স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

অভূতপূৰ্ব শিখৰত আৰোহণ ভাৰতৰ, ক’ভিডৰপৰা মুঠ আৰোগ্য লাভে অতিক্ৰম কৰিলে ১ কোটিৰ সীমা

আৰোগ্য লাভৰ ঘটনা সক্ৰিয় ঘটনাৰ ৪৪ গুণ

মুঠ আৰোগ্য লাভৰ ঘটনাৰ ৫১% পাঁচ ৰাজ্যৰ

Posted On: 07 JAN 2021 12:11PM by PIB Guwahati

’ভিডৰ বিৰুদ্ধে যুঁজখনত ভাৰতে আজি লক্ষ্যণীয় মাইলৰ খুটি অতিক্ৰম কৰিলে।

মুঠ আৰোগ্য লাভৰ ঘটনাই ১ কোটিৰ সীমা (১০,০১৬,৮৫৯) অতিক্ৰম কৰিলে। ভাৰতৰ আৰোগ্য লাভৰ ঘটনা বিশ্বখনৰ ভিতৰতে সৰ্বাধিক।

যোৱা ২৪ ঘন্টাত ১৯,৫৮৭ ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৯৬.৩৬% লৈ বৃদ্ধি পাইছে। সক্ৰিয় ঘটনা আৰু আৰোগ্য লাভৰ ঘটনাৰ মাজৰ ব্যৱধান নিৰবিচ্ছিন্নভাৱে বৃদ্ধি (৯৭,৮৮,৭৭৬) হৈ গৈ আছে।

আৰোগ্য লাভৰ ঘটনা সক্ৰিয় ঘটনাৰ ৪৪ গুণ।

আজি দেশখনত মুঠ পজিটিভ ঘটনাৰ সংখ্যা হয় ২,২৮,০৮৩ আৰু ইয়াৰ হাৰ হয় মুঠ ঘটনাৰ প্ৰায় ২.১৯%।

মুঠ আৰোগ্য লাভৰ ঘটনাৰ ৫১% হৈছে পাঁচ ৰাজ্যৰ যথাঃ— মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তামিল নাডু আৰু কেৰালা।

ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৯৬.৩৬%। ৰাষ্ট্ৰীয় ধাৰা অক্ষুন্ন ৰাখি সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য লাভৰ হাৰ ৯০% তকৈ অধিক হৈছে।

ভাৰতৰ আৰোগ্য লাভৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক। ভাৰততকৈ আন ৰাষ্ট্ৰসমূহৰ অধিক কেছল’ডৰ বিপৰীতে আৰোগ্য লাভৰ হাৰ নিম্ন হৈ আছে।

টেষ্টিং আন্তঃগাঁথনি সম্প্ৰসাৰণৰ জৰিয়তে, ভাৰতৰ পজিটিভিটি হাৰো অৱনমিত হৈছে। দৈনিক পজিটিভিটি হাৰ ৩%ৰ নিম্ন হৈ ৰৈছে।

১৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাপ্তাহিক পজিটিভিটি হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৯.০৮% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এদিনত ৫,১১০ ৰ আৰোগ্য লাভেৰে কেৰালাই শীৰ্ষস্থান অধিকাৰ কৰাৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰত নতুন আৰোগ্য লাভৰ ঘটনা ২,৫৭০ টা।

নতুন নিশ্চিত ঘটনাৰ ৮৩.৮৮% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

যোৱা ২৪ ঘন্টাত কেৰালাত এনে ঘটনাৰ সংখ্যা হৈছে ৬,৩৯৪ টা। কালি মহাৰাষ্ট্ৰত নতুন ঘটনা ৪,৩৮২ টাৰ বিপৰীতে চত্তীশগড়ত নতুন ঘটনাৰ সংখ্যা হৈছে ১,০৫০ টা।

যোৱা ২৪ ঘন্টাত ২২২ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে, ৬৭.৫৭% ছয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত হৈছে।

মহাৰাষ্ট্ৰত এদিনত মৃত্যুৰ ঘটনা সৰ্বাধিক ৬৬ টা। কেৰালাত ২৫ টা মৃত্যুৰ ঘটনাৰ বিপৰীতে পশ্চিম বংগত ২২ টা নতুন মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

****

MV/SJ/SB



(Release ID: 1686967) Visitor Counter : 199