স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰেক্ষাপটত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতি-দৈনিক নতুন আক্ৰান্ত সংখ্যা ৬ মাহৰ পাছত ১৮,৭৩২লৈ হ্ৰাস

১৭০ দিনৰ পাছত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২.৭৮লাখলৈ অৱনমিত

Posted On: 27 DEC 2020 10:53AM by PIB Guwahati

বিশ্ব মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতে এক উল্লেখ্যযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে৷

৬মাহৰ পাছত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ১৯,০০০তকৈ কম হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১৮,৭৩২জনৰ দেহত ক’ভিড পোৱা গৈছে৷ ২০২০ৰ ১ জুলাইত এটা দিনৰ নতুন আক্ৰান্তৰ সংখ্যা ১৮,৬৫৩ আছিল৷

WhatsApp Image 2020-12-27 at 10.00.34 AM.jpeg

আজি ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২,৭৮,৬৯০জনলৈ হ্ৰাস পাইছে৷ যিটো ১৭০দিনৰ পাছক সৰ্বনিম্ন হৈছে৷ ২০২০ৰ ১০ জুলাইত এই পৰিমাণ আছিল ২,৭৬,৬৮২জন৷

দেশত ক্ৰমাগতভাৱে চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাই আহিছে৷ ভাৰতত বৰ্তমান মুঠ আক্ৰান্তৰ বিপৰীতে কেৱল ২.৭৪শতাংশ ৰোগীহে চিকিৎসাধীন হৈ আছে৷

বিহত ২৪ ঘণ্টাত ২১,৪৩০জন ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ ফলত নতুন আক্ৰান্ততকৈ ২,৯৭৭জন অধিক আৰোগ্য হৈছে৷

WhatsApp Image 2020-12-27 at 10.08.20 AM.jpeg

দেশত মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৯৭,৬১,৫৩৮জন হৈছে৷ বৰ্তমান মুঠ আৰোগ্য আৰু চিকিৎসাধীন ৰোগীৰ মাজৰ ব্যৱধান ৯৪,৮২,৮৪৮জনলৈ বৃদ্ধি পাইছে৷

এই বৰ্ধিত ব্যৱধানৰ পৰিপ্ৰেক্ষিতত দেশত আৰোগ্যৰ হাৰ ৯৫.৮২শতাংশলৈ উন্নীত হৈছে৷

নতুন আৰোগ্য হোৱা ৰোগীৰ ৭২.৩৭%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰদ কেৰালাত সৰ্বাধিক ৩,৭৮২জনৰ বিপৰীতে পশ্চিমবংগ আৰু চত্তীশগড়ত ক্ৰমে ১,৮৬১ আৰু ১,৭৬৪জন ৰোগী আৰোগ্য হৈছে৷

WhatsApp Image 2020-12-27 at 9.54.24 AM.jpeg

নতুন আক্ৰান্তৰ ৭৬.৫২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে ভিতৰত কেৰালাত সৰ্বাধিক ৩,৫২৭জনৰ লগতে মহাৰাষ্ট্ৰত ২,৮৫৪জন লোক আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-12-27 at 9.51.45 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ২৭৯জন ৰোগীৰ মৃত্যু হৈছে.

ইয়াৰে ৭৫.২৭%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬০জনৰ লগতে পশ্চিমবংগ আৰু দিল্লীত ক্ৰমে ৩৩ আৰু ২৩জন ৰোগীৰ মৃত্যু হৈছে৷

WhatsApp Image 2020-12-27 at 9.53.14 AM.jpeg

****

MV/SJ/DB



(Release ID: 1684068) Visitor Counter : 122