স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিগত ২৪ ঘণ্টাত ১৬,৫০৫জন নতুন আক্ৰান্তৰে ভাৰতে দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাসৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে

৯৯.৫লাখেৰে ভাৰতৰ বিশ্বজনীন আৰোগ্যৰ সংখ্যা সৰ্বাধিক হৈছে

বিগত ১১ দিনত ১লাখ টা নমূনা পৰীক্ষা সম্পন্ন কৰা হৈছে

Posted On: 04 JAN 2021 10:50AM by PIB Guwahati

বহনক্ষম, সক্ৰিয় আৰু পৰীক্ষণমূলক দৃষ্টিভংগীৰে ভাৰতৰ দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাসৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে৷ বিগত ২৪ ঘণ্টাত দেশৰ মুঠ আক্ৰান্তৰ তালিকাত ১৬,৭০৪জন লোক যোগ হৈছে৷

দৈনিক নতুন আক্ৰান্তৰ সংখ্যা হ্ৰাসে চিকিৎসাধীন ৰোগীৰ সংখ্যাও হ্ৰাস কৰিছে৷ আজি ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২,৪৩,৯৫৩জন হৈছে৷ বৰ্তমান মুঠ আক্ৰান্তৰ বিপৰীতে চিকিৎসাধীন ৰোগীৰ হাৰ ২.৩৬ হৈছে৷ বিগত ২৪ ঘণ্টাতে নতুন আক্ৰান্ততকৈ ৩,২৬৭জন লোক অধিক আৰোগ্য হৈছে৷

ভাৰত মুঠ নমূনা পৰীক্ষাৰ সংখ্যা ১৭,৫৬,৭৬১টা হৈছে বিগত ২৪ ঘণ্টাত ৭,৩৫,৯৭৮টা নমূনা পৰীক্ষা কৰা হৈছে৷

ভাৰতত মুঠ পৰীক্ষাগাৰৰ সংখ্যা ২,২৯৯টালৈ বৃদ্ধি পাইছে৷ বিগত ১১ দিনত ১ কোটি নমূনা পৰীক্ষা কৰা হৈছে৷ উচ্চ হাৰৰ পৰীক্ষণে পজিটিভিটিৰ হাৰো হ্ৰাস কৰিছে৷

দৈনিক আক্ৰান্ততকৈ আৰোগ্য ৰোগীৰ সংখ্যা বৃদ্ধিয়ে ভাৰতত আৰোগ্যৰ সংখ্যা প্ৰায় ১ কোটি হৈছে৷ আজিলৈকে ৯৯,৪৬,৮৬৭জন ৰোগী আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৯৬.১৯% হৈছে৷

বিগত ২৪ ঘণ্টাত ১৯,৫৫৭জন ৰোগী আৰোগ্য হৈছে৷

আৰোগ্য ৰোগী ৭৬.৭৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাৰ সৰ্বাধিক৪,৬৬৮জনৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত ক্ৰমে ২,০৬৪ আৰু ১,৪৩২জন ৰোগী আৰোগ্য হৈছে৷

ইফালে, নতুন আক্ৰান্তৰ ৮৩.৯০% লোক ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ৷

ইয়াৰে কেৰালাত সৰ্বাধিক ৪,৬০০ আৰু মহাৰাষ্ট্ৰত ৩,২৮২ আৰু পশ্চিমবংগত ৮৯৬জন আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা ২১৪জন ক’ভিড ৰোগীৰ ৭৭.৫৭% ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৫জনৰ বিপৰীতে পশ্চিমবংগ আৰু কেৰালাত ক্ৰমে ২৬ আৰু ২৫জন ৰোগীৰ মৃত্যু হৈছে৷

 

****

MV/SJ/DB



(Release ID: 1686142) Visitor Counter : 175