স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ বিৰোধী যুঁজত উল্লেখনীয় সাফল্য : ৬মাহ ২৪দিনৰ পিচত প্ৰথমবাৰৰ বাবে ২লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা
যোৱা ৭দিনত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে নতুনকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা সবতোকৈ কম হোৱা অন্যতম দেশ হিচাপে পৰিগণিত হৈছে ভাৰত
সৰ্বমুঠ ৬,৭৪,৮৩৫গৰাকী হিতাধিকাৰীৰ টীকাকৰণ সম্পন্ন
যোৱা ২৪ ঘণ্টাত সম্পন্ন হোৱা ৩,৮৬০টা অধিৱেশনত ২,২০,৭৮৬গৰাকী লোকৰ টীকাকৰণ
পোষ্ট কৰা হৈছে:
20 JAN 2021 12:34PM by PIB Guwahati
ক’ভিড-১৯ বিৰোধী যুঁজত আজি আন এক উল্লেখনীয় সাফল্য অৰ্জন কৰিছে ভাৰতে। আজিৰ তাৰিখত দেশত সক্ৰিয় ৰোগীৰ মুঠ সংখ্যা ২লাখৰ তললৈ অৱনমিত হৈ ১,৯৭,২০১গৰাকী হৈছেগৈ। আক্ৰান্তৰ বিপৰীতে অসুস্থ হৈ চিকিত্সাধীন হোৱা ৰোগীৰ শতকৰা হাৰ ১.৮৬% হৈছেহি। যোৱা ২৭ জুন, ২০২০ত ১,৯৭,৩৮৭৬গৰাকী সক্ৰিয় ৰোগীৰ পঞ্জীয়ণ হোৱাৰ ২০৭ দিনৰ পিচত এইটোৱেই হৈছে দেশত পঞ্জীয়ণ হোৱা সক্ৰিয় ৰোগীৰ সবাতোকৈ কম সংখ্যা।
ইফালে, যোৱা ২৪ ঘণ্টাত ১৬,৯৮৮গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰি চিকিত্সালয় এৰাৰ অনুমতি লাভ কৰিছে। ইয়াৰ ফলত সক্ৰিয় ৰোগীৰ মুঠ সংখ্যাৰ পৰা ৩৩২৭ৰ অৱনমন নিশ্চিত কৰা হৈছে।

৫খন ৰাজ্যতে ৭২% সক্ৰিয় ৰোগীৰ উপস্থিতি থকা বুলি তথ্য প্ৰকাশ কৰা হৈছে।

৩৪ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১০,০০০ৰো কম সংখ্যক সক্ৰিয় ৰোগী আছে

ভাৰতত নতুনকৈ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ ফলতে সক্ৰিয় ৰোগীৰ সংখ্যাও অৱনমিত হৈছে।

গোলকীয় প্ৰেক্ষাপটত যোৱা ৭দিনত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে নতুনকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা সবতোকৈ কম হোৱা অন্যতম দেশ হিচাপে পৰিগণিত হৈছে ভাৰত

২০ জানুৱাৰী ২০২১ৰ পুৱা ৭বজা পৰ্যন্ত দেশত সৰ্বমুঠ ৬,৭৪,৮৩৫গৰাকী হিতাধিকাৰীৰ টীকাকৰণ সম্পন্ন কৰা হৈছে। ইফালে, যোৱা ২৪ ঘণ্টাত সম্পন্ন হোৱা ৩,৮৬০টা শিবিৰত ২,২০,৭৮৬গৰাকী লোকৰ টীকাকৰণ সম্পন্ন হয়। এই পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তত টীকাকৰণৰ মুঠ ১১,৭২০টা অধিৱেশন অনুষ্ঠিত কৰা হৈছে।
|
ক্ৰমিক নং
|
ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল
|
প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা
|
|
1
|
আন্দামান আৰু নিকোবৰ
|
644
|
|
2
|
অন্ধ্ৰ প্ৰদেশ
|
65,597
|
|
3
|
অৰুণাচল প্ৰদেশ
|
2,805
|
|
4
|
অসম
|
7,585
|
|
5
|
বিহাৰ
|
47,395
|
|
6
|
চণ্ডীগড়
|
469
|
|
7
|
চত্তিশগড়
|
10,872
|
|
8
|
দাদ্ৰা আৰু নগৰ হাভেলী
|
125
|
|
9
|
দমন আৰু দিউ
|
94
|
|
10
|
দিল্লী
|
12,902
|
|
11
|
গোৱা
|
426
|
|
12
|
গুজৰাট
|
21,832
|
|
13
|
হাৰিয়াণা
|
28,771
|
|
14
|
হিমাচল প্ৰদেশ
|
5,049
|
|
15
|
জম্মু আৰু কাশ্মীৰ
|
4,414
|
|
16
|
ঝাৰখণ্ড
|
8,808
|
|
17
|
কৰ্ণাটক
|
82,975
|
|
18
|
কেৰালা
|
24,007
|
|
19
|
লাডাখ
|
119
|
|
20
|
লাক্ষাদ্বীপ
|
369
|
|
21
|
মধ্য প্ৰদেশ
|
18,174
|
|
22
|
মহাৰাষ্ট্ৰ
|
33,484
|
|
23
|
মণিপুৰ
|
1111
|
|
24
|
মেঘালয়
|
1037
|
|
25
|
মিজোৰাম
|
1091
|
|
26
|
নাগালেণ্ড
|
2,360
|
|
27
|
ওড়িশা
|
60,797
|
|
28
|
পুডুচেৰী
|
759
|
|
29
|
পাঞ্জাৱ
|
5,567
|
|
30
|
ৰাজস্থান
|
32,379
|
|
31
|
ছিক্কিম
|
358
|
|
32
|
তামিল নাডু
|
25,908
|
|
33
|
তেলেংগাণা
|
69,405
|
|
34
|
ত্ৰিপুৰা
|
3,734
|
|
35
|
উত্তৰ প্ৰদেশ
|
22,644
|
|
36
|
উত্তৰাখণ্ড
|
6,119
|
|
37
|
পশ্চিম বংগ
|
43,559
|
|
38
|
অন্যন্য
|
21,091
|
|
|
মুঠ
|
6,74,835
|
ভাৰতত আৰোগ্য লাভ কৰা লোকৰ শতকৰা হাৰ আজি ৯৬.৭০% হৈছেগৈ। ইয়াকে লৈ দেশত আৰোগ্য লাভ কৰা মুঠ ব্যক্তিৰ সংখ্যা হৈছে ১,০২,৪৫,৭৪১গৰাকী।
ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৮০.৪৩%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, সৰ্বাধিক ৪,৫১৬গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে মহাৰাষ্ট্ৰই। এই তালিকাত ৪,২৯৬ আৰু ৮০৭গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু কৰ্ণাটক।

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৭৯.২%ই ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৬,১৮৬গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ২,২৯৪গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ।

দেশত কভিড-১৯ আক্ৰান্তৰ মৃত্যুৰ সংখ্যা দ্ৰুত গতিত অৱনমিত হৈ আজি ১৬২গৰাকীত সীমিত হৈছে।

ইফালে, শেহতীয়া ২৪ঘণ্টাত মৃত্যু সাৱটা ৭২.৯৯% মৃতকেই ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৫০গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালা আৰু পশ্চিম বংগত মৃত্যু হৈছে ক্ৰমে ২৬ আৰু ১১গৰাকী লোকৰ।

****
MV/SJ/KB
(ৰিলিজ আই ডি : 1690417)
অতিথি কক্ষ : 281
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam