স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৭ মাহৰ পিচত প্ৰথমবাৰৰ বাবে এদিনত সৰ্বনিম্ন সংখ্যক আক্ৰান্ত; ২৪ ঘণ্টাত ১০,০৬৪গৰাকীৰ দেহত সংক্ৰমণৰ নিশ্চিতি

সক্ৰিয় ৰোগীৰ সংখ্যাতকৈ দুগুণৰো অধিক লোকক প্ৰতিষেধক প্ৰদান

Posted On: 19 JAN 2021 11:29AM by PIB Guwahati

গোলকীয় মহামাৰীবিধৰ বিৰুদ্ধে অব্যাহত যুঁজত ভাৰতে আৰু এটা সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। মতুনকৈ আক্ৰান্তৰ সৰ্বমুঠ সংখ্যা আজি এই পৰ্যন্ত সৰ্বনিম্ন বুলি নিশ্চিত কৰা হৈছে।

শেহতীয়া ২৪ ঘণ্টাত দেশত ১০,০৬৪গৰাকী ব্যক্তিৰ দেহত সংক্ৰমণ নিশ্চিত কৰ হয়। প্ৰণিধানযোগ্য যে, যোৱা ১২ জুন, ২০২০ত ১০,৯৫৬গৰাকী আক্ৰান্ত হোৱাৰ ৭ মাহৰ পিচত এই প্ৰথমবাৰ দেশত এটা দিনত ইমান কম সংখ্যক লোক আক্ৰান্ত হোৱা বুলি তথ্য নিশ্চিত কৰা হৈছে।

আজিৰ তাৰিখত দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা প্ৰায় ২লাখ(২,০০,৫২৮)লৈ অৱনমিত হয়।

সেই অনুসৰি দেশত মুঠ আক্ৰান্তৰ মাত্ৰ ১.৯০% লোকহে অসুস্থ হৈ চিকিত্সাধীন হবলগীয়া হৈছে।

নিতৌ আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত অৱনমিত হোৱাৰ বিপৰীতে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতিষেধক লোৱা ব্যক্তিৰ সংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ ধৰিছে। আজিৰ তাৰিখত সক্ৰিয় ৰোগীৰ সংখ্যাতকৈ দুগুণৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে।

শেহতীয়া ২৪ ঘণ্টাত দেশৰ বিভিন্ন ঠাইত সম্পন্ন কৰা টীকাকৰণ অভিযানৰ ৩,৯৩০টা খেপত মুঠ ২,২৩,৬৬৯গৰাকী ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াকে লৈ এই পৰ্যন্ত দেশত প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ মুঠ সংখ্যা হৈছেগৈ ৪,৫৪,০৪৯গৰাকী(৭,৮৬০টা স্থানত সম্পন্ন হোৱা অভিযানৰ জৰিয়তে)

বিভিন্ন ৰাজ্যত প্ৰতিষেধক গ্ৰহণ কৰা হিতাধিকাৰীৰ সংখ্যা তলত উল্লেখ কৰা ধৰণৰ :

 

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা

1

আন্দামান আৰু নিকোবৰ

442

2

অন্ধ্ৰ প্ৰদেশ

46,680

3

অৰুণাচল প্ৰদেশ

2,805

4

অসম

5,542

5

বিহাৰ

33,389

6

চণ্ডীগড়

265

7

চত্তিশগড়

10,872

8

দাদ্ৰা আৰু নগৰ হাভেলী

80

9

দমন আৰু দিউ

43

10

দিল্লী

7,968

11

গোৱা

426

12

গুজৰাট

10,787

13

হাৰিয়াণা

17,642

14

হিমাচল প্ৰদেশ

4,817

15

জম্মু আৰু কাশ্মীৰ

3,375

16

ঝাৰখণ্ড

6,059

17

কৰ্ণাটক

66,392

18

কেৰালা

15,477

19

লাডাখ

119

20

লাক্ষাদ্বীপ

201

21

মধ্য প্ৰদেশ

18,174

22

মহাৰাষ্ট্ৰ

18,582

23

মণিপুৰ

978

24

মেঘালয়

530

25

মিজোৰাম

554

26

নাগালেণ্ড

1,436

27

ওড়িশা

46,506

28

পুডুচেৰী

554

29

পাঞ্জাৱ

3,318

30

ৰাজস্থান

23,546

31

ছিক্কিম

120

32

তামিল নাডু

16,462

33

তেলেংগাণা

17,408

34

ত্ৰিপুৰা

1,736

35

উত্তৰ প্ৰদেশ

22,644

36

উত্তৰাখণ্ড

4,237

37

পশ্চিম বংগ

29,866

38

অন্যন্য

14,017

 

 

নমুনা পৰীক্ষণ আন্তঃগাঁথনিৰ দ্ৰুত সংখ্যা বৃদ্ধিয়ে আক্ৰান্তৰ হাৰ অৱনমিত কৰাত বিশেষ ভাবে সহযোগিতা আগবঢ়াই আহিছে।

আজিৰ তাৰিখত ভাৰত সপ্তাহত আক্ৰান্তৰ হাৰ ১.৯৭% বুলি ঠাৱৰ কৰা হৈছে।

ইফালে, আক্ৰান্তৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ দেশৰ ২২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সপ্তাহত আক্ৰান্তৰ হাৰ কম বুলি নিশ্চিত কৰা হৈছে।

আনহাতে, আক্ৰান্তৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ দেশৰ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সপ্তাহত আক্ৰান্তৰ হাৰ অধিক হোৱা পৰিলক্ষিত হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু হোৱা কভিড আক্ৰান্তৰ সংখ্যা ১৩৭গৰাকী। প্ৰায় ৮টা মাহৰ পিচত এদিনত হোৱা মৃতকৰ সংখ্যা ১৪০ গৰাকীৰ তল(১৩৭গৰাকী)লৈ অৱনমিত হৈছে নিশ্চিত কৰা হয়। 

ভাৰতত আৰোগ্য লাভ কৰা লোকৰ শতকৰা হাৰ আজি ৯৬.৬৬% হৈছেগৈ। ইয়াকে লৈ দেশত আৰোগ্য লাভ কৰা মঠ ব্যক্তিৰ সংখ্যা ১,০২,২৮,৭৫৩গৰাকী হোৱাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা আজি ২,০৮,০১২গৰাকী বুলি নিশ্চিত কৰা হৈছে।

শেহতীয়া ২৪ ঘণ্টাত ১৭,৪১১গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে।

ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৮০.৪১%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, সৰ্বাধিক ৩,৯২১গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই এই তালিকাত ৩,৮৫৪ আৰু ১,৩০১গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু টত্তিশগড়

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৭১.৭৬%ই ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৩,৩৪৬গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ১,৯২৪ আৰু ৫৫১গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু তামিল নাডু

ইফালে, শেহতীয়া ২৪ঘণ্টাত মৃত্যু সাৱটা ৭২.৯৯% মৃতকেই ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৫গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালা আৰু পশ্চিম বংগত মৃত্যু হৈছে ক্ৰমে ১৭ আৰু ১০গৰাকী লোকৰ

 

****

MV/KB



(Release ID: 1690204) Visitor Counter : 157