স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

পৰীক্ষণৰ অভূতপূৰ্ব বৃদ্ধিৰে ভাৰতত ১৮কোটিতকৈ অধিক নমূনা পৰীক্ষা কৰা হৈছে

১৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ কম

তৃতীয় পৰ্যায়ৰ বিশাল ড্ৰাই ৰাণে ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬১৫খন জিলাৰ ৪,৮৯৫টা এলেকা সামৰি লৈছে

Posted On: 09 JAN 2021 12:20PM by PIB Guwahati

ভাৰতৰ ক’ভিডৰ নমূনাৰ পৰীক্ষণৰ অভূতপূৰ্ব বৃদ্ধিৰে সামগ্ৰিক পৰীক্ষণৰ সংখ্যা আজিৰ দিনটোত ১৮,০২,৫৩,৩১৫টালৈ বৃদ্ধি পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ৯,১৬,৯৫১টা নূমনা পৰীক্ষা কৰা হয়৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image001HEV7.jpg

দেশত একাদ্ৰিক্ৰমে বৃদ্ধি পোৱা পৰীক্ষাৰ আন্তঃগাঁথনিয়ে পৰীক্ষাৰ ব্যাপক বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ বৰ্তমান দেশত ১,২০১টা চৰকাৰী আৰু ১,১১৫টা বেচৰকাৰীসহ মুঠ ২,৩১৬টা পৰীক্ষাগাৰ আছে, যিবোৰে দৈনিক নমূনা পৰীক্ষা বৃদ্ধিত উদ্গনি যোগাইছে৷

অধিক হাৰত কৰা পৰীক্ষণে ৰাষ্ট্ৰীয় পজিটিভিটিৰ হাৰ হ্ৰাস পোৱাত উল্লেখযোগ্য অৰিহণা যোগাইছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image002RJKN.jpg

১৮কোটি লোকৰ পৰীক্ষণৰ পাছত সামগ্ৰিক পজিটিভিটিৰ হাৰ বিগত পাঁচৰ ৮.৯৩%ৰ পৰা ৫.৭৯%লৈ হ্ৰাস পাইছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image003HVZB.jpg

১৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ কম৷ বিহাৰৰ এই হাৰ সৰ্বনিম্ন ১.৪৪%৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image004D7F3.jpg

আজিৰ দিনটোত ভাৰতত প্ৰতি ১০লাখৰ বিপৰীতে ১,৩০,৬১৮.৩জন লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image00524U5.jpg

২২ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পজিটিভিটিৰ হাৰ প্ৰতি ১০লাখতৰ তুলনাত কম৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image00633S2.jpg

১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাষ্ট্ৰীয় গড় হাৰৰ তুলনা প্ৰতি ১০লাখ লোকৰ পৰীক্ষণ নিম্ন৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image007H308.jpg

বিগত ২৪ ঘণ্টাত দেশত ১৯,২৫৩গৰাকী ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ১৮,২২২গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান দেশত ১,২৪,১৯০গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ এই হাৰত মুঠ আক্ৰান্তৰ ২.১৫%৷ দেশত মুঠ আৰোগ্যৰ সংখ্যা ১,০০,৫৬,৫৬১জন হৈছে৷ আৰোগ্যৰ হাৰ ৯৬.৪১%লৈ উন্নীত হৈছে৷

আৰোগ্য ৰোগী ৭৮.৮৯%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাৰ সৰ্বাধিক ৫,৩২৪জনৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত ক্ৰমে ২,৮৯০ আৰু ১,১৩৬জন ৰোগী আৰোগ্য হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image0084JQ7.jpg

ইফালে, নতুন আক্ৰান্ত মুঠ ১৮,২২জনৰ ৭৯.৮৩% লোক ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাত সৰ্বাধিক ৫,১৪২ আৰু মহাৰাষ্ট্ৰত ৩,৬৯৩ আৰু পশ্চিমবংগত ৯৭০জন আক্ৰান্ত হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image009FF24.jpg

বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা ২২৮জন ক’ভিড ৰোগীৰ ৭৬.৩২% ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৭৩জনৰ বিপৰীতে পশ্চিমবংগ আৰু কেৰালাত ক্ৰমে ২৩ আৰু ২১জন ৰোগীৰ মৃত্যু হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image010Y7KE.jpg

তৃতীয় পৰ্যায়ৰ বিশাল অনুশীলন কালি আয়োজন কৰা হয়৷ ইয়াৰ অধীনত ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬১৫খন জিলাৰ ৪,৮৯৫টা এলেকা সামৰি লোৱা হৈছে৷

 

****

MV/SJ/DB

 



(Release ID: 1687404) Visitor Counter : 176