স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে; বিগত ১২ দিনত দৈনিক মৃত্যুৰ সংখ্যা একেৰাহে ৩০০ৰ কম হৈছে

মুঠ চিকিৎসাধীন লোকৰ সংখ্যা ২.২৭ লাখেৰে ২.১৯%লৈ হ্ৰাস পাইছে

৭১জন লোকৰ দেহত চিনাক্ত হৈছে ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ভাইৰাছ

Posted On: 06 JAN 2021 11:09AM by PIB Guwahati

দেশত মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে৷ বিগত ১২ দিনত দৈনিক মৃত্যুৰ সংখ্যা একেৰাহে ৩০০ৰ কম হৈছে৷

দেশত চিনাক্তকৰণ, আগ্ৰাসী তথা ব্যাপক পৰীক্ষণৰ লগতে উন্নত মানৰ চিকিসা ব্যৱস্থাপনাই মৃত লোকৰ সংখ্যা হ্ৰাস কৰিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে আগতীয়া চিনাক্তকৰণ আৰু সেই লোকসকলক আছুতীয়াকৈ ৰখাৰ বাবে লোৱা ব্যৱস্থাই এই ক্ষেত্ৰত অৰিহণা যোগাইছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image001FA0G.jpg

বিগত ৭দিনত ভাৰতত প্ৰতি ১০লাখ লোকৰ বিপৰীতে এজন লোক নতুনকৈ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷ এইটোৱে কেন্দ্ৰীয় চৰকাৰৰ ফলপ্ৰসূ ক’ভিড ব্যৱস্থাপনা নীতিকে সূচাইছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image002P7OJ.jpg

আন এক সফলতা এই যে ভাৰতত মুঠ চিকিসাধীন ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে৷ আজি দেশত চিকিসাধীন ৰোগীৰ সংখ্যা হৈছে ২,২৭,৫৪৬জন৷ বৰ্তমান মুঠ আক্ৰান্তৰ কেৱল ২.১৯% ৰোগীহে চিকিসাধীন হৈ আছে৷

দৈনিক আক্ৰান্তৰ বিপৰীতে আৰোগ্য লোকৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতাই দেশত চিকিসাধীন ৰোগীৰ সংখ্যা হ্ৰাস কৰিছে৷ বিগত ২৪ ঘণ্টাত দেশত ২১,৩১৪জন লোকৰ আৰোগ্য হোৱাৰ বিপৰীতে ১৮,০৮৮জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ অৰ্থা এদিনতে দেশত চিকিসাধীন ৰোগীৰ সংখ্যা ৩,৪৯০জন হ্ৰাস পাইছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image003TF6P.jpg

http://static.pib.gov.in/WriteReadData/userfiles/image/image004I3OD.jpg

বিগত ৭দিনত প্ৰতি ১০লাখ লোকৰ বিপৰীতে ৯৬জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ ব্ৰাজিল, ৰাছিয়া, ফ্ৰান্স, ইটালী, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনত এই সংখ্যা অধিক হোৱা পৰিলক্ষিত হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image005YJJI.jpg

দেশত বৰ্তমানলৈকে আৰোগ্য লোকৰ সংখ্যা ৯৯,৯৭,২৭২জন অৰ্থা প্ৰায় ১কোটি হৈছে৷ আৰোগ্যৰ হাৰ ৯৬.৩৬% হৈছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৬.৪৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাৰ সৰ্বাধিক ৪,৯২২জনৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত ক্ৰমে ২,৮২৮ আৰু ১,৬৫১জন ৰোগী আৰোগ্য হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image006XCFK.jpg

ইফালে, নতুন আক্ৰান্তৰ ৭৯.০৫% লোক ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাত সৰ্বাধিক ৫,৬১৫ আৰু মহাৰাষ্ট্ৰত ৩,১৬০ আৰু চত্তীশগড়ত ১,০২১জন আক্ৰান্ত হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image007VT2I.jpg

বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা ২৬৪জন ক’ভিড ৰোগীৰ ৭৩.৪৮% ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৪জনৰ বিপৰীতে চত্তীশগড় আৰু কেৰালাত ক্ৰমে ২৫ আৰু ২৪জন ৰোগীৰ মৃত্যু হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image008SIYN.jpg

ইফালে, ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ন’ভেল ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭১জনলৈ বৃদ্ধি পোৱা বুলি তথ্য পোৱা গৈছে৷

****

MV/SJ/DB



(Release ID: 1686690) Visitor Counter : 216