎ কুমাৰ সিঙে ভাৰতৰ ক’ভিড-১৯ ৰ সাম্প্ৰতিক আৰু ভৱিষ্যৎ প্ৰেক্ষাপট সন্দৰ্ভত এখনি সৱিশেষ প্ৰতিবেদন আগবঢ়াই য’ত বিশ্বখনৰ আন ৰাষ্ট্ৰসমূহৰ ক’ভিড-১৯ ৰ নিশ্চিত ঘটনা আৰু বৃদ্ধিৰ হাৰৰ প্ৰক্ষেপ পথৰে তুলনাৰ অংকনকো সামৰি লোৱা যায়। ভাৰতত ৭ দিনত ০.৯০% বৃদ্ধিৰ হাৰ লাভ কৰা হৈছে, যি বিশ্বখনৰ ভিতৰতে সৰ্বনিম্ন, তেওঁ কয়।

ভাৰতত মহামাৰীটোৰ প্ৰক্ষেপ পথৰ বিশ্লেষণ আগবঢ়াই ভাৰতৰ ভিন্ন ৰাজ্যত বৃদ্ধিৰ হাৰ % ৰ সৈতে দৈনিক নিশ্চিত নতুন ঘটনা, আৰোগ্য লাভৰ হাৰ, ঘটনাৰ পজিটিভিটি হাৰ, সক্ৰিয় ঘটনাৰ প্ৰৱণতা, নিৰ্দিষ্ট জিলাত ঘটনাৰ মাত্ৰাৰ দৰে জটিল প্ৰাচল, মৃত্যুৰ ঘটনা আৰু নতুন যুক্তৰাজ্য ভেৰিয়েন্ট ঘটনাৰ সংক্ৰমণৰ দৰে আন প্ৰৱণতাসমূহ উল্লেখ কৰে। ফলপ্ৰসূ ক্লিনিকেল ব্যৱস্থাপনাৰ পৰিপ্ৰেক্ষিতত ২০২০ ৰ জুনৰ মাজভাগত ভাৰতৰ ঘটনাৰ মৃত্যুৰ অনুপাত ৩.৪% ৰপৰা সাম্প্ৰতিক হাৰ ১.৪% লৈ হ্ৰাস পাইছে। তেওঁ তদুপৰি জনাই যে দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউত আৰোগ্য লাভৰ হাৰ সৰ্বাধিক ৯৯.৭৯%, ইয়াৰ পাছতেই অৰুণাচল প্ৰদেশত ৯৯.৫৮% আৰু উৰিষ্যাত ৯৯.০৭% ৰ বিপৰীতে অধিক সক্ৰিয় কেছল’ডৰ বাবে কেৰালাৰ আৰোগ্য লাভৰ হাৰ হৈছে ৯১.৬১%। তেওঁ জনাই যে সম্প্ৰতি সক্ৰিয় ঘটনাৰ সৰ্বাধিক সংখ্যা লাভ কৰা শীৰ্ষ ৫ জিলাৰ মাজত অৱস্থান কৰিছে মুম্বাই, তিৰুৱন্তপুৰম, আৰ্ণাকুলাম, কোট্টায়ম আৰু কোজিকুডে। এই মুহূৰ্তত দেশখনৰ সক্ৰিয় কেছল’ডৰ ৭০% হৈছে মহাৰাষ্ট্ৰ আৰু কেৰালাৰ। আন ৰাষ্ট্ৰসমূহত প্ৰত্যক্ষ হোৱা সংক্ৰমণৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি আহি থকা মাহ কেইটাত সতৰ্ক হ’বলৈ তেওঁ পৰামৰ্শ আগবঢ়াই আৰু সমগ্ৰ বিশ্বতে লাভ কৰা ভাইৰাছটোৰ মিউটেন্ট ষ্ট্ৰেইনৰ কাৰণেও সতৰ্কতা আৱশ্যকীয় বুলি তেওঁ কয়।

এক বিস্তৃত প্ৰেজেনটেশ্যনৰ জৰিয়তে, নিটি আয়োগৰ ডাঃ বিনোদ কুমাৰ পাল আৰু কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে দেশখনত ভেকচিন বিকাশ সাধনত লাভ কৰা অগ্ৰগতি আৰু ২০২১ ৰ ১৬ জানুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীৰদ্বাৰা শুভাৰম্ভ কৰা টিকাদান কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী গোটক অৱগত কৰে।

