প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে পদ্ধতি আৰু ব্যৱস্থাৰ একত্ৰীকৰণৰ মাজেৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণা তুলি ধৰিছে

দেশজুৰি ‘ন্যূনতম চৰকাৰী হস্তক্ষেপত সৰ্বোচ্চ প্ৰশাসনিক ব্যৱস্থা’ সুসংহত সেৱাৰ মাজেৰে বাস্তৱায়িত হৈছে

Posted On: 28 DEC 2020 1:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত প্ৰথমখন চালকবিহীন মেট্ৰো পৰিচালন সেৱা আজি উদ্বোধন কৰে, একে সময়তে তেওঁ দিল্লী মেট্ৰ’ৰ এয়াৰপোৰ্ট এক্সপ্ৰেছ লাইনত নেশ্যনেল কমন ম’বিলিটি কাৰ্ডৰো সূচনা কৰে। এই কাৰ্ড ব্যৱস্থা বিগত বছৰ আহমেদাবাদত আৰম্ভ হৈছিল। দিল্লী মেট্ৰ’ত এই কাৰ্ড ব্যৱস্থা আৰম্ভ কৰি শ্ৰী মোদীয়ে কয়, তেওঁৰ চৰকাৰৰ ‘ন্যূনতম চৰকাৰী হস্তক্ষেপত সৰ্বোচ্চ প্ৰশাসনিক ব্যৱস্থা’ৰ উদ্যোগৰ গুৰুত্বপূৰ্ণ দিশ হ’ল বিভিন্ন প্ৰক্ৰিয়াৰ একত্ৰীকৰণ ঘটোৱা, যাৰ মাজেৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’-ৰ ধাৰণাটো শক্তিশালী হয়।

 

কমন ম’বিলিটি কাৰ্ড প্ৰসঙ্গত শ্ৰী মোদীয়ে কয়, সমমানৰ সেৱা প্ৰদানৰ বিষয়টো আধুনিকীকৰণৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় স্তৰত কমন ম’বিলিটি কাৰ্ড এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কাৰ্ড ব্যৱহাৰ কৰি যাত্ৰীসকলে যিকোনো স্থানতে যিকোনো গণপৰিবহণত যাতায়াত কৰিব পাৰিব।


কমন মোবিলিটি কাৰ্ডৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, সহজ জীৱন যাত্ৰা নিশ্চিত কৰাৰ বাবে সকলো ক্ষেত্ৰতেই এই সুযোগ গঢ়ি তোলাৰ কাম ক্ষীপ্ৰতাৰে চলিছে। ইয়াৰ ফলত, দেশ জুৰি আৰু দক্ষতাৰে সমন্বিত পন্থাৰে ব্যৱস্থা গঢ়ি তোলা সম্ভৱ হ’ব। তেওঁ কয়, “এক দেশ, এক ম’বিলিটি কাৰ্ডৰ দৰে আমাৰ চৰকাৰে বিগত বছৰবোৰত দেশৰ বিভিন্ন ব্যৱস্থাৰ মাজেৰে সমন্বয়ৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে।”

 

এতিয়া ঘাইপথেৰে ‘এক দেশ, এক ফাষ্টেগ’ – ৰ মাধ্যমেৰে বাধাহীনভাৱে যাতায়াত কৰিব পৰা যাব। ইয়াৰ ফলত, যাত্ৰীসকলে যানজঁট আৰু পলম নোহোৱাকৈয়ে এটা স্থানৰ পৰা আন এক স্থানলৈ যাব পৰা যাব। ‘এক দেশ এক কৰ ব্যৱস্থা’ অৰ্থাৎ পণ্য আৰু সেৱা কৰৰ মাধ্যমেৰে দেশত কৰ ব্যৱস্থাৰ জটিলতা আঁতৰ কৰা হৈছে। এতিয়া পৰোক্ষ কৰৰ ক্ষেত্ৰত সমতা অনা হৈছে। দেশৰ প্ৰতিটো প্ৰান্ততে যথাযথ আৰু নিৰৱিচ্ছিন্ন বিদ্যুৎ সেৱাৰ বাবে ‘এক দেশ, এক পাৱাৰ গ্ৰিড’ আৰম্ভ হৈছে। ইয়াৰ ফলত, বিদ্যুতৰ অপচয় হ্ৰাস পাইছে।

 

‘এক দেশ, এক গেছ গ্ৰিড’ – ইয়াৰ মাধ্যমেৰে গেছ সেৱা নিৰৱিচ্ছিন্নভাৱে সৰবৰাহ নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত, পূৰ্বে য’ত গেছভিত্তিক জীৱন আৰু অৰ্থনীতি সপোন আছিল, আজি  সেয়া বাস্তৱায়িত হৈছে। লাখ লাখ মানুহে এক স্বাস্থ্য বীমা প্ৰকল্প অৰ্থাৎ আয়ুষ্মান ভাৰতৰ সুবিধা দেশৰ যিকোনো প্ৰান্ততে গ্ৰহণ কৰিব পৰা গৈছে। আজি ‘এক দেশ, এক ৰেচন কাৰ্ড’ – ইয়াৰ মাধ্যমেৰে দেশৰ নাগৰিকসকলে যিকোনো স্থানতে নতুন ৰেচন কাৰ্ড নবনোৱাকৈয়ে ৰেচন সংগ্ৰহ কৰিব পাৰিছে। আৰু এতিয়া দেশ নতুন কৃষি সংস্কাৰ আৰু e-naam ব্যৱস্থাৰ সহায়ত এক দেশ এক কৃষিবজাৰ ব্যৱস্থাৰে আগুৱাই যাবলৈ সক্ষম হৈছে।

 

****

DS/RD



(Release ID: 1684297) Visitor Counter : 127