কেন্দ্ৰীয় স্বাস্থ্য সচিবজনে টিকাদান কাৰ্যসূচীটোৰ লজিষ্টিক আৰু অদ্যপি লাভ কৰা সফলতা সন্দৰ্ভত ব্যক্ত কৰে; কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে ৩ দিনৰ ভিতৰত (২০২১ ৰ ১২ ৰপৰা ১৪ জানুৱাৰীলৈ) ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ভেকচিনৰ ১১২.৪ লাখ পালি বিতৰণ কৰা যায়; ২০২১ ৰ ২০ জানুৱাৰীত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ আন অতিৰিক্ত ১১৫.৬ লাখ পালি যোগান সম্পন্ন কৰা যায়; অদ্যপি ৬৯,০০০ কাৰ্যক্ৰম পৰিচালক, ২.৫ লাখ টিকাদাৰ ও ৪.৪ লাখ আন টীম সদস্যক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে; ক’-উইন (Co-WIN) পৰ্টেলত এতিয়া পঞ্জীয়ন সম্পন্ন কৰা হেল্থ কেয়াৰ কৰ্মীৰ সংখ্যা হৈছে ৯৩,৭৬,০৩০ আৰু ফ্ৰন্টলাইন কৰ্মীৰ সংখ্যা হৈছে ৫৩,৯৪,০৯৮ জন। তেওঁ তদুপৰি মিছা তথ্য আৰু উৰাবাতৰি বিয়পোৱা কাৰ্য প্ৰতিৰোধ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সমন্বয়নত নিয়োজিত কৰা যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সন্দৰ্ভতো ব্যক্ত কৰে।

ডাঃ পালে অৱগত কৰে যে টিকাদান ক’ভাৰেজ আগবঢ়োৱাৰ ক্ষেত্ৰত সম্প্ৰতি ভাৰত ৬ষ্ঠ স্থানত আছে আৰু শীঘ্ৰেই অহা কেইটামান দিনতে ৩য় স্থানলৈ আগবাঢ়ি আহিব; অদ্যপি ২৩ লাখ টিকাদানৰ বিপৰীতে ১৬ এইএফআই চিকিৎসাধীন হোৱাটোৱে মুঠ টিকাদানৰ মাত্ৰ ০.০০০৭% ক প্ৰতিনিধিত্ব কৰিছে য’ত অদ্যপি টিকাদানৰ বাবে কোনো এইএফআই তীব্ৰ/গুৰুতৰ ঘটনা বা মৃত্যুৰ ঘটনা লাভ কৰা হোৱা নাই। তেওঁ তদুপৰি ভাৰতৰ দৈনিক নতুন ঘটনা বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহৰ তুলনাত কিদৰে সন্তুলিত হৈ আছে, সেয়াও মন্ত্ৰী গোটক অৱগত কৰে।

মন্ত্ৰী গোটে ভাৰতীয় ভেকচিনৰ অৰ্থে আন ৰাষ্ট্ৰসমূহৰপৰা অনুৰোধ তথা ঘৰুৱা প্ৰয়োজনীয়তাৰ সন্তুলন সন্দৰ্ভত প্ৰসংগৰাজি আলোচনা কৰে। ফাৰ্মাচিউটিকেল বিভাগৰ সচিব আৰু এই প্ৰসংগসমূহৰ অৰ্থে গঠিত এনইজিভিএচিৰ ভিতৰত উপ-গোটৰ মুৰব্বী শ্ৰী যুতা এছ অপৰ্ণাই, এই সংক্ৰান্তত গ্ৰহণ কৰা ব্যৱস্থাৰাজি সন্দৰ্ভত মন্ত্ৰী গোটক অৱগত কৰে।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই বৈঠকত অংশগ্ৰহণ কৰা চৰকাৰী জ্যেষ্ঠ বিষয়াসকল হৈছে শ্ৰী প্ৰদীপ সিং খাৰ’লা, সচিব (অসামৰিক বিমান পৰিবহণ), ডঃ গুৰুপ্ৰসাদ মহাপাত্ৰ, সচিব (উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰোৎসাহন বিভাগ), ডঃ বলৰাম ভাৰ্গৱ, সচিব (স্বাস্থ্য গৱেষণা) ও সঞ্চালক প্ৰধান (আইচিএমআৰ), শ্ৰী ডাম্মু ৰবি, অতিৰিক্ত সচিব (বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়), শ্ৰী গোৱিন্দ মহান, অতিৰিক্ত সচিব (গৃহ পৰিক্ৰমা), শ্ৰীমতী নীৰজা শেখৰ, অতিৰিক্ত সচিব (তথ্য আৰু সম্প্ৰচাৰ), শ্ৰী অমিত যাদৱ, সঞ্চালক প্ৰধান, বৈদেশিক বাণিজ্য (ডিজিএফটি), ডঃ সুনীল কুমাৰ, ডিজিএইচএছ আৰু অন্যান্যসকল।

****

MV/SJ/SB



(Release ID: 1693074) Visitor Counter : 